ETV Bharat / state

আজিৰে পৰা উজনি অসমৰ ৯ জিলাত অগ্নিবীৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ - Agniveer Recruitment

author img

By ETV Bharat Assamese Team

Published : Jul 15, 2024, 7:11 AM IST

Agniveer Recruitment in Tezpur : আজিৰে পৰা অনুষ্ঠিত হ'ব অগ্নিবীৰ নিযুক্তি প্ৰক্ৰিয়া ৷ তেজপুৰৰ মিছামাৰী সেনা ছাউনীৰ যশৱন্ত ষ্টেডিয়ামত অনুষ্ঠিত হ'ব এই নিযুক্তি প্ৰক্ৰিয়া ৷

Agniveer Recruitment in Tezpur
অগ্নিবীৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ (ETV Bharat Assam)

তেজপুৰ, ১৫ জুলাই : শোণিতপুৰৰ ব্লেজিং ছৰ্ড সংমণ্ডল আৰু জিলা প্ৰশাসনৰ সহযোগত আজি অৰ্থাৎ ১৫ জুলাইৰ পৰা ২৭ জুলাইলৈ অনুষ্ঠিত হ'ব অগ্নিবীৰ নিযুক্তি ৰেলী ৷ যাৰ বাবে দেওবাৰে মিছামাৰী সেনা ছাউনীৰ যশৱন্ত ষ্টেডিয়ামত সম্পন্ন কৰা হয় এই ৰেলীৰ প্ৰস্তুতিৰ চূড়ান্ত আখৰা আৰু পৰ্যালোচনা তথা পৰিদৰ্শন ৷

দেওবাৰে অনুষ্ঠিত হোৱা এই পৰিদৰ্শনৰ নেতৃত্ব দিয়ে এনই জ’ন শ্বিলঙৰ নিযুক্তি বিভাগৰ ডিডিজি ব্ৰিগেডিয়াৰ ৰাজীৱ কুমাৰে । পৰিদৰ্শনৰ সময়ত কাৰ্যবাহী দণ্ডাধীশ আইৰিছ আহমেদৰ লগতে জিলা প্ৰশাসনৰ সংশ্লিষ্ট বিভাগসমূহৰ অন্যান্য বিষয়া আৰু ৰেলীৰ বাবে সেনা বিষয়াসকলো উপস্থিত থাকে ।

লগতে পঢ়ক : ভাৰতীয় সেনাবাহিনীৰ উদ্যোগত অগ্নিবীৰৰ যোগ্যতা পৰীক্ষা - COUNSELLING PROGRAMME OF AGNIVEER

উল্লেখ্য যে, এই সমাৱেশৰ প্ৰথম চৰণ উজনি অসমৰ ৯ খন জিলা ক্ৰমে চৰাইদেউ, ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, লখিমপুৰ, মাজুলী, শিৱসাগৰ আৰু তিনিচুকীয়াৰ পৰা নিৰ্বাচিত কৰা প্ৰাৰ্থীৰ মাজত অনুষ্ঠিত হ’ব ৷ এই সমাৱেশৰ প্ৰথম চৰণ যোৰহাটৰ সেনা নিযুক্তি কাৰ্যালয়ৰ পৰিচালনাত ১৫ জুলাইৰ পৰা ২০ জুলাইলৈকে অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক : ২৩ ৰ পৰা ২৭ জুলাইলৈ মধ্য অসমৰ চাৰি জিলাত অগ্নিবীৰ নিযুক্তি সমাৱেশ - Agniveer recruitment

পৰৱৰ্তী পৰ্যায়ত ২৩ জুলাইৰ পৰা ২৭ জুলাইলৈকে মধ্য অসমৰ চাৰিখন জিলা ক্ৰমে শোণিতপুৰ, বিশ্বনাথ, নগাঁও আৰু মৰিগাঁৱৰ নিৰ্বাচিত প্ৰাৰ্থীৰ বাবে নিযুক্তি ৰেলী অনুষ্ঠিত কৰা হ’ব । যোৰহাট আৰু শ্বিলঙৰ নিযুক্তি কাৰ্যালয়ৰ সেনা বিষয়াই জনোৱা মতে, এই নিযুক্তি ৰেলীত ক্ৰমে উজনি অসমৰ ২০০০ ৰো অধিক প্ৰাৰ্থী আৰু মধ্য অসম জিলাৰ প্ৰায় ১২০০ প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ৷

মন কৰিবলগীয়া যে, ২০২৪ চনৰ এপ্ৰিল-মে’ মাহত প্ৰথম পৰ্যায়ত সমগ্ৰ দেশতে অনুষ্ঠিত হোৱা অনলাইন প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ ফলাফল ইতিমধ্যে ভাৰতীয় সেনাৰ অফিচিয়েল ৱেবছাইট www.joininidianarmy.nic.in ত আপলোড কৰা হৈছে । ইয়াৰ যোগেদি নিৰ্বাচিত প্ৰাৰ্থীৰ ফলাফল আৰু অন্যান্য গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰিব ।

লগতে পঢ়ক : ১৫ জুলাইৰ পৰা মিছামাৰীত ১৩ জিলাৰ অগ্নিবীৰ নিযুক্তি ৰেলী - Agniveer Recruitment

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.