ETV Bharat / state

অম্বুবাচী মেলা উপভোগ কৰিবলৈ কোন পথেৰে যাব আপুনি ? - Ambubachi Mela 2024

author img

By ETV Bharat Assamese Team

Published : Jun 22, 2024, 1:03 PM IST

Ambubachi Mela : উখল-মাখল নীলাচলৰ বুকু । দেশ-বিদেশৰ ভক্ত-তীৰ্থযাত্ৰীৰে জনসমুদ্ৰলৈ পৰিণত হৈছে মা কামাখ্যা ধাম । ইয়াৰে মাজতে প্ৰশাসনে জাৰি কৰিছে কিছু নীতি-নিৰ্দেশনা । যান-বাহন চলাচলত কিছু বাধা-নিষেধ আৰোপ কৰিছে প্ৰশাসনে । কি কি এই নতুন নিৰ্দেশনা ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

Administration imposes restrictions on vehicular movement in Guwahati on the occasion of Ambubachi Mela
অম্বুবাচী মেলা উপভোগ কৰিবলৈ কোন পথেৰে যাব আপুনি ? (Google)

গুৱাহাটী, ২২ জুন: আজিৰে পৰা আৰম্ভ হৈছে শক্তিপীঠ কামাখ্যা ধামত মহা অম্বুবাচী । অম্বুবাচী মেলাক কেন্দ্ৰ কৰি গুৱাহাটী মহানগৰীত যান-বাহন চলাচলত বাধা-নিষেধ আৰোপ কৰিছে প্ৰশাসনে । আজিৰ পৰা আৰম্ভ হোৱা এই মহোৎসৱৰ পৰিপ্ৰেক্ষিতত গুৱাহাটীৰ কেইবাটাও পথত যান-বাহন চলাচলৰ ক্ষেত্রত বাধা-নিষেধ আৰোপ কৰে প্ৰশাসনে ।

বিশেষকৈ এই মহোৎসৱত অংশ লোৱাৰ উদ্দেশ্যে অহা তীর্থযাত্রী, ভক্ত, দিব্যাংগসকলৰ সুৰক্ষিত যাতায়াত নিশ্চিত কৰাৰ লগতে জৰুৰীকালীন সেৱাৰে জড়িত যান-বাহনৰ চলাচল সুচল কৰাৰ বাবে এই বাধা-নিষেধ আৰোপ কৰা হৈছে । শক্তিপীঠ কামাখ্যাত অনুষ্ঠিত অম্বুবাচী মহোৎসৱৰ বাবে আজি পুৱা ৫ বজাৰ পৰা ২৫ জুনৰ দুপৰ নিশা পর্যন্ত এই বাধা-নিষেধাজ্ঞা বাহাল থাকিব ।

কি কি নীতি-নিৰ্দেশনা ?

  • অম্বুবাচী মহোৎসৱৰ সময়ছোৱাত কামাখ্যা ফুটহিলৰ পৰা কামাখ্যা মন্দিৰলৈ কোনো বাহন চলাচল কৰিব নোৱাৰিব । অৱশ্যে প্রশাসনৰ অনুমতি লাভ কৰা বাহন চলাচলত কোনো বাধা নাথাকিব ।
  • জিলা প্রশাসনৰ অনুমতি থকা ফেৰী সেৱাৰ বাহনে পাণ্ডু কেবিন তিনিআলিৰ পৰা বংশী বাগানলৈ তীর্থযাত্রী, ভক্তক কঢ়িয়াব পাৰিব । অৱশ্যে বংশী বাগানৰ পৰা ফেৰী সেৱাৰ বাহন কামাখ্যা মন্দিৰলৈ যোৱাত নিষেধাজ্ঞা থাকিব ।
  • জালুকবাৰী দিশৰ পৰা তীর্থযাত্রী, ভক্ত কঢ়িওৱা বাহনসমূহে নীলাচল উৰণ সেতুৰ সেৱা ব্যৱহাৰ কৰিব পাৰিব । এইসমূহ বাহনে তিনি নং গেটত ভক্ত, তীর্থযাত্রীক নমাই পুনৰ উৰণ সেতুৰ তলেৰে ইউটার্ন লৈ নির্ধাৰিত আদাবাৰী বাছষ্টেণ্ড আৰু বৰিপাৰা ফিল্ডত যান-বাহন পার্কিং কৰিবপাৰিব ।
  • ভৰলুমুখ দিশৰ পৰা তীর্থযাত্রী কঢ়িওৱা বাহনসমূহে এই সময়ছোৱাত নীলাচল উৰণ সেতুৰ তলৰ ছার্ভিচ লেন ব্যৱহাৰ কৰিব পাৰিব । উক্ত দিশৰ পৰা অহা বাহনে স্বাগত হাস্পতালৰ সন্মুখত তীর্থযাত্রী, ভক্তক নমাই নির্ধাৰিত আদাবাৰী বাছষ্টেণ্ড, বৰিপাৰা ফিল্ডত বাহনসমূহ পার্কিং কৰিব লাগিব ।
  • জালুকবাৰী ৰটাৰীৰ পৰা অহা এ এছ টি চি বাছ, চিটি বাছ আৰু ব্যক্তিগত বাহনসমূহে নীলাচল উৰণ সেতু হৈ মাছখোৱালৈ যাব লাগিব । অম্বুবাচী মহোৎসৱৰ সময়ছোৱাত এই বাহনসমূহে নীলাচল উৰণ সেতুৰ তলৰ ছাৰ্ভিচ লেন ব্যৱহাৰ কৰিব নোৱাৰিব ।
  • জালুকবাৰীৰ পৰা যাত্রী কঢ়িয়াই ভৰলুমুখ অভিমুখে অহা চিটিবাছসমূহে বিশ্বকর্মা মন্দিৰৰ সম্মুখত যাত্রী উঠা-নমা কৰাব পাৰিব ।
  • ভৰলুমুখ দিশৰ পৰা অহা চিটিবাছসমূহে বৰিপাৰা ফিল্ডৰ সম্মুখত যাত্রী উঠা-নমা কৰিব পাৰিব ।
  • অম্বুবাচী মহোৎসৱৰ সময়ছোৱাত কোনো চিটিবাছে নীলচল উৰণ সেতুৰ দুই মুৰে যাত্রী উঠা-নমা কৰোৱাব নোৱাৰিব ।
  • শক্তিপীঠৰ অম্বুবাচী মহোৎসৱলৈ অহা ভক্তসকলে তেওঁলোকৰ দুচকীয়া, তিনি, চাৰিচকীয়াৰ লগতে গধুৰ বাহন আদাবাৰী বাছষ্টেণ্ড আৰু বৰিপাৰা ফিল্ডত পার্কিং কৰিব লাগিব ।
  • অম্বুবাচী মহোৎসৱৰ সময়ছোৱাত নীলাচল উৰণ সেতুৰ তলৰ পার্কিং সংৰক্ষিত পার্কিং জ'ন হিচাপে ব্যৱহৃত হ'ব ।
  • অম্বুবাচী মহোৎসৱৰ এই সময়ছোৱাত আদাবাৰী তিনিআলিৰ পৰা পাণ্ডুপ'ৰ্টলৈ পাণ্ডুপ'র্ট ৰোডত আৰু মালিগাঁও চাৰিআলিৰ পৰা পাণ্ডুপৰ্টলৈ বড়বজাৰ ৰোডত পথৰ দাঁতিৰ পার্কিং নিষিদ্ধ কৰা হৈছে ।
  • মালবাহী চাৰিচকীয়া বাহনসহ আন গাড়ী-মটৰ এই সময়ছোৱাত জালুকবাৰী ৰটৰীৰ পৰা মাছখোৱা হৈ ডি জি ৰোড, এম জি ৰোড আৰু এ টি ৰোডলৈ অহা-যোৱাত বাধা-নিষেধ থাকিব ।
  • মন্থৰ গতিৰ লগতে মালবাহী তিনিচকীয়া বাহন এই সময়ছোৱাত জালুকবাৰী ৰটাৰীৰ পৰা মাছখোৱা হৈ ডি জি ৰোড, এম জি ৰোড আৰু এ টি ৰোডলৈ অহা-যোৱাত বাধা-নিষেধ থাকিব ।
  • অম্বুবাচী মহোৎসৱৰ এই সময়ছোৱাত মন্থৰ গতিৰ লগতে তিনিচকীয়া সামগ্রী কঢ়িওৱা বাহনসমূহে আদাবাৰী তিনিআলিৰ পৰা পাণ্ডুপ'ৰ্টলৈ পাণ্ডুপর্ট ৰোড আৰু মালিগাঁও তিনিআলিৰ পৰা পাণ্ডুপৰ্টলৈ বড়বজাৰ ৰোডেৰে চলাচলত বাধা-নিষেধ থাকিব ।
  • আন্তঃজিলাৰ পৰা অহা-যোৱা কৰা এ এছ টি চিৰ লগতে আন বাছসমূহে ডি জি ৰোড, এম জি ৰোড আৰু এ টি ৰোডলৈ চলাচলত বাধা-নিষেধ থাকিব ।
  • নামনি অসমৰ পৰা অহা বাছসমূহ মাছখোৱালৈ আহিব নোৱাৰিব । এইসমূহ বাছ আদাবাৰী বাছষ্টেণ্ডত পার্কিং কৰিব লাগিব ।
  • কামাখ্যা ৰে'লৱে ষ্টেচনৰ অস্থায়ী শিবিৰৰ পৰা ভক্ত, তীর্থযাত্রী কঢ়িওৱা বাছসমূহে পি এন জি বি-ডি জি ৰোড হৈ আদাবাৰী তিনিআলি আৰু পাণ্ডুপৰ্ট ৰোডেৰে পাণ্ডুপ'ৰ্টৰ ৰেষ্টকেম্পলৈ যাব পাৰিব ।
  • পাণ্ডুপৰ্ট আৰু কামাখ্যা জংচনৰ অস্থায়ী শিবিৰত থকা ভক্তসকলে নীলচল উৰণ সেতুৰ তলৰ ছার্ভিচ লেন ব্যৱহাৰ কৰিব পাৰিব ।
  • এই সময়ছোৱাত ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা গধুৰ-বাহনসমূহে গোশালা হৈ তেতেলীয়ালৈ আহিব নোৱাৰিব ।

লগতে পঢ়ক: আজিৰে পৰা মহা অম্বুবাচী মেলা : 8 বাজি 35 মিনিট 14 ছেকেণ্ডত হ’ল প্ৰবৃত্তি - AMBUBACHI MELA 2024

ভক্তক আদৰিবলৈ সাজু কামাখ্যা দেৱালয় পৰিচালনা সমিতি, উথপথপ হ’ব নীলাচলৰ বাকৰি - AMBUBACHI MELA 2024

মূলদ্বাৰ বন্ধৰ পূৰ্বে মা কামাখ্যাৰ আশীষ ল'বলৈ নীলাচলত ভক্তৰ ভিৰ - AMBUBACHI MELA 2024

অম্বুবাচী মেলালৈ কোন সময়ত কিদৰে যাব পাৰিব- ক'লে মন্ত্রী জয়ন্ত মল্লবৰুৱাই - Ambubachi Mela 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.