ETV Bharat / state

বানৰ কৱলত বাৰখন জিলাৰ আঢ়ৈ লক্ষাধিক লোক: মৃতকৰ সংখ্যা ৩৪লৈ বৃদ্ধি - ASSAM FLOOD 2024

author img

By ETV Bharat Assamese Team

Published : Jun 30, 2024, 9:58 PM IST

Flood situation in Assam : বাৰিষাৰ দ্বিতীয়টো বানে পুনৰ প্ৰলয়ৰ সৃষ্টি কৰিছে ৰাজ্যত। প্লাৱিত হৈছে নতুন নতুন জিলা। ২৪ ঘণ্টাত ৫ খন জিলা বানৰ কবলত। বানত পুনৰ প্ৰাণ গ'ল দুটি শিশুৰ।

Flood situation in Assam
দ্বিতীয়টো বানে পুনৰ প্ৰলয়ৰ সৃষ্টি কৰিছে ৰাজ্যত (ETV BHARAT ASSAM)

গুৱাহাটী, 30 জুন : ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হৈছিল যদিও আজি পুনৰ ভয়াৱহ হৈ পৰিছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত পুনৰ আন কেবাখনো জিলা বানৰ কৱলত পৰিছে ৷ বিগত 24 ঘণ্টাত বানৰ কৱলত পৰা জিলাৰ সংখ্যা 7 খনৰ পৰা 12 খনলৈ বৃদ্ধি পাইছে ৷ চলিত বাৰিষাৰ দ্বিতীয়টো বানে ৰাজ্যৰ বিভিন্ন জিলাত পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য মতে বিগত আজিৰ দিনটোত বানত দুজনৰ মৃত্যু হৈছে ৷ এতিয়ালৈকে বানত মৃত্যু হোৱা লোকৰ সংখ্যা 34 গৰাকীলৈ বৃদ্ধি পালে ৷

কেবাখনো জিলা বানৰ কৱলত (ETV BHARAT ASSAM)

বানত মৃত্যু হোৱাৰ সংখ্যা 34 লৈ বৃদ্ধি :

পুনৰ প্ৰলয়ৰ সৃষ্টি কৰা চলিত বাৰিষাৰ দ্বিতীয়টো বানত মৃত্যু হোৱা লোকৰ সংখ্যা 34 গৰাকীলৈ বৃদ্ধি পালে ৷ আজিৰ দিনটোত বানত দুটি শিশুৰ মৃত্যু হয় ৷ ধেমাজি জিলাৰ গোগামুখত এটি শিশুৰ আৰু জোনাইত এটি কন্যা শিশুৰ বানত মৃত্যু হয় ৷

বানত প্ৰভাৱিত 12 খন জিলা :

বৰ্তমান সময়ত বানৰ কৱলত আছে ৰাজ্যৰ 12 খন জিলা ৷ জিলা কেইখন হৈছে ক্ৰমে কামৰূপ, কৰিমগঞ্জ, তিনিচুকীয়া, গোলাঘাট, ধেমাজি, মাজুলী, কাছাৰ, লখিমপুৰ, ডিব্ৰুগড়, শিৱসাগৰ, কোকৰাঝাৰ আৰু যোৰহাট ৷ 12 খন জিলাৰ 36 টা ৰাজহ চক্ৰৰ 671 খন গাঁও বানৰ কৱলত পৰিছে ৷ ইয়াৰ ভিতৰত ধেমাজি জিলাৰ সৰ্বাধিক 163 খন আৰু কামৰূপৰ 148 খন গাঁও প্লাৱিত হৈ আছে ৷

বিপদসীমাৰ ওপৰেৰে বৈ আছে কেবাখনো নৈ :

ধাৰাসাৰ বৰষুণৰ বাবে কেবাখনো নৈ-উপনৈৰ জলস্তৰ ক্ৰমাৎ বৃদ্ধি হৈছে আৰু প্লাৱিত হৈছে বিভিন্ন অঞ্চল ৷ বৰ্তমান সময়ত ব্ৰক্ষ্মপুত্ৰ নদী ডিব্ৰুগড় আৰু নিমাতীঘাটত বিপদসীমাৰ ওপৰৰে বৈ আছে ৷ সেইদৰে দিখৌ নৈ শিৱসাগৰত বিপদসীমাৰ ওপৰৰে বৈ আছে ৷ জীয়া ভৰলী আৰু বেকী নদীও বিপদসীমাৰ ওপৰৰে বৈ আছে ৷ আনহাতে কৰিমগঞ্জত কুছিয়াৰা নদী বিপদসীমাৰ ওপৰৰে বৈ আছে ৷

লগতে পঢ়ক : ১০ বছৰে মেৰামতি নকৰা বাঘজান শ্লুইছ গেট ভাঙিল বানত - ASSAM FLOOD 2024

বানত ক্ষতিগ্ৰস্ত আঢ়ৈ লক্ষাধিক লোক :

শেহতীয়া তথ্য মতে 12 খন জিলাৰ 2,62,186 গৰাকী লোক বৰ্তমান বানৰ কৱলত আছে ৷ ইয়াৰ ভিতৰত 104745 জন পুৰুষ, 93322 গৰাকী মহিলা আৰু 64119 টি শিশু আছে ৷ ইয়াৰ ভিতৰত ধেমাজি জিলাৰ সৰ্বাধিক 69252 গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে ৷ সেইদৰে কাছাৰত 61895 গৰাকী, তিনিচুকীয়াত 45281 গৰাকী, মাজুলীত 34966 গৰাকী, কৰিমগঞ্জত 22882 গৰাকী লোক বানৰ কৱলত পৰিছে ৷

বানৰ কৱলত কৃষিভূমি :

কালৰূপী বানত ৰাজ্যৰ শস্যভূমিৰ বিস্তৰ ক্ষতিসাধন হৈছে ৷ শেহতীয়া তথ্য মতে বৰ্তমান বানত ক্ষতিগ্ৰস্ত হৈছে 6547 হেক্টৰ কৃষিভূমি ৷ ধেমাজি জিলাৰ সৰ্বাধিক 2438 হেক্টৰ কৃষিভূমি বানত ক্ষতিগ্ৰস্ত হৈছে ৷

আশ্ৰয় শিবিৰত আশ্ৰয় বহুজনৰ :

ৰাজ্যৰ বানাক্ৰান্ত জিলা কেইখনত বৰ্তমান 52 টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে ৷ ইয়াৰ ভিতৰত কৰিগঞ্জ জিলাত সৰ্বাধিক 38 টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে ৷ আশ্ৰয় শিবিৰত থকা লোকৰ সংখ্যা হৈছে 2593 গৰাকী ৷ ইয়াৰ ভিতৰত 1104 জন পুৰুষ, 866 গৰাকী মহিলা, 622 টি শিশু আৰু এগৰাকী গৰ্ভৱতী মহিলা আছে ৷ আনহাতে সাহায্য বিতৰণ শিবিৰত আছে 19207 গৰাকী লোক ৷

ক্ষতিগ্ৰস্ত পশুধন :

বানত মানুহৰ লগতে ক্ষতিগ্ৰস্ত হৈছে পশুধন ৷ বৰ্তমান সময়ত বানত 149009 টা পোহনীয়া জন্তু ক্ষতিগ্ৰস্ত হৈছে ৷ ইয়াৰ ভিতৰত 83035 টা ডাঙৰ প্ৰজাতিৰ আৰু 49656 টা সৰু প্ৰজাতিৰ পশুধন আছে ৷ তদুপৰি পলিট্ৰি ফাৰ্মিঙৰ ক্ষেত্ৰতো বানে যথেষ্ট ক্ষতিসাধন কৰিছে ৷

অব্যাহত উদ্ধাৰ অভিযান আৰু সাহায্য বিতৰণ :

বানাক্ৰান্ত ৰাইজৰ নিৰাপদ স্থানলৈ নিয়াৰ বাবে অব্যাহত আছে উদ্ধাৰ অভিযান ৷ এছ ডি আৰ এফ, এন ডি আৰ এফ, অগ্নি আৰু আপাদকালীন সেৱা, স্থানীয় প্ৰশাসন, আভ্যন্তৰীণ জল পৰিৱহণ, চক্ৰ কাৰ্যালয় আৰু আৰক্ষী উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে ৷ শেহতীয়াকৈ বানাক্ৰান্তৰ মাজত 218 কুইণ্টল চাউল, 39 কুইণ্টল দাইল, 12 কুইণ্টল নিমখ আৰু 76 লিটাৰ মিঠাতেল বিতৰণ কৰা হৈছে ৷

বানত আন্তঃগাঁথনিৰ ব্যাপক ক্ষতিসাধন :

বিগত 24 ঘণ্টাত বানত 11 টা পথৰ বিস্তৰ ক্ষতিসাধন হৈছে ৷ ইয়াৰ ভিতৰত ধেমাজি জিলাত 6 টা, গোৱালপাৰাত এটা, লখিমপুৰত চাৰিটা পথ বানত ক্ষতিগ্ৰস্ত হৈছে ৷ সেইদৰে দুটাকৈ মথাউৰি বানত ক্ষতিগ্ৰস্ত হৈছে ৷ তদুপৰি বানৰ কৱলত পৰা জিলাসমূহত বিভিন্ন আন্তঃগাঠনিৰ ব্যাপক ক্ষতিসাধন হৈছে ৷

লগতে পঢ়ক : চিয়াং নদীত ডুব গ’ল SDRF ৰ ৰবৰ ব’ট; বিষয়াসহ 9 গৰাকী জোৱানৰ কোনোমতে প্ৰাণৰক্ষা - SDRF rubber boat sinks

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.