গুৱাহাটী : ৰাজ্যত হোটেল, ৰেস্তোৰাঁকে ধৰি সকলো ৰাজহুৱা স্থান আৰু অনুষ্ঠানত গো-মাংস সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে । ৰাজ্যৰ ৰাজহুৱা স্থানত গো-মাংস সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ এই প্ৰস্তাৱত বুধবাৰে নতুন দিল্লীত হঠাতে অনুষ্ঠিত অসম কেবিনেটৰ এখন বৈঠকে অনুমোদন জনায় । সেইমৰ্মে অসমত এতিয়াৰেপৰা গো-মাংসৰ ৰাজহুৱা পৰিবেশনত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা কাৰ্যকৰী হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই কেবিনেটৰ পাচত এক সংবাদমেলত ঘোষণা কৰে ।
ইতিমধ্যে অসমত বলৱৎ হৈ থকা ২০১১ চনৰ অসম গো-সংৰক্ষণ আইনক অধিক শক্তিশালী কৰাৰ অৰ্থে গো-মাংসৰ ৰাজহুৱা পৰিবেশন সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ এই প্রস্তাৱত কেবিনেটে অনুমোদন জনোৱা বুলি মুখ্যমন্ত্ৰীয়ে কয় । চৰকাৰৰ এই সিদ্ধান্তক লৈ ৰাজ্যত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
ৰাজ্যত গো-মাংসৰ ৰাজহুৱা পৰিবেশনত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা সংবিধান অনুযায়ী হৈছেনে ? আইনগতভাৱে এই সিদ্ধান্ত কিমান গ্ৰহণযোগ্য ? এই সন্দৰ্ভত ইটিভি ভাৰতৰ তৰফৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰৰ মতামত গ্ৰহণ কৰা হৈছিল ।
এই সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰে কয়, "কি মাংস সেয়া প্ৰশ্ন নহয়, সেয়া গো-মাংসও হ'ব পাৰে, ছাগলীৰ মাংসও হ'ব পাৰে । প্ৰশ্নটো হ'ল, মানুহৰ খাদ্যভ্যাসৰ ওপৰত এনদৰে সম্পূৰ্ণ (absulate ) নিষিদ্ধ কৰাৰ অধিকাৰ ৰাষ্ট্ৰৰ আছেনে নাই । সেই দৃষ্টিকোণৰ পৰা চালে সংবিধানে ৰাষ্ট্ৰক সেই অধিকাৰ দিয়া নাই ।"
সংবিধানৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয়, "সংবিধানৰ মতে, উচ্চতম ন্যায়ালয়ে যিবোৰ টিপ্পনি দিছে, সেইমতে মানুহৰ পছন্দৰ মতে খোৱা, পিন্ধা, কাম কৰা ব্যক্তিগত গোপনীয়তাৰ ভিতৰত পৰে । K S Puttaswamy বনাম ভাৰত চৰকাৰৰ গোচৰত উচ্চতম ন্যায়ালয়ে (Right to Privacy article 21) ভিত্তিত জীৱনৰ অধিকাৰৰ এই কথা স্পষ্টকৈ কৈছে । যদি সেয়া হয়, চৰকাৰৰ এই সিদ্ধান্ত সংবিধানসন্মত সিদ্ধান্ত নহয় ।"
তেওঁ লগতে কয়, "গো-মাংস কেৱল এটা বিশেষ সম্প্ৰদায়ে গ্ৰহণ নকৰে । মহাৰাষ্ট্ৰৰ একাংশ দলিত সম্প্ৰদায়ে গো-মাংস খায় । আনকি কেৰালাত গো- মাংসক আহাৰ হিচাপে গ্ৰহণ কৰে । ৰাজ্য চৰকাৰ এখনে তেতিয়াহে এটা খাদ্য বন্ধ কৰিব পাৰে, যি খাদ্য খোৱাৰ ফলত বেমাৰ হয়, স্বাস্থ্যৰ হানি কৰে । তেনে পৰিস্থিতিত খাদ্যভ্যাস গ্ৰহণত বাধা আৰোপ কৰিব পাৰে বা বন্ধ কৰিব পাৰে । কিন্তু সেয়া হোৱা নাই ।’’
তেওঁ লগতে কয়, "ভাৰত বাংলাদেশ বা পাকিস্তানৰ দৰে দেশৰ দৰে হ'ব খুজিলে বেলেগ কথা । কিন্তু ভাৰত গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হৈ থকালৈ এই সিদ্ধান্ত গ্ৰহণযোগ্য নহয় । গো-মাংসক লৈ ৰাজনৈতিক বিতৰ্ক হ'ল আৰু হঠাতে চৰকাৰে নিষেধাজ্ঞা কৰিলে । সেয়া উচিত নহয় ।"