ETV Bharat / state

নীপকোৰ পিচত এইবাৰ এনএইচপিচিয়েও এৰিলে সোৱণশিৰি প্ৰকল্পৰ পানী; শংকিত নৈপৰীয়া - NHPC releases excess water

author img

By ETV Bharat Assamese Team

Published : Jul 1, 2024, 12:02 PM IST

NHPC : শংকিত লখিমপুৰ আৰু ধেমাজিবাসী । নীপকোৰ পিচত এইবাৰ এনএইচপিচিয়েও এৰিলে প্ৰকল্পৰ পানী । প্ৰকল্পৰ নামনি দিশত বান হোৱাৰ আশংকা ।

After NEEPCO, NHPC also released excess water from NHPC project
এনএইচপিচিয়ে এৰিলে সোৱণশিৰি প্ৰকল্পৰ পানী (ETV Bharat)

লখিমপুৰ, 1 জুলাই: দুৰ্যোগৰ উপৰি দুৰ্যোগৰ সন্মুখীন লখিমপুৰ, ধেমাজিবাসী । নীপকোৰ সমানে এইবাৰ এনএইচপিচিয়েও এৰিলে সোৱণশিৰি প্ৰকল্পৰ পানী । উল্লেখযোগ্য যে, নীপকোৱে য়াজালীত থকা ৰঙানদী প্ৰকল্পৰ জলাধাৰত পানীৰ চাপ বৃদ্ধি হোৱাত যোৱা শনিবাৰৰ পুৱাৰে পৰা ৰঙানদী প্ৰকল্পৰ অতিৰিক্ত জলৰাশি এৰিবলৈ আৰম্ভ কৰে ৷

নীপকোৰ পিচত এইবাৰ এনএইচপিচিয়েও এৰিলে সোৱণশিৰি প্ৰকল্পৰ পানী, শংকিত নৈপৰীয়া (ETV Bharat)

শনিবাৰৰ পৰা নীপকোৱে একেৰাহে প্ৰকল্পৰ পানী এৰিয়েই আছে । জানিব পৰা মতে, ক্ৰমে এনেদৰে এৰি দিয়া পানীৰ পৰিমাণ বৃদ্ধি কৰি আছে নীপকোৱে। সোমবাৰৰ পুৱাই নীপকোৱে 22 শ মিলিমিটাৰ পৰ্যন্ত গেট খুলি দিয়ে । যাৰ বাবে প্ৰকল্পৰ অতিৰিক্ত জলৰাশি যোগ হৈ ৰঙানদীয়ে লখিমপুৰত বলিয়া ৰূপ ধাৰণ কৰিছে ৷ ৰঙানদীৰ ৰূপ দেখি শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ ।

শনিবাৰে নীপকোৱে লখিমপুৰ জিলা প্ৰশাসনলৈ এটা সতৰ্কবাৰ্তা প্ৰেৰণ কৰাৰ পাচতে প্ৰকল্পৰ পানী এৰি দিয়ে আৰু একেৰাহে তিনিদিন ধৰি গেট খুলি ৰাখিছে । সমান্তৰালভাৱে এৰি দিয়া পানীৰ পৰিমাণ বৃদ্ধি কৰি গৈ আছে ৷ ইতিমধ্যে লখিমপুৰ নগৰৰ সমীপৰ ৰঙানদী পৰীয়া অঞ্চলৰ পাচনৈত বানৰ তাণ্ডৱ আৰম্ভ হৈছে । ঘৰ-বাৰী, ৰাস্তা-পদূলি বানত ডুব গৈছে ।

লগতে পঢ়ক: NHPC বান্ধ সম্পূৰ্ণৰূপে ভাঙি দিয়াৰ দাবী জাতীয়তাবাদী যুৱ পৰিষদৰ - AJYCP on NHPC dam

এনে দুৰ্যোগপূৰ্ণ অৱস্থা অব্যাহত থকাৰ সময়তে সোমবাৰে নামনি সোৱণশিৰি প্ৰকল্পৰ পৰাও পানী এৰি দিয়া হৈছে । এনএইচপিচিয়ে প্ৰকল্পৰ নিয়ন্ত্রণ কক্ষৰ পৰা এটা বাৰ্তা প্ৰেৰণ কৰি প্ৰকল্পৰ উজনি অংশত পানীৰ চাপ বৃদ্ধি হোৱাত 16 হেজাৰ কিউমিক পানী সোৱণশিৰি নদীত এৰি দিয়া হ’ব বুলি উল্লেখ কৰে ৷

পুৱা পাঁচ বজাৰ পাচতে এনেদৰে পানী এৰি দিয়া হ’ব আৰু ইয়াৰ ফলত নামনিৰ ধেমাজি আৰু লখিমপুৰ জিলা অংশত বানৰ সৃষ্টি হ’ব পাৰে বুলি উল্লেখ কৰে । এই বাৰ্তাই এতিয়া সোৱণশিৰিৰ ৰাইজৰ মনত সৃষ্টি কৰিছে আতংকৰ ৷ এনেদৰে নদীখনত বৃহৎ পৰিমাণৰ পানী এৰি দিলে নামনি অংশত বিপৰ্যয়ৰ সূচনা হ’ব বুলি আশংকা প্ৰকাশ কৰিছে নৈপৰীয়া ৰাইজে ৷

এফালে ধাৰাসাৰ বৰষুণৰ ফলত জিলাখনৰ নদীসমূহৰ সৰহভাগৰ জলপৃষ্ঠই বিপদ সীমা অতিক্রম কৰাৰ সময়ত নীপকো আৰু এনএইচপিচিয়েও ৰঙানদী আৰু সোৱণশিৰিত বৃহৎ পৰিমাণৰ পানী মোকোলাই দিয়াত জিলাবাসীৰ মাজত সৃষ্টি হৈছে অবৰ্ণনীয় পৰিস্থিতিৰ ৷

লগতে পঢ়ক: ভূতৰ ওপৰত দানহ: লখিমপুৰত বানৰ মাজতে নীপকোৰ সতৰ্কবাৰ্তা - Lakhimpur flood 2024

নীপকোৱে এৰিলে ৰঙানদী বান্ধৰ পানী : লখিমপুৰত সতৰ্কতা জাৰি - Ranganadi dam

নীপকোৱেও এৰিলে প্ৰকল্পৰ পানী : ৰেমলৰ মাজতে লখিমপুৰত আন এক বিভীষিকা - NEEPCO releases excess water

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.