ETV Bharat / state

কা নামানো শ্ল'গানেৰে উত্তাল নগাঁও; সষ্টম আৰক্ষী

author img

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 1:55 PM IST

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত নগাঁও জিলাত কা বিৰোধী আন্দোলন । কা নামানো শ্ল'গানেৰে উত্তাল হ'ল নগাঁও । প্ৰতিবাদকাৰীক বাধা দিবলৈ সষ্টম আৰক্ষী-প্ৰশাসন ৷

AJYCP protest against CAA in nagaon
কা নামানো শ্ল'গানেৰে উত্তাল নগাঁও; সষ্টম আৰক্ষী
কা নামানো শ্ল'গানেৰে উত্তাল নগাঁও; সষ্টম আৰক্ষী

নগাঁও, 5 মাৰ্চ: পুনৰ ৰাজ্যত আৰম্ভ হ'ল কা বিৰোধী আন্দোলন । নাগৰিকত্ব সংশোধনী বিধেয়ক আইনলৈ পৰিণত হোৱাৰ পিছত সমগ্ৰ অসম উত্তাল কৰি তুলিছিল বিভিন্ন জাতীয়তাবাদী সংগঠনে । কিন্তু নাগৰিকত্ব সংশোধনী বিধেয়ক আইনলৈ পৰিণত হোৱাৰ পিছতো বলৱৎ হোৱা নাছিল এইখন আইন ।

কিন্তু লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত পুনৰ কা বিৰোধী আন্দোলনৰ কুচকাৱাজ আৰম্ভ কৰিছে বিভিন্ন দল-সংগঠনে । কাৰণ লোকসভা নিৰ্বাচনৰ পূৰ্বে কা বলৱৎ কৰাৰ কথা ঘোষণা কৰিছিল খোদ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷ ইয়াৰ পাছতেই ৰাজ্যত আৰম্ভ হৈছে কা বিৰোধী আন্দোলনৰ ব্যাপক প্ৰস্তুতি ।

মঙলবাৰে নগাঁৱত জাতিধ্বংসী কা ৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ।জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে কোনো কাৰণতে অসমত কা’ বলৱৎ হ’বলৈ নিদিয়াৰ হুংকাৰ প্ৰদান কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ । নগাঁও চহৰৰ মাজেৰে এক প্ৰতিবাদী সমদল উলিয়াই জিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপত উপস্থিত হয় সংগঠনটোৰ নেতা-কৰ্মী ।

কা নামানো শ্ল'গানেৰে প্ৰতিবাদকাৰীয়ে উত্তাল কৰি তোলে নগাঁৱৰ ৰাজপথ । জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত উপস্থিত হোৱাৰ সময়ত আৰক্ষীয়ে বাধা প্ৰদান কৰাৰো অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰীয়ে । আনকি জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত আৰক্ষী আৰু চি আৰ পি এফৰ বৃহৎ বাহিনী নিয়োগ কৰা পৰিলক্ষিত হয় ।

উল্লেখ কৰা প্ৰয়োজন যে, 4 মাৰ্চৰ পৰা আছুৰ নেতৃত্বত ৰাজ্যজুৰি কা বিৰোধী আন্দোলন হোৱাৰ কথা আছিল যদিও হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে আছুৱে স্থগিত ৰাখিলে কা বিৰোধী আন্দোলন ৷ 7 মাৰ্চৰ পৰা আছুকে ধৰি 30 টাকৈ জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত ৰাজ্যজুৰি আৰম্ভ হ’ব কা বিৰোধী আন্দোলনৰ কাৰ্যসূচী ।

লগতে পঢ়ক: কা বাতিলৰ দাবীত আমগুৰিত তীব্ৰ প্ৰতিবাদ, জি পি সিঙৰ ভূমিকাক সমালোচনা প্ৰতিবাদকাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.