ETV Bharat / state

তেজপুৰত বৃহৎ সমদল উলিয়াই আপৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যৰ মনোনয়ন পত্ৰ দাখিল - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Mar 27, 2024, 4:16 PM IST

AAP candidate files nomination: কৰ্মী-সমৰ্থকক লগত লৈ বিশাল ৰেলী উলিয়াই মনোনয়ন পত্ৰ দাখিল কৰে ১১ নং শোণিতপুৰ লোকসভা সমষ্টিৰ আম আদমি পাৰ্টীৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যই । এইবাৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে আপক ভোট দিব বুলি মন্তব্য AAP ৰ প্ৰাৰ্থীগৰাকীৰ ।

AAP candidate Rishiraj Kaundinya files nomination
তেজপুৰত বৃহৎ সমদল উলিয়াই আপৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যৰ মনোনয়ন পত্ৰ দাখিল

তেজপুৰ,২৭ মাৰ্চ: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিনটোত শাসক-বিৰোধীৰ প্ৰাৰ্থীসকলে দাখিল কৰে মনোনয়ন পত্ৰ । শোণিতপুৰ লোকসভা সমষ্টিৰ প্ৰায় ৬ গৰাকী প্ৰাৰ্থীয়ে বুধবাৰৰ দিনটোত দাখিল কৰে মনোনয়ন পত্ৰ । সমান্তৰালভাৱে ১১ নং শোণিতপুৰ লোকসভা সমষ্টিৰ আম আদমি পাৰ্টীৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যয়ো দাখিল কৰে মনোনয়ন পত্ৰ । শোণিতপুৰ জিলা ৰিটাৰ্ণিং অফিচাৰ দেৱ কুমাৰ মিশ্ৰৰ হাতত নিজৰ মনোনয়ন দাখিল কৰে AAP ৰ প্ৰাৰ্থীগৰাকীয়ে ।

ইয়াৰ পূৰ্বে তেজপুৰৰ কলেজিয়েট হাইস্কুলৰ খেলপথাৰৰ পৰা এক বিশাল ৰেলী কৰি চহৰখনৰ মাজমজিয়াৰে শোণিতপুৰ জিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত হয় ঋষিৰাজ কৌণ্ডিন্য । পুৱা তেজপুৰ চহৰৰ ঐতিহাসিক গণেশ মন্দিৰ, গীৰ্জা আৰু মছজিদত প্ৰৱেশ কৰি সপত্নীক ঋষিৰাজ কৌণ্ডিন্যই প্ৰাৰ্থনা জনাই মনোনয়ন পত্ৰ দাখিলৰ বাবে সাজু হয় । আম আদমি পাৰ্টীৰ প্ৰাৰ্থীগৰাকীয়ে মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে সাংবাদিকৰ আগত কয় যে এইবাৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে আপক ভোট দিব ।

বিজেপি চৰকাৰে দেশত অৰাজক পৰিৱেশ সৃষ্টি কৰিছে । আনহাতে কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰেমলাল গুঞ্জুক প্ৰাৰ্থিত্ব উঠাই ল'বলৈ তেওঁ আহ্বান জনাই মনোনয়ন পত্ৰ দাখিলৰ সময়ত । ইফালে দেশৰ আইন-শৃংখলা আৰু গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰা বুলি উল্লেখ কৰি আপ'ৰ সমৰ্থকসকলে বিজেপিয়ে ই ডি ক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰে । উল্লেখযোগ্য যে যোৱা বৃহস্পতিবাৰে সন্ধিয়া ই ডিয়ে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক তেওঁৰ বাসগৃহৰ পৰা দিল্লীৰ সুৰা নীতি সন্দৰ্ভত গ্ৰেপ্তাৰ কৰাৰ পিচতে সমগ্ৰ দেশতে কেজৰিৱালক মুকলি কৰি দিয়াৰ বাবে এই প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মাইহে হাতৰ প্ৰতীক বিচাৰি আহিব : ভূপেন বৰা - LOK SABHA ELECTION 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.