ETV Bharat / state

আছুলৈ বিশেষ আহ্বান সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ - SANKOR JYOTI BARUAH CONTROVERSY

author img

By ETV Bharat Assamese Team

Published : Sep 11, 2024, 7:55 PM IST

AASU GS controversy: শংকৰজ্যোতি বৰুৱাই কেতিয়া অব্যাহতি ল’ব আছুৰ পৰা ? উজনি-নামনিৰ ৰাজনীতিত তোলপাৰ আছুৰ ভিতৰচ’ৰা । আছুৰ আভ্যন্তৰীণ বিষয়সমূহ আভ্যন্তৰীণভাৱে সমাধান হোৱাটো বিচাৰিলে শংকৰজ্যোতি বৰুৱাই ৷

ASU GS Controversy
আছুলৈ বিশেষ আহ্বান সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ (Social Media Photo of Sankar Jyoti Baruah)

গুৱাহাটী, ১১ ছেপ্টেম্বৰ : উজনি-নামনি ৰাজনীতিৰ প্ৰসংগত তোলপাৰ সদৌ অসম ছাত্ৰ সন্থাৰ ভিতৰচ’ৰা ৷ প্ৰেম-প্ৰতাৰণা আৰু বিচ্ছেদৰ বিতৰ্কত সোমাই পৰা সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক সংগঠনটোৰ শীৰ্ষ নেতৃত্বই অব্যাহতি লোৱাৰ পৰামৰ্শ দিয়াৰ পিছতে ৰাজ্যজুৰি আছুৰ ক্ষমতাকেন্দ্ৰিক উজনি-নামনি প্ৰসংগই বিশেষ চৰ্চা লাভ কৰিছে । যাৰ বাবে সামাজিক মাধ্যমযোগে এই প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ বাধ্য হৈছে শংকৰজ্যোতি বৰুৱা ৷

আছুক লৈ হঠাৎ উজনি-নামনি প্ৰসংগ কিয় ?

আছুৰ সভাপতি, মুখ্য উপদেষ্টাৰ পৰামৰ্শ মানি শংকৰজ্যোতি বৰুৱাই সাধাৰণ সম্পাদক পদৰ পৰা পদত্যাগ কৰিবনে ? যদি কৰে কেতিয়া কৰিব পদত্যাগ ? ছাত্ৰ সন্থাক লৈ এয়া ৰাজ্যৰ এক অন্যতম চৰ্চিত বিষয় । কিন্তু "আছুৰ পৰা শংকৰজ্যোতি বৰুৱাই সাধাৰণ সম্পাদক পদৰ পৰা পদত্যাগ কৰা পাছতেই উজনি অসমৰ প্ৰায় সকলো আঞ্চলিকে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা সমূহীয়া পদত্যাগ কৰিব"— আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু সভাপতি উৎপল শৰ্মাই মঙলবাৰে শংকৰজ্যোতি বৰুৱাক পৰামৰ্শ দিয়াৰ পিছতেই সামাজিক মাধ্যম আৰু কোনো কোনো সংবাদ মাধ্যমত বহুলভাৱে প্ৰকাশ পায় এই কথা । তাৰ পাছতেই ৰাজ্যজুৰি উজনি-নামনিৰ বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰে ।

উজনি-নামনিৰ চিন্তাৰ পৰা আঁতৰি থাকিবলৈ আহ্বান শংকৰজ্যোতিৰ

সমগ্ৰ অসমতে আছুৰ আভ্যন্তৰীণ ক্ষমতাকেন্দ্ৰিক উজনি-নামনি বিষয়টো চৰ্চিত হোৱাৰ মাজতেই উজনি-নামনিৰ চিন্তাৰ পৰা আঁতৰি থাকিবলৈ বিতৰ্কত সাঙোৰ খাই পৰা শংকৰজ্যোতিৰ আহ্বান ৷ সামাজিক মাধ্যমযোগে আছুৰ সাধাৰণ সম্পাদকগৰাকীৰ আহ্বান, “ছাত্ৰ সন্থাৰ সকলো পৰ্যায়ৰ কৰ্মকৰ্তালৈ টানি অনুৰোধ জনাওঁ যে সাম্প্রতিক সময়ত সৃষ্টি হোৱা বিতৰ্কক লৈ উজনি-নামনিৰ যি প্রতিক্রিয়া সৃষ্টি হৈছে সেই চিন্তাৰ পৰা আঁতৰি থাকক ।” লগতে আছুৰ আভ্যন্তৰীণ বিষয়সমূহ আভ্যন্তৰিকভাৱে সমাধান হোৱাটো পোষকতা কৰিছে শংকৰজ্যোতি বৰুৱাই ।

আনহাতে, সামাজিক মাধ্যমৰ পৰা উজনি-নামনিকেন্দ্ৰিক পোষ্টসমূহ উঠাই দিবলৈ এইদৰে আহ্বান শংকৰজ্যোতিৰ, “যিসকলে সামাজিক মাধ্যমত উজনি-নামনিৰ কথাবিলাক প্ৰকাশ কৰিছে সেয়া সকলোকে আঁতৰাই দিবলৈ আহ্বান জনালো । ছাত্ৰ সন্থাৰ আভ্যন্তৰীণ বিষয়সমূহ আভ্যন্তৰীণভাৱে সমাধান হোৱাটো আমাৰ কাম্য ।”

লগতে পঢ়ক :সংগঠনৰ স্বাৰ্থত অব্যাহতি লওক শংকৰজ্য়োতি বৰুৱাই: আছুৰ শীৰ্ষ নেতৃত্বৰ পৰামৰ্শ - Sankor Jyoti Baruah in controversy
লগতে পঢ়ক :প্ৰেমৰ সম্পৰ্ক থকাটো স্বীকাৰ কৰিছো, যুৱতীগৰাকীৰ স্বাস্থ্যক লৈও ময়ো চিন্তিত : শংকৰজ্যোতি বৰুৱা - Sankor Jyoti Baruah

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.