ETV Bharat / state

কম খৰচত-কম সময়ত বিমানেৰে যাত্ৰা কৰক ভিন্ন স্থানলৈ ! - Travel by Flight at lower price - TRAVEL BY FLIGHT AT LOWER PRICE

Tezpur Airport: আপুনি কম খৰচত ভ্ৰমণ কৰিব বিচাৰে নেকি ? যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে দেশৰ ভিন্ন প্ৰান্তৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবেও কঢ়িয়াই আনিছে এক আশাৰ বতৰা ।

কম খৰচত আৰু কম সময়ত বিমানযোগে যাত্ৰা কৰক ভিন্ন স্থানলৈ

author img

By ETV Bharat Assamese Team

Published : Apr 2, 2024, 4:13 PM IST

তেজপুৰ,২ এপ্ৰিল: তেজপুৰ-লখিমপুৰৰ যাত্ৰীসকলৰ বাবে এক ভাল খবৰ । তেজপুৰ চহৰৰ পৰা লখিমপুৰ জিলালৈ যাবলৈ এতিয়া আৰু বিশেষ সময় আৰু ধনৰ অপচয় কৰিব নালাগে । মাত্ৰ ৪০ মিনিটৰ ভিতৰতে উপযুক্ত ভাড়াৰ বিনিময়ত লখিমপুৰ জিলা পাবগৈ পাৰিব তেজপুৰ-লখিমপুৰৰ যাত্ৰীসকলে । ভাৰতীয় বিমান সেৱাৰ তৰফৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ বিমানবন্দৰ সমূহত যোগাযোগ ব্যৱস্থা উন্নত কৰিবলৈ চৰকাৰৰ তৰফৰ পৰা এলায়েঞ্চ এয়াৰৰ জৰিয়তে গ্ৰহণ কৰা হৈছে এক বিশেষ ব্যৱস্থা ।

কম খৰচত আৰু কম সময়ত বিমানযোগে যাত্ৰা কৰক ভিন্ন স্থানলৈ
কম খৰচত আৰু কম সময়ত বিমানযোগে যাত্ৰা কৰক ভিন্ন স্থানলৈ

এলায়েঞ্চ এয়াৰৰ জৰিয়তে এতিয়া একেবাৰে কম খৰচত অৰ্থাৎ ১৫০ টকা টেক্স লৈ ৩৪৯ টকাত তেজপুৰৰ পৰা লখিমপুৰলৈ যাতায়ত কৰিব পাৰিব যাত্ৰীসকলে । ৰঙালী বিহু উপলক্ষে এলায়েঞ্চ বিমান সেৱাৰ তৰফৰ পৰা বিশেষ উপহাৰ দিয়া হৈছে বুলি জানিব পৰা গৈছে । তেজপুৰ বিমানবন্দৰৰ এলায়েঞ্চ বিমানৰ ষ্টেচন মেনেজাৰ আবু টায়েব খানে ইটিভি ভাৰতক জনোৱা অনুসৰি এলায়েঞ্চ বিমানে তেওঁলোকৰ যাত্ৰীৰ বাবে কমতকৈ কম খৰচত ভ্ৰমণ কৰোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।

কম খৰচত আৰু কম সময়ত তেজপুৰৰ পৰা অসমৰ বিভিন্ন স্থানলৈ বিমানৰে ভ্ৰমণ

তেওঁ কয় যে সপ্তাহত মাত্ৰ দুদিন এই বিমান যোগে তেজপুৰৰ পৰা লখিমপুৰ আৰু চুবুৰীয়া শ্বিলঙলৈ যাব পাৰিব । তেজপুৰৰ পৰা প্রতি বুধবাৰে আৰু শুকুৰবাৰে এই বিমান উপলব্ধ । পুৱা লখিমপুৰৰ পৰা এই বিমান তেজপুৰ পাবহি আৰু দুপৰীয়া তেজপুৰৰ পৰা লখিমপুৰলৈ যাব পাৰিব । তেওঁ কয় যে এই বিশেষ উপহাৰৰ বাবে ইতিমধ্যেই বহু যাত্রীয়ে আগতীয়াকৈ বিমানৰ টিকট বুকিং কৰিছে ।

মন কৰিবলগীয়া যে, তেজপুৰৰ পৰা লখিমপুৰ জিলালৈ পথৰ দুৰত্ব ২১৬ কিলোমিটাৰ আৰু বাছৰ খৰচ ৩৮০ টকাৰ পৰা ৫০০ টকা, লগতে সময় লাগে ৫ ঘণ্টা । আনহাতে তেজপুৰৰ পৰা গুৱাহাটীৰ বাবেও এলায়েঞ্চ বিমান সেৱাই মাত্ৰ ১০০০ টকাৰ ভিতৰত যাত্ৰাৰ সুবিধা প্ৰদান কৰিছে আৰু সপ্তাহত মাত্ৰ তিনিদিন বুধবাৰ, শুকুৰবাৰ আৰু দেওবাৰে এই সুবিধা উপলব্ধ বুলি জনাইছে ষ্টেছন মেনেজাৰ খানে । তেজপুৰৰ পৰা গুৱাহাটীলৈ টেক্সি চার্জ হল ২৫০০-৩০০০ টকা, লগতে সময় লাগে প্ৰায় ৪ ঘণ্টা আৰু বাছ ভাড়া ৩৮০-৫০০ টকা । গতিকে বিমানেৰে গ'লে কম সময়ৰ বিনিময়ত খৰচ হ'ব ৯৯৯ টকাৰ পৰা ১১০০ টকা । সময় আৰু ধন দুয়োটা অপচয় হোৱাৰ পৰা বাচিব পাৰে ।

তেজপুৰ বিমানবন্দৰক শালনিবাৰী বিমানবন্দৰ বুলি জনা যায় আৰু ই তেজপুৰৰ পৰা ৮ কিলোমিটাৰ দূৰত অৱস্থিত । ১৯৪২ চনৰ দ্বিতীয় বিশ্বযুদ্ধত ব্ৰিটিছে নিৰ্মাণ কৰিছিল এই বিমানবন্দৰ । এতিয়া ভাৰতৰ বিমানবন্দৰ কৰ্তৃত্বৰ অধীনলৈ অহা বিমানবন্দৰটোত এটা টাৰ্মিনেল আছে আৰু একেলগে ৪০০ যাত্ৰীয়ে অপেক্ষা কৰিব পাৰে । ৰাজহুৱা আৰু ব্যক্তিগত পৰিবহণৰ জৰিয়তে চহৰৰ সৈতে ইয়াৰ সুসংযোগ আছে । এই বিমানবন্দৰ তেজপুৰ বায়ুসেনাৰ ঘাটিৰ লগত সংলগ্ন ।

লগতে পঢ়ক: 2026ৰ এপ্ৰিলত যোৰহাট-মাজুলী সংযোগী দলং উদ্বোধনৰ সম্ভাৱনা - Himanta Biswa Sarma In Majuli

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.