ETV Bharat / state

এতিয়া 'কা' বাতিলৰ পথ প্ৰশস্ত হ’ল: আশাবাদী অখিল গগৈ

উচ্চতম ন্যায়ালয়ৰ আজিৰ ৰায়দানে অসমৰ ক্ষেত্ৰত CAA বাতিলৰ বাট মুকলি কৰিলে ৷ উচ্চতম ন্যায়ালয়ৰ ৰায়দানক লৈ উৎসাহী অখিল গগৈ ৷

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

SECTION 6A OF CITIZENSHIP ACT
ৰাইজৰ দলৰ সভাপতি অখিল গগৈ (ETV Bharat Assam)

গুৱাহাটী, ১৭ অক্টোবৰ : "১৯৭১ চনৰ ২৫ মাৰ্চক অসমৰ নাগৰিকত্বৰ ভিত্তিবৰ্ষৰূপে উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে কৰা ৰায়দানে অসমৰ ক্ষেত্ৰত CAA বাতিলৰ বাট মুকলি কৰিলে ৷" উচ্চতম ন্যায়ালয়ৰ বহুচৰ্চিত এই ৰায়দানৰ পাছত CAA অসমৰ পৰা বাতিল হ’ব বুলি এইদৰে আশাবাদী হৈ পৰিছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ । উচ্চতম ন্যায়ালয়ত আবেদন কৰিলে অসমত CAA বাতিলৰ ক্ষেত্ৰত ইতিবাচক ফল পাব পাৰো বুলি মন্তব্য কৰিছে অখিল গগৈয়ে ।

লগতে পঢ়ক: '৫১ নহয়, ১৯৭১ চন বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ; উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

অখিল গগৈৰ মন্তব্য- “অসম সন্মিলিত মহাসংঘই উচ্চতম ন্যায়ালয়ত অসমৰ নাগৰিকত্বৰ ভিত্তিবৰ্ষক লৈ যি আবেদন কৰিছিল সেই আবেদনৰ ৰায়দান কৰিছে । উচ্চতম ন্যায়ালয়ৰ ৰায়দানে আজি অসমৰ নাগৰিকত্বৰ ভিত্তিবৰ্ষৰ বিষয়টো ওৰ পেলাইছে ৷”

চিৰকালৰ বাবে নাইকীয়া হ’ল অসমৰ নাগৰিকত্বৰ ভিত্তিবৰ্ষৰ বিতৰ্ক:

অসমৰ নাগৰিকত্বৰ ভিত্তিবৰ্ষৰ বিষয়টো লৈ যোৱা কেইবাটাও দশক ধৰি উত্তাল হৈ আহিছিল অসমৰ সমাজ-ৰাজনীতি । উচ্চতম ন্যায়ালয়ৰ এই ঐতিহাসিক ৰায়দানৰ পিছত এতিয়াৰ পৰা এইটো বিষয়ত বিতৰ্কৰ ওৰ পৰিল বুলি অখিল গগৈয়ে মন্তব্য কৰি ক’লে, “উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানৰ পিছত অসমৰ নাগৰিকত্বৰ ভিত্তিবৰ্ষ প্ৰশ্নটো চিৰকালৰ বাবে নাইকীয়া হৈ গৈছে । ১৯৭১ চনৰ ২৫ মাৰ্চক ভিত্তিবৰ্ষ হিচাবে ঘোষণা কৰাৰ পাছত এতিয়া চৰকাৰে দায়িত্ব গ্ৰহণ কৰিব লাগিব আৰু চৰকাৰকো সেইদৰে নিৰ্দেশ দিছে যে ১৯৭১চনৰ পিছত অহা সকলো বিদেশী নাগৰিককে জাতি-ধৰ্ম-নিৰ্বিশেষে সকলোকে বহিষ্কাৰৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ।”

লগতে পঢ়ক: উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ নিৰীক্ষণত সমাধান কৰা হ’ব অবৈধ অনুপ্ৰৱেশকাৰীৰ সমস্যা

অসমত এতিয়া CAA যে প্ৰযোজ্য নহ’ব:

উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ৰ ৫ জনীয়া সাংবিধানিক বিচাৰপীঠৰ ঐতিহাসিক ৰায়টোত স্পষ্টকৈ কোৱা হৈছে- ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত হোৱা আৰু ভাৰতৰ নাগৰিকত্ব আইন ১৯৫৫ৰ ৬(ক) বৈধ, সেইটো সাংবিধানিক । অৰ্থাৎ অসমৰ ক্ষেত্ৰত ১৯৭১ৰ যি ভিত্তিবৰ্ষ আছিল সেয়া সাংবিধানিকভাৱে বৈধ ঘোষণা কৰিলে উচ্চতম ন্যায়ালয়ে ৷ এই প্ৰসংগ উত্থাপন কৰি অখিল গগৈৰ মন্তব্য, “আজিৰ ৰায়দানৰ আটাইতকৈ ইতিবাচক দিশটো হ’ল- এইটো অসমৰ বাবে সংবিধানৰ স্পেছিয়েল প্ৰভিজন দিছিল, অসমৰ বাবে Non Obstructive Clause ৷ সেয়ে এই ৰায়দানৰ পিছত অসমত CAA যে প্ৰযোজ্য নহয়, ১৯৭১ চনৰ পিছৰ কোনো বিদেশীয়ে যে অসমত নাগৰিকত্ব পাব নোৱাৰে তাৰ সাংবিধানিক বৈধতা আছে ৷”

উচ্চতম ন্যায়ালয়ত CAAৰ বিৰুদ্ধে আবেদন জনাব লাগে আমি:

CAAৰ বিৰোধিতা কৰি ২১মাহ কাৰাবাস খটা অখিল গগৈয়ে সৰ্বোচ্চ ন্যায়ালয়ে ১৯৭১ চনৰ ২৫ মাৰ্চক অসমৰ নাগৰিকত্বৰ ভিত্তিবৰ্ষৰ বাহাল ৰখাৰ পাছত CAA বাতিল হোৱা পূৰ্ণ আশা দেখিছে সৰ্বোচ্চ ন্যায়ালয়ে ১৯৭১ চনৰ ২৫ মাৰ্চক অসমৰ নাগৰিকত্বৰ ভিত্তিবৰ্ষৰ বাহাল ৰখাৰ পাছত । এই ৰায়দানৰ ভিত্তিত CAAৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন জনাবলৈ CAA বিৰোধীসকলক আহ্বান অখিল গগৈৰ ৷ গগৈৰ মন্তব্য, “ মই ৰাইজৰ দলৰ হৈ ক’ব বিচাৰো যে আজিৰ এই ৰায়দানৰ পাছত CAA নামৰ অবৈধ, অসাংবিধানিক সাম্প্ৰদায়িক যিখন আইন অসমৰ ওপৰত জাপি দিয়া হৈছে এইখন যে অসমৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব তাকে প্ৰমাণ কৰিলে ৷

লগতে পঢ়ক: ”অবৈধ নাগৰিকৰ পক্ষতে উচ্চতম ন্যায়ালয়ে ৰায়দান কৰিলে: মতিউৰ ৰহমান

যিসকলে CAAৰ বিৰোধিতা কৰে সকলোকে মই অনুৰোধ জনাইছো যে উচ্চতম ন্যায়ালয়ৰ ওচৰত আমি CAA খন যে এতিয়া অসমৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব সেয়া আবেদন জনাব লাগে ৷ যদি উচ্চতম ন্যায়ালয়ত আবেদন কৰো তেন্তে আমি CAA বাতিলৰ ক্ষেত্ৰত আমি ইতিবাচক ফল পাব পাৰো ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.