ETV Bharat / state

অমৃত বৃক্ষ আন্দোলনৰ গছবোৰ কি হ'ল ? আপৰ প্ৰশ্ন - AAP Assam opposes deforestation - AAP ASSAM OPPOSES DEFORESTATION

ৰাজ্যত অবাধ বন ধ্বংসৰ বিৰুদ্ধে সৰৱ আপৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজা । উত্তৰ-পূৰ্বাঞ্চলত বিগত ২৩ বছৰত ২৩ লাখ হেক্টৰ বন ধ্বংস । দেশৰ ভিতৰতে সৰ্বাধিক বনাঞ্চল ধ্বংস হৈছে অসমত । সংবাদমেলযোগে উত্থাপন কৰিলে এই অভিযোগ ।

AAP Assam alleges heat wave due to deforestation in Assam
AAP Assam alleges heat wave due to deforestation in Assam (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 30, 2024, 8:06 PM IST

গুৱাহাটী,৩০ মে': বিগত কেইদিনমান পূৰ্বে সৃষ্টি হোৱা গ্ৰীষ্মপ্ৰৱাহে জুৰুলা কৰিছিল সমগ্ৰ অসমৰ ৰাইজক । সামাজিক মাধ্যমত বা বিভিন্ন বৌদ্ধিক মহলত ইয়াৰ কাৰণ অবাধ বনধ্বংস বুলি চৰ্চা চলিছিল । এনে সময়তে বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰে আপ অসমৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই । গ্ৰীষ্মপ্ৰৱাহ আৰু ৰাজ্য চৰকাৰৰ অমৃত বৃক্ষ অভিযানৰ সন্দৰ্ভত চৰকাৰক সমালোচনা কৰি সংবাদমেলত সৰৱ হৈ পৰে মুখপাত্ৰগৰাকী ।

ৰাজ্যত অবাধ বন ধ্বংসৰ বিৰুদ্ধে সৰৱ আপ অসম (ETV Bharat Assam)

তেওঁ কয়,"বিগত কেইদিনমান পূৰ্বে অসমত ভয়ংকৰ গ্ৰীষ্মপ্ৰবাহৰ সৃষ্টি হৈছিল । এই গ্ৰীষ্মপ্ৰবাহৰ ফলত বহুলোক ৰোগত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুমুখতো পৰিছে । এই সন্দৰ্ভত গ্ল'বেল ফৰেষ্ট ৱাটচৰ এক ভয়ংকৰ প্ৰতিবেদন প্ৰকাশ পাইছে । এই সন্দৰ্ভত সেউজ ন্যায়ধিকৰণে ৰুজু কৰিছে এক গোচৰ । এই প্ৰতিবেদনত বনধ্বংসৰ ভয়ংকৰ তথ্য প্ৰকাশ পাইছে । "

লগতে তেওঁ কয়, "প্ৰতিবেদন অনুসৰি ৰাজ্যত প্ৰায় ৩.২৩ লাখ হেক্টৰ ভূমি বনধ্বংসৰ হৈছে । ২০০০-২০২৪ চনৰ মাৰ্চ মাহলৈ বন ধ্বংস সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন ওলাইছে । ইয়াৰোপৰি ২০০০-২৩ চনলৈ ২৩ লাখ ৩০ হেজাৰ হেক্টৰ বনভূমি ধ্বংস কৰা হৈছে । প্ৰতিবেদন অনুসৰি প্ৰায় ২৩.৩০ লাখ হেক্টৰ বনাঞ্চলৰ প্ৰায় ৬০ শতাংশ বনভূমি উত্তৰ-পূৱৰ । কেৱল মাত্ৰ উত্তৰ-পূৱৰ প্ৰায় ৬০ শতাংশ বনভূমি ধ্বংস কৰা হৈছে ।"

আপ অসমৰ মুখপাত্ৰগৰাকীয়ে উল্লেখ কৰে, "অসমৰ ক্ষেত্ৰত যদি চাওঁ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এক আন্দোলন আৰম্ভ হৈছিল । একেদিনাই ১ কোটি গছপুলি ৰোপণৰ পদক্ষেপ লৈছিল । অসমৰ বিভিন্ন ক্ষেত্ৰত কাম কৰা সকলোকে এই কাৰ্যত ব্যৱহাৰ কৰা হৈছিল ।"

কিন্তু শ শ কোটি টকা খৰচ কৰি অমৃত বৃক্ষ আন্দোলন কৰিছিল কিন্তু সেই গছবোৰ কি হ'ল বুলি প্ৰশ্ন উত্থাপন মুখপাত্ৰগৰাকীৰ । এই সন্দৰ্ভত চৰকাৰক তীব্ৰ সমালোচনা কৰি ডেকাৰজাই কয়,"ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰোতেও চৰকাৰে হাজাৰ হাজাৰ গছ ধ্বংস কৰিছে । গছপুলি ৰোপণৰ বাবেও মহিলাসকলক পইচা দিব বুলি চৰকাৰে লোভ দিছে । অমৃত বৃক্ষ আন্দোলন চৰকাৰৰ এখন নাটক । অসমত ৪০ ডিগ্ৰীৰ ওপৰত আগতে কেতিয়াও উষ্ণতা হোৱা নাই । চৰকাৰে জধে-মধে বন ধ্বংস কৰি গোলকীয় উষ্ণতা বৃদ্ধি কৰিছে ।"

ইয়াৰোপৰি তেওঁ কয়, "মহিলাসকলক প্ৰলোভন নিদি ,কেৱল চমক সৃষ্টি নকৰাহেতেন বা প্ৰতি ঘৰে ঘৰে ৰুবলৈ দিয়া হ'লে আজি এনে পৰিস্থিতি নহ'লহেতেন । য'ত-য'ত গছপুলি ৰোপণ কৰা হৈছিল, তাত গছপুলি ধ্বংস হৈ শেষ হৈ গৈছে । ১ কোটিৰ ভিতৰত প্ৰায় ৭০-৮০ লাখ গছপুলি ধ্বংস হৈছে । অনাগত দিনত যদি এনেকৈয়ে বনধ্বংস কৰা হয় তেনেহ'লে কেনে ভয়ানক পৰিৱেশ হ'ব ।"

লগতে তেওঁ কয়, "অসম,অৰুণাচল,নাগালেণ্ড,মণিপুৰ,মিজোৰামৰ ভিতৰত অসমতেই হৈছে সৰ্বাধিক বনধ্বংস হৈছে । অসমত ২৪ হেজাৰ হেক্টৰ ভূমিত বনধ্বংস হৈছে । ২০১৫-২০ চনলৈ দেশত বছৰি ৬.৬৮ লাখ হেক্টৰ বনভূমি ধ্বংস কৰা হৈছে । যি অসমৰ ভিতৰত দ্বিতীয় সৰ্বাধিক । ন্যায়ধিকৰণে ২৮ আগষ্ট ২০২৪ ত শুনানি গ্ৰহণ কৰিব ।"

লগতে পঢ়ক: দেশৰ ভিতৰতে বন ধ্বংসৰ ক্ষেত্ৰত ৰেকৰ্ড গঢ়িলে অসমে - Deforestation In Assam

গছ কাটিব যে নালাগে সেই শিক্ষা ক'ভিডে আমাক দিছে; বন ধ্বংসৰ বাবে অৰণ্য মানৱৰ দুখ - Jadav Payeng On Planting Trees

আমগুৰিত দুস্কৃতিকাৰীৰ বন ধ্বংসযজ্ঞ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.