ETV Bharat / state

ৰাজপথৰ সমান্তৰালভাৱে ন্যায়ালয়তো অব্যাহত থাকিব কা বিৰোধী যুঁজ: আছু

author img

By ETV Bharat Assamese Team

Published : Mar 11, 2024, 8:07 PM IST

Updated : Mar 11, 2024, 9:21 PM IST

AASU against CAA: সোমবাৰে সমগ্ৰ দেশজুৰি কা ৰ অধিসূচনা জাৰি হোৱাৰ পাচত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সদৌ অসম ছাত্ৰ সন্থাই ৷ শান্তিপূৰ্ণ আন্দোলন তথা ইয়াৰ বিৰুদ্ধে আইনী যুঁজ চলি থাকিব বুলি কয় আছু নেতৃত্বই ৷

AASU Will continue fight against CAA on street and court
ৰাজপথৰ সমান্তৰালভাৱে ন্যায়ালয়তো অব্যাহত থাকিব কা বিৰোধী যুঁজ; আছু

ৰাজপথৰ সমান্তৰালভাৱে ন্যায়ালয়তো অব্যাহত থাকিব কা বিৰোধী যুঁজ: আছু

গুৱাহাটী, 11 মাৰ্চ: সোমবাৰে সমগ্ৰ দেশজুৰি বলবৎ হ’ল নাগৰিকত্ব (সংশোধনী) আইন (কা) ৰ অধিসূচনা ৷ 2019 বৰ্ষত কা গৃহীত হোৱাৰ পাচত ৰাজপথৰ সমান্তৰালভাবে আদালততো অব্যাহত আছিল কা বিৰোধী আন্দোলন ৷ আন্দোলন অব্যাহত থকাৰ সময়তে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে সোমবাৰে সমগ্ৰ দেশজুৰি জাৰি কৰে কাৰ বিধি ৷

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ কৰা প্ৰয়োজন যে আজি এই বিধি জাৰি কৰাৰ পূৰ্বে গৃহমন্ত্ৰী অমিত শ্বাহে একাধিকবাৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে 'কা'ৰ নিয়মসমূহ জাৰি কৰা হ’ব বুলি পশ্চিমবংগৰ এখন ৰাজহুৱা সভাত উল্লেখ কৰিছিল আৰু এই ঘোষণাৰ পাচতে জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছিল দেশৰ লগতে ৰাজ্যৰ বিভিন্ন দল-সংগঠনবোৰ ৷

আজি কাৰ অধিসূচনা জাৰি হোৱাৰ পিচতে প্ৰতিক্ৰিয়া ব্যক্ত কৰি সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই একেষাৰে ‘আমি কা নামানো’ বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে । এই অধিসূচনা প্ৰয়োগৰ লগে লগে প্ৰতিলিপি দাহ কৰা হ'ব বুলিও কয় উপদেষ্টাগৰাকীয়ে ।

মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই পুনৰ কয়, " অধিসূচনা প্ৰয়োগৰ পিচদিনাই জোঁৰ সমদল কাৰ্যসূচী গ্ৰহণ কৰা হ’ব ৷ সত্যাগ্ৰহ আন্দোলন হ'ব । NESO তথা North East Students Organisation এ উত্তৰ পূৰ্বাঞ্চলজুৰি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব । শান্তিপূৰ্ণ আন্দোলন তথা ইয়াৰ বিৰুদ্ধে আইনী যুঁজ চলি থাকিব । কা ৰ বিৰুদ্ধে 53 খন আবেদন আদালতত দাখিল কৰা হৈছিল ৷ আন্দোলন কৰাৰ অধিকাৰ আমাৰ সকলোৰে আছে । তাত চৰকাৰে নিৰ্যাতন চলাব নোৱাৰিব ৷ আমাক ৰাইজে দিয়া পৰামৰ্শ মতেই কাম কৰিম ।"

আনহাতে, সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই এই সন্দৰ্ভত কয়, "ইতিমধ্যে 1971 চনৰ 24 মাৰ্চ পৰ্যন্ত অহা বিদেশীৰ বোজা আমি বহন কৰিয়েই আহিছো ৷ ইয়াৰ পিচত পুনৰ 2014 চনৰ 31 ডিচেম্বৰ পৰ্যন্ত অহা বিদেশীৰ বোজা জাপি দিব বিচৰা হৈছে ৷ এয়া কোনো কাৰণতে গ্ৰহণযোগ্য নহয় ৷"

লগতে পঢ়ক: আজিৰে পৰা দেশজুৰি বলবৎ হ’ল নাগৰিকত্ব সংশোধনী আইন-2019

Last Updated : Mar 11, 2024, 9:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.