ধেমাজি, ২৮ ছেপ্টেম্বৰ: ধেমাজি জিলাৰ ঘুগুহাত শনিবাৰে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ উপস্থিতিত বৃহৎ যোগদান সভা অনুষ্ঠিত হয় । আবেলি আয়োজিত এই যোগদান সভাত যুৱ সমাজকৰ্মী নৱজিৎ গগৈসহ পাঁচ শতাধিক লোকে আনুষ্ঠানিকভাৱে যোগদান কৰে ৰাইজ দলত ৷ এই সভাতেই চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ অহা ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত চিচিবৰগাঁও সমষ্টিটো ৰাইজৰ দলে দখল কৰিব বুলি দাবী কৰে দলটোৰ সভাপতি তথা বিধায়কগৰাকীয়ে ৷
- মুখ্য়মন্ত্ৰীৰ বিৰুদ্ধে সৰৱ অখিল গগৈ
ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে মুখ্য়মন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ কয়,"অসমৰ আটাইতকৈ দুই নম্বৰী কেলেংকাৰীৰ মানুহজনেই হৈছে হিমন্ত বিশ্ব শৰ্মা । তেওঁ অসমৰ পৰিৱৰ্তন আনিব বিচৰা কথাটো হাস্যকৰ ৷" নতুনকৈ গঠিত চিচিবৰগাঁও বিধানসভা সমষ্টিটো ২০২৬ চনত ৰাইজৰ দলে বিজয়ী হ'ব বুলি দাবী কৰি দলটোৰ সভাপতিগৰাকীয়ে কয়, "ধেমাজি জিলাত নতুনকৈ গঠন হোৱা চিচিবৰগাঁও সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিব ৷ যাৰ বাবে সংৰক্ষণমুক্ত চিচিবৰগাঁও সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থীৰ বাবে দলে বলে ৰাইজে যোগদান কৰিছে ।"
- ১৫-২০ গৰাকী বিধায়ক দেখিলে মুখ্যমন্ত্ৰী মুৰ্চা যাব
দলটোৰ সভাপতি অখিল গগৈয়ে পুনৰ কয়, "ৰাইজৰ দলটোৱে সংকল্প লৈছে আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনত দলটোৰ পৰা ১৫-২০ গৰাকী বিধায়ক বিজয়ী কৰাব । ১৫-২০ গৰাকী বিধায়ক দেখিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুৰ্চা যাব ৷" লগতে বিধায়কগৰাকীয়ে আন কেইবাটাও বিষয় আৰু সমস্যাৰ ওপৰত চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে । এই যোগদান সভাত ৰাইজৰ দলৰ নেতা-কৰ্মীৰ লগতে ধেমাজি জিলা কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷