ETV Bharat / state

এপ্ৰিলত আৰম্ভ হ’ব আউনীআটী বিশ্ববিদ্যালয়ৰ শিক্ষাবৰ্ষ

Auniati University: ১৯ এপ্ৰিলৰ পৰা আৰম্ভ হ'ব আউনীআটী বিশ্ববিদ্যালয়ৰ পাঠদান ৷ দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে এই বিশ্ববিদ্যালয়ত গায়ন শৈলী, বায়ন শৈলী, নৃত্য শৈলী, মুখা শৈলী, কুটীৰ শিল্প শৈলী আদি বিষয়ত পাঠ্যক্ৰম আগবঢ়োৱা হ’ব ৷

author img

By ETV Bharat Assamese Team

Published : Feb 15, 2024, 10:57 PM IST

Auniati University
আউনীআটী বিশ্ববিদ্যালয়
এপ্ৰিলত আৰম্ভ হ’ব আউনীআটী বিশ্ববিদ্যালয়ৰ শিক্ষাবৰ্ষ

ডিব্ৰুগড়, 15 ফেব্ৰুৱাৰী: ৰাজ্যত অতি সোনকালে আৰম্ভ হ’ব আউনীআটী বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম । লেপেটকটা কছাৰী গাঁৱত সংবাদমেল সম্বোধন কৰি আউনিআটী সত্ৰৰ সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱগোস্বামী আৰু আউনীআটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ প্ৰকাশজ্যোতি বৰঠাকুৰে এই কথা জানিবলৈ দিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

১৯ এপ্ৰিলৰ পৰা পাঠদান আৰম্ভ হ’ব আউনীআটী বিশ্ববিদ্যালয়ৰ ৷ টীয়কত নিৰ্মাণ হোৱা দেশৰ ভিতৰতে প্ৰথম এই বিশ্ববিদ্যালয়ত গায়ন শৈলী, বায়ন শৈলী, নৃত্য শৈলী, মুখা শৈলী, কুটীৰ শিল্প শৈলী আদি বিষয়ত দিয়া হ’ব শিক্ষা ।

ইতিমধ্যে বিভাগীয় শিক্ষক আৰু বিষয়াৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে আউনীআটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই । অসম চৰকাৰৰ পৰা স্বীকৃতি লাভ কৰা আউনীআটী বিশ্ববিদ্যালয়ে বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰাও স্বীকৃতি লাভ কৰাৰ কথা জানিবলৈ দিছে পঞ্জীয়ক ড৹ প্ৰকাশজ্যোতি বৰঠাকুৰে ।

আনহাতে উত্তৰ গুৱাহাটী, যোৰহাটৰ টীয়ক আৰু মাজুলীত এই বিশ্ববিদ্যালয়ৰ তিনিটা চৌহদ থাকিব । কিছু বিষয়ত অন্য বিদ্যালয়-মহাবিদ্যালয়ৰ পাঠ্যক্ৰমৰ অবিহনেও আউনিআটী বিশ্ববিদ্যালয়ত শিক্ষা লাভ কৰিব পাৰিব বুলি সংবাদমেলত জানিবলৈ দিছে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীয়ে ।

ইফালে অলপতে লণ্ডনৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয় ভ্ৰমণলৈ যোৱা সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱগোস্বামীয়ে অভিজ্ঞতাৰ কথা সদৰী কৰে । ড৹ পীতাম্বৰ দেৱগোস্বামীয়ে কয় যে মহাপুৰুষজনাৰ কৃতিত্ব আৰু অৱদানক বিশ্ববাসীক পৰিচয় কৰাই দিব পাৰিলেহে মহাপুৰুষজনা যথাৰ্থতে বিশ্বগুৰু হ'ব । লগতে তেওঁৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয় ভ্ৰমণ কালত ৰচনা কৰা এটা কবিতা পাঠ কৰি অসমবাসীলৈ আগবঢ়াই দিয়ে ।

উল্লেখ্য যে ডিব্ৰুগড়ৰ লেপেটকতা কছাৰী গাঁৱত ছয় দিনীয়াকৈ অনুষ্ঠিত হোৱা বাহৰ অনুষ্ঠানৰ সামৰণিৰ দিনটোত এই সংবাদমেল সম্বোধন কৰে সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱ গোস্বামীয়ে ।

লগতে পঢ়ক: মাজুলীৰ সত্ৰসমূহ দৰ্শন কৰি অভিভূত RSS প্ৰধান মোহন ভাগৱত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.