ETV Bharat / state

জে'লযাত্ৰাৰ ভয়তে মুখ্যমন্ত্ৰীৰ শৰণাপন্ন হ'ল নেকি ডিব্ৰুগড়ৰ আছু নেতা ? - AASU Leader Joins BJP

author img

By ETV Bharat Assamese Team

Published : Sep 2, 2024, 4:42 PM IST

Dibrugarh AASU Leader Joins BJP : বিৰোধীয়ে দাবী উত্থাপন কৰি আহিছে যে নিজৰ কু-কীৰ্তিৰ পৰা ৰক্ষা পাবলৈ বিভিন্ন দল-সংগঠনৰ নেতাই বিজেপিত যোগদান কৰি আহিছে । বিৰোধীয়ে বিজেপিক নাম দিছে 'ৱাশ্বিং মেচিন' বা 'ৱাশ্বিং পাউডাৰ' । এইবাৰ বিজেপিৰ ৱাশ্বিং মেচিনত নিজক পৰিষ্কাৰ কৰিবলৈ সোমাল নেকি আছুৰ প্ৰাক্তন সভাপতি ? ইফালে ন-বিজেপি নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ প্ৰস্তুতি আছুৰ । আছু কাৰ্যালয়ত নিষিদ্ধ ঘোষণা ন-বিজেপি তথা প্ৰাক্তন আছু নেতাগৰাকীক ।

Dibrugarh AASU Leader Joins BJP
জে'লযাত্ৰাৰ ভয়তে মুখ্যমন্ত্ৰীৰ শৰণাপন্ন হ'ল নেকি ডিব্ৰুগড়ৰ আছু নেতা ? (ETV Bharat Assam)

ডিব্ৰুগড়, ২ ছেপ্টেম্বৰ : এজনৰ পাছত আন এজন আছু নেতাই বিজেপিত যোগদান কৰাক লৈ সদৌ অসম ছাত্ৰ সন্থাৰ ভিতৰচ'ৰাত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য । কেইটামান মাহৰ পূৰ্বে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দীপাংক কুমাৰ নাথে বিজেপিত যোগদান কৰাক লৈ ৰাজ্যত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া । ইয়াৰ পাছতে দেওবাৰে ভাৰতীয় জনতা পাৰ্টীৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলাৰ সদ্য পদত্যাগী সভাপতি অৱনী কুমাৰ গগৈয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত বিজেপিত যোগদান কৰে । নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ আৰু জয়পুৰ মণ্ডল বিজেপিৰ সভাপতিৰ উপস্থিতিত বিজেপিত যোগদান কৰে আছু নেতাজনে ।

আছু ত্যাগ কৰি বেজেপিত যোগদান কৰা নেতাৰ বিৰুদ্ধে সৰৱ ডিব্ৰুগড় আছু (ETV Bharat Assam)

উল্লেখ্যে যে তিনিদিনৰ পূৰ্বে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ পৰা পদত্যাগ কৰিছিল সভাপতি অৱনী কুমাৰ গগৈয়ে । 2020 চনৰ পৰা ডিব্ৰুগড় জিলাৰ সাধাৰণ সম্পাদক আৰু 2024 চনৰ পৰা সভাপতিৰ দায়িত্ব লৈ থকা অৱনী কুমাৰ গগৈয়ে হঠাৎ আছু ত্যাগ কৰাত হতচকিত হৈ পৰে সকলো । কিয়নো সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ অতি ঘনিষ্ঠ আছিল অৱনী কুমাৰ গগৈ । আছুকৰ্মীৰ সৈতে বহু সংঘাত আৰু কৌশল কৰি টেঙাখাতত অনুষ্ঠিত জিলা অধিবেশনত সভাপতিৰ দায়িত্ব লৈছিল অৱনী কুমাৰ গগৈয়ে ।

কিন্তু অৱনী কুমাৰ গগৈয়ে হঠাতে আছু এৰা বিষয়টোক লৈ আছুৰ মজিয়া তথা আছুকৰ্মীৰ বাবে চিন্তাৰ বিষয় হৈ পৰে । ইফালে তেওঁ বিজেপিত যোগদান কৰা পাছতেই ক্ষোভিত হৈ পৰিছে আছুকৰ্মীসকল। যাৰ বাবে দেওবাৰে সন্ধিয়া নাহৰকটীয়া আছু কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সম্পাদক অৰ্জুন চেত্ৰীৰ লগতে আন বিষয়ববীয়াসকলে ।

সংবাদমেল সম্বোধন কৰি জিলা ছাত্ৰ সন্থাৰ সম্পাদকে কয়, "অৱনী কুমাৰ গগৈয়ে বিবাহপাশত আবদ্ধ হ'ম বুলি অতি কৌশল কৰি আছু ত্যাগ কৰিছে । আছু ত্যাগ কৰাৰ পাছতে আছুকৰ্মীৰ পৰা আত্মগোপন কৰিছিল । অৱনী কুমাৰ গগৈয়ে আছুক চৰম বিশ্বাসঘাতকতা কৰিছে । অনাগত দিনত অৱনী কুমাৰ গগৈৰ লগত কোনো ছাত্ৰ সন্থাৰ কৰ্মীয়ে যোগাযোগ কৰিব নোৱাৰিব । কোনো ছাত্ৰ সন্থাৰ কাৰ্যালয়ত প্ৰৱেশ কৰিব নোৱাৰিব ।"

তেওঁ লগতে কয়, "অৱনী গগৈৰ ওপৰত যি অভিযোগ উত্থাপন হৈছিল সেই অভিযোগক লৈ কেন্দ্ৰীয় সমিতিয়ে তদন্ত ঘোষণা কৰিবলৈ আগবাঢ়িছিল । তদন্তৰ ভয়ত আছু ত্যাগ কৰি বিজেপিত যোগদান কৰিছে অৱনী গগৈয়ে ।"

আনহাতে, অৱনী গগৈ কেলেংকাৰীত জড়িত হোৱাৰ অভিযোগ উত্থাপন কৰি আছুৰ জিলা সম্পাদকগৰাকীয়ে কয়, "সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত স্থাপন কৰি থকা ডিজিটেল লাইব্ৰেৰী নিৰ্মাণৰ দায়িত্বত আছিল অৱনী কুমাৰ গগৈ ৷ উক্ত পুঁজিৰ কেলেংকাৰীৰ লগত জড়িত অৱনী কুমাৰ গগৈ ৷ লগতে নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ পুৰণি কাৰ্যালয়টো ভাঙি নতুনকৈ নিৰ্মাণ কৰিম বুলি অৱনী কুমাৰ গগৈয়ে ইতিমধ্যে বহু লোকৰ পৰা কাৰ্যালয় নিৰ্মাণৰ নামত বহু পৰিমাণৰ ধন সংগ্ৰহ কৰিছে ।"

সেয়ে বৰ্তমান বিজেপিত যোগদান কৰা অৱনী কুমাৰ গগৈৰ বিৰূদ্ধে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই এজাহাৰ দাখিল কৰিব বুলিও জানিবলৈ দিয়ে ।

লগতে পঢ়ক :কংগ্ৰেছৰ শাসনত টেট শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত কি হৈছিল ? দিল্লীৰ পৰা কোনে বাধা দিছিল টেট শিক্ষক নিযুক্তিত ? - Appointment letter distribution
লগতে পঢ়ক :মুখ্যমন্ত্ৰীৰ পত্নীৰ ভূমি ক্ৰয়ৰ তদন্তৰ দাবী আছুৰ - Assam CM wife Land Controversy

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.