ETV Bharat / state

অসম কৃষি বিশ্ববিদ্যালয়ত বৃহৎ কৃষি মেলাত সহস্ৰাধিক কৃষকৰ অংশগ্ৰহণ - অসম কৃষি বিশ্ববিদ্যালয়

Agricultural fair Jorhat: আই চি আৰ ফাৰ্মত হৰিৎ কৃষি মেলাৰ আয়োজন । এই মেলাত কৃষি কাৰিকৰী প্ৰদৰ্শন, উদ্যান শস্যৰ প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা অনুষ্ঠিত হয় ।

Assam Agricultural University
অসম কৃষি বিশ্ববিদ্যালয়
author img

By ETV Bharat Assamese Team

Published : Jan 20, 2024, 6:24 PM IST

অসম কৃষি বিশ্ববিদ্যালয়

যোৰহাট, ২০ জানুৱাৰী: অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত বিশ্ববিদ্যালয়ৰ যোৰহাটস্থিত মূল চৌহদৰ আই চি আৰ ফাৰ্মত আজি এখন বৃহৎ কৃষি মেলা অনুষ্ঠিত হয় । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সহস্ৰাধিক কৃষকে অংশগ্ৰহণ কৰা এই বৃহৎ কৃষি মেলাত অসম কৃষি বিশ্ববিদ্যালয়ৰ ১৭ টা বিভাগে অংশগ্ৰহণ কৰে । এই মেলাত কৃষি কাৰিকৰী প্ৰদৰ্শন, উদ্যান শস্যৰ প্ৰদৰ্শনী আৰু প্ৰতিযোগিতাৰ লগতে কৃষি যন্ত্ৰপাতি আৰু কাৰিকৰী কৌশলৰো প্ৰদৰ্শন কৰা হয় । লগতে নিৰ্বাচিত কৃষক উৎপাদক কোম্পানী আৰু কৃষক উৎপাদক সংস্থাৰ প্ৰতিনিধিৰ উপৰি বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়েও অংশগ্ৰহণ কৰে এই বৃহৎ কৃষি মেলাত ।

তদুপৰি উদ্যান শস্য প্ৰদৰ্শনী আৰু প্ৰতিযোগিতাত ব্যক্তিগত অংশগ্ৰহণকাৰীৰ লগতে চৰকাৰী তথা ব্যক্তিগত প্ৰতিষ্ঠান আৰু নাৰ্চাৰীয়ে অংশগ্ৰহণ কৰে । এই বৃহৎ কৃষি মেলাত ফুল, ফল, শাক-পাচলি, গুটি,ফুলৰ ফুলদানি আদি বিভিন্ন কৃষিজাত সামগ্ৰী প্ৰদৰ্শিত হয় । বৃহৎ কৃষি মেলাৰ লগত সংগতি ৰাখি বিদ্যালয় আৰু মহাবিদ্যালয়ৰ পৰ্যায়ত এখন কৃষি কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত হয় ।

অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যুৎ চন্দন ডেকাৰ পৌৰোহিত্যত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত মেলাখন উদ্বোধন কৰে বিশিষ্ট সাংবাদিক সঞ্জীৱ ফুকনে । আদৰণি ভাষণ প্ৰদান কৰে কৃষি গৱেষণা সঞ্চালক ড৹ সঞ্জয় কুমাৰ চেতিয়াই । অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত বিশ্ববিদ্যালয়ৰ যোৰহাটস্থিত মূল চৌহদৰ আই চি আৰ ফাৰ্মত অনুষ্ঠিত এই অনুষ্ঠানত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ উপ-সঞ্চালক ড৹ পি কে ৰায়ে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰা অনুষ্ঠানটোত সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড৹ মনোৰঞ্জন নেওগেও অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:বিজেপিৰ আন মুখ্যমন্ত্ৰীসকলক দুৰ্নীতি শিকাব পাৰিব হিমন্ত বিশ্বই: ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.