ETV Bharat / state

সাধাৰণ জনতাৰ অজ্ঞতাৰ সুযোগ লৈ চৰকাৰে ৰাইজক ৰাম ঠগন দি আছে : অখিল গগৈ - Assam Flood 2024

MLA Akhil Gogoi in Kaliabor : আশ্ৰয় শিৱিৰত বান সাহায্য প্ৰদান কৰাৰ সন্দৰ্ভত অখিল গগৈৰ বিস্ফোৰণ । বানাক্ৰান্তই নিয়ম মতে পাবলগীয়া খাদ্য সামগ্ৰী আৰু পশুখাদ্য পাইছেনে বুলি প্ৰশ্ন গগৈৰ । পশুখাদ্য বিচাৰি আবেদন লৈ মহকুমাধিপতি কাৰ্যালয়ত উপস্থিত পশুপালক ।

author img

By ETV Bharat Assamese Team

Published : Jul 6, 2024, 3:02 PM IST

Akhil Gogoi reacts to flood relief at shelter camps in Kaliabor
বান সাহায্য প্ৰদান কৰাৰ সন্দৰ্ভত অখিল গগৈৰ বিস্ফোৰণ (ETV Bharat Assam)

কলিয়াবৰ, ৬ জুলাই : ৰাজ্যত চৌদিশে এতিয়া বানাক্ৰান্তৰ হাহাকাৰ । নিজৰ ঘৰখন এৰি অস্থায়ী শিবিৰত, পথৰ দাঁতি, ওখ ঠাইত আশ্ৰয় লৈছে বানাক্ৰান্তই । সামান্য এখন চালিৰ তলত মাটিয়ে-বালিয়ে পৰি আছে ৰাজ্যৰ লাখ-লাখ লোক । লগত লৈ আহিছে পোহনীয়া গৰু-ম'হ, ছাগলী, হাঁহ-কুকুৰা আদি ।

বহু ঠাইত খাদ্য-খোৱাপানীৰ পৰা বঞ্চিত হৈ আছে দুৰ্ভগীয়া বানাক্ৰান্ত । লগতে ভোকত ককবকাইছে পোহনীয়া পশু । খাদ্য সামগ্ৰীৰ নামত চাউল-দাইল কেইটামান ক'ৰবাত পাইছে যদিও আশ্ৰয় শিবিৰত থকা এগৰাকী বানাক্ৰান্তই চৰকাৰী নিয়মত কিমান খাদ্য সামগ্ৰী বা অনান্য সা-সুবিধা পাব লাগে সেই বিষয়ে অজ্ঞাত বানাক্ৰান্ত ।

এইক্ষেত্ৰত বানাক্ৰান্তৰ খা-খবৰ লৈ হাতীমূৰা মথাউৰি পৰিদৰ্শন কৰিবলৈ কলিয়াবৰত শুকুৰবাৰে আহি উপস্থিত হোৱা শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ শীৰ্ষ নেতা অখিল গগৈয়ে বানাক্ৰান্তই আশ্ৰয় শিবিৰত পাবলগীয়া খাদ্য সামগ্ৰী আৰু আন সুবিধাৰ বিষয়ে দাঙি ধৰে কেতবোৰ বিস্ফোৰক তথ্য ।

এই সন্দৰ্ভত অখিল গগৈয়ে কয়, "এই চৰকাৰখনে আজি-কালি বহুত ডাঙৰ-ডাঙৰ কথা কয়; বাস্তৱত কিন্তু তাৰ সম্পূৰ্ণ ওলোটা ছবি এখনহে দেখা যায় । যেতিয়া কোনো লোক যিকোনো কাৰণতে নহওক ঘৰ এৰি যদি আশ্ৰয় শিবিৰত থাকে, তেতিয়া এজন প্ৰাপ্তবয়স্ক লোকে দৈনিক ৬০০ গ্ৰাম চাউল পাব লাগে, এগৰাকী শিশুৱে পাব লাগে ৪০০ গ্ৰাম চাউল । তদুপৰি, দৈনিক খোৰাকীৰ বাবে এগৰাকী শিশুৱে পাব লাগে ৪৫ টকা আৰু প্ৰাপ্তবয়স্ক এজন লোকে পাব লাগে ৬০ টকা । এই সামগ্ৰীসমূহ কোনোবাই পাইছেনে ? প্ৰশাসনে দিছেনে ? খবৰ ল'লে গম পাব কোনেও পোৱা নাই ।"

লগতে গগৈয়ে কয়, "পশুৰ বাবেও চৰকাৰী হিচাপত প্ৰতিটো ম'হৰ বাবে ৫ কেজি আৰু প্ৰতিটো গৰুৰ বাবে ৪ কেজি খাদ্য সামগ্ৰীৰ যোগান ধৰিব লাগে । ছাগলী, হাঁহ-কুকুৰাৰ বাবেও খাদ্য নিৰ্দ্ধাৰণ কৰা আছে । এইক্ষেত্ৰত সাধাৰণ ৰাইজৰ অজ্ঞতাৰ সুযোগ লৈ চৰকাৰখনে বা প্ৰশাসনে ৰাইজক কেনেকৈ ৰামঠগন দি আছে, শুনিলেই আচৰিত লাগে । এনেবোৰ বিষয়ত পীড়িত ৰাইজ আৰু সচেতন মহলে চকু দিয়াৰ দৰকাৰ । যাতে সাধাৰণ ৰাইজৰ অজ্ঞতাৰ সুযোগ লৈ বঞ্চনা কৰিব নোৱাৰে ।"

ইফালে, বানাক্ৰান্তক কলিয়াবৰ মহকুমা প্ৰশাসনে খাদ্য সামগ্ৰীকে ধৰি অনান্য প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰিছে যদিও বহু স্থানত পশুখাদ্য নোপোৱাৰ অভিযোগ উঠিছে । তেনে এক অভিযোগ উত্থাপন কৰে কলিয়াবৰৰ নাগশংকৰ গাঁৱৰ পশুপালনেৰে স্বাৱলম্বী হোৱা যুৱক ৰঞ্জিত পঞ্চাননে । যোৱা মঙলবাৰৰ পৰা বানৰ বাবে গৰু-ছাগলীবোৰ খাদ্য সংকটত ভুগিছে । স্থানীয় গ্ৰামপ্ৰধানৰ অৱহেলাৰ বাবে গাঁওখনৰ পোহনীয়া জীৱই যোৱা চাৰিদিন ধৰি খাবলৈ পোৱা নাই বুলি যুৱকজনে অভিযোগ উত্থাপন কৰে ।

এই সন্দৰ্ভত কলিয়াবৰ মহকুমা কাৰ্যালয়ত উপস্থিত হৈ এখন আবেদন দিয়ে যদিও গ্ৰামপ্ৰধানে পশু খাদ্য পাবলগীয়া লোকৰ তালিকা প্ৰশাসনক দিলেহে পশুখাদ্য দিব পৰা যাব বুলি জনাই এগৰাকী প্ৰশাসনিক বিষয়াই । কিন্তু মঙলবাৰেই গাঁওখন বানৰ কৱলত পৰে যদিও গ্ৰামপ্ৰধানে পোহনীয়া পশুৰ সংখ্যা আৰু গৰাকীৰ নামৰ তালিকা নিদিয়া বিষয়টোত গুৰুত্ব দিয়া দেখা নগ'ল প্ৰশাসনে ।

যুৱকজনে জনোৱা মতে, তেওঁক বান সাহায্য নালাগে, কিন্তু এইকেইদিনত গাখীৰ বিক্ৰী কৰিব নোৱৰাৰ বাবে পশুখাদ্যও যোগাৰ কৰিব পৰা নাই । তদুপৰি বানৰ কবলত পৰা ঘাঁহ গৰু-ছাগলীয়ে খালে ৰোগৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা থাকে । সেয়ে বিপদত পৰিছে পশুপালক ৰঞ্জিত পঞ্চানন ।

আনহাতে দুৰ্যোগ ব্যৱস্থাপনা আৰু প্ৰশমন বিভাগীয় নীতি অনুসৰি বান সাহায্য প্ৰতিদিনৰ হিচাপত কেনেদৰে পাব লাগে তাৰ তালিকা হৈছে :

চাউল দৈনিক

প্ৰাপ্তবয়স্ক ৬০০গ্ৰাম

শিশু ৪০০ গ্ৰাম

ডাইল ১০০/৩০ গ্ৰাম

তেল ৩০ গ্ৰাম

গুৰ ১০০ গ্ৰাম

নগদ সাহায্য দৈনিক

প্ৰাপ্তবয়স্ক ৬০ টকা

শিশু ৪৫ টকা

প্ৰতি পৰিয়াল কাপোৰ ১৮০০ টকা

বাচন ২০০০ টকা

পশু খাদ্য

গৰু ৪ কিঃগ্ৰাঃ

মহ ৫ কিঃগ্ৰাঃ

ঘোঁৰা ৫ কিঃগ্ৰাঃ

ভেৰা ১ কিঃগ্ৰাঃ

ছাগলী ১ কিঃগ্ৰাঃ

পশু নগদ সাহায্য

ডাঙৰ ৭০টকা

সৰু ৩৫ টকা

লগতে পঢ়ক: ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী উৰুলি পুঙা : অখিল গগৈ - Assam Flood 2024

বলিয়া বানৰ ভয়ংকৰ ৰূপ : তিনি হাজাৰ কোটিৰো অধিক আন্তঃগাঁথনি ক্ষতিৰ আশংকা - Assam Flood 2024

বান সাহাৰ্যৰ নামত কেন্দ্ৰৰ প্ৰতাৰণা : পাঁচ বছৰত ক্ষতিপূৰণ হিচাপে বিচৰা ১০৭৮৫ কোটি টকাৰ বিপৰীতে কিমান পালে অসমে ? - Assam flood 2024

বিলাসীপাৰাত বান সাহায্য লাভৰ পৰা বঞ্চিত গৰিষ্ঠসংখ্যক বন্যাৰ্ত - Flood In Bilasipara

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.