ETV Bharat / state

অপহৰণকাৰী সংগঠনে মুকলি কৰিলে গৌতম বসুমতাৰীক - TINSUKIA KIDNAP CASE

অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰত মুকলি অপহৃত যুৱক গৌতম বসুমতাৰীক । ১৫ দিনৰ অন্তত উদ্ধাৰ কৰে বসুমতাৰীক ।

Tinsukia kidnap case, abducted Gautam Basumatary released
অপহৰণকাৰী সংগঠনে মুকলি কৰিলে গৌতম বসুমতাৰীক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 7, 2024, 3:54 PM IST

Updated : Nov 7, 2024, 6:31 PM IST

তিনিচুকীয়া: অৱশেষত তিনিচুকীয়া জিলাৰ জাগুনৰ পৰা অপহৰণ কৰি নিয়া গৌতম বসুমতাৰীক মুক্তি দিয়ে সন্দেহজনক আলফা স্বাধীনে । অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰৰ ১৭ মাইলত মুকলি কৰি দিয়ে সন্দেহজনক আলফা স্বাধীনে । মুকলি কৰি দিয়াৰ পাছতে আজি বৃহস্পতিবাৰে অৰুণাচল আৰক্ষীৰ সহযোগত লেখাপানী আৰক্ষীয়ে গৌতম বসুমতাৰীক উদ্ধাৰ কৰে ।

উদ্ধাৰ কৰাৰ পাছতে আৰক্ষীয়ে চিকিৎসালয়লৈ লৈ যায় বসুমতাৰীক । প্ৰত্যক্ষ কৰা অনুসৰি গৌতম বসুমতাৰী যথেষ্ট ভাগৰুৱা হোৱাৰ লগতে শাৰীৰিকভাৱে কিছু অসুস্থ হৈ আছিল । অসুস্থতাৰ বাবে গৌতমে নিজ পিতৃৰ কান্ধত ধৰি খোঁজ কাঢ়ি যাব লগা হয় চিকিৎসালয়লৈ ।

অপহৰণকাৰী সংগঠনে মুকলি কৰিলে গৌতম বসুমতাৰীক (ETV Bharat Assam)

পৰৱৰ্তী সময়ত স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰি আৰক্ষীয়ে গৌতম বসুমতাৰীক গতাই দিয়ে নিজৰ ঘৰত পৰিয়ালবৰ্গক । ২৩ অক্টোবৰত নিশা প্ৰায় ১০ বজাত অপহৰণ কৰি নিয়াৰ পাছত ১৫ দিনৰ অন্তত মুক্তি কৰি দিয়ে গৌতম বসুমতাৰীক । গৌতম বসুমতাৰী তিনিচুকীয়া জিলাৰ জাগুনস্থিত ৰাধা চেতিয়া মালিকাধীন হিমালয়া চাহ ফেক্টৰীৰ কৰ্মচাৰী আছিল ।

উল্লেখযোগ্য যে, ২৩ অক্টোবৰতে গৌতম বসুমতাৰীক এটা ৫-৬ জনীয়া এটা দলে মাৰণাস্ত্ৰ লৈ ৰাধা চেতিয়াৰ চাহ ফেক্টৰীৰ পৰা নিশা প্ৰায় ১০ বজাত অপহৰণ কৰি নিছিল আৰু সমগ্ৰ ঘটনা বন্দী হৈছিল ফেক্টৰীৰ CCTV কেমেৰাত । প্ৰথম অৱস্থাত গৌতম বসুমতাৰীৰ লগতে ফেক্টৰীৰ পৰিচালকজনকো সন্দেহজনক আলফা স্বাধীনৰ দলটোৱে অপহৰণ কৰি নিছিল যদিও পৰৱৰ্তী সময়ত অসুস্থতাৰ বাবে পৰিচালকজনক মুকলি কৰি দিয়ে ।

পৰৱৰ্তী সময়ত ফেক্টৰীত তিনিচুকীয়া আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰক্ষীৰ বৃহৎ দল উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে অপহৃতৰ সন্ধানত চলাইছিল অভিযান । কিন্তু অভিযানত কোনোধৰণৰ সু-ফল পোৱা নাছিল আৰক্ষী তথা সেনাই । তাৰ পাছত আজি জয়ৰামপুৰৰ ১৭ মাইলত উদ্ধাৰ কৰে গৌতম বসুমতাৰীয়ে । ইফালে আজি গৌতম বসুমতাৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও এই সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই আৰক্ষীয়ে ।

লগতে পঢ়ক: ফেক্টৰীৰ কৰ্মচাৰীক অপহৰণ; অপহৰণৰ সমগ্ৰ দৃশ্য বন্দী CCTV কেমেৰাত

৯ দিন অতিক্ৰম; সন্ধান নাই অপহৃত চাহ ফেক্টৰীৰ কৰ্মচাৰীৰ

Last Updated : Nov 7, 2024, 6:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.