ETV Bharat / state

এগৰাকী মহিলাই কিদৰে প্ৰাণ বচালে ১৮ গৰাকী মহিলাৰ ? - Heroic Rescue - HEROIC RESCUE

Emergency response of woman from Tezpur : বিপদৰ সময়ত ধৰা ধৈৰ্য আৰু বুকুত বান্ধি লোৱা সাহসে কিদৰে নিশ্চিত বিপদৰ পৰা ৰক্ষা কৰিব পাৰে, সেয়া উদাহৰণসহ বুজাই দিলে মিনু বড়োৱে ৷ এক ভয়ংকৰ মুহূৰ্তৰ সাক্ষী হৈয়ো সুকলমে নিজ ঘৰলৈ ১৮ গৰাকী মহিলাক ঘূৰাই অনাত সহায় কৰিলে এইগৰাকী বিশেষ মহিলাই...

Emergency response of woman from Tezpur
এগৰাকী মহিলাই কিদৰে প্ৰাণ বচালে ১৮ গৰাকী মহিলাৰ ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Sep 21, 2024, 5:27 PM IST

Updated : Sep 21, 2024, 5:54 PM IST

তেজপুৰ, ২১ ছেপ্টেম্বৰ : ‘‘১৮ গৰাকী মহিলাৰ প্ৰাণ মই ৰক্ষা কৰিবই লাগিব বুলি ভাবি লৈছিলো ৷ সফল হ’লো মই ৷’’- সম্ভাব্য মৃত্যুৰ মুখৰ পৰা ১৮ গৰাকী মহিলাক বচাই অনা এগৰাকী মহিলাৰ মন্তব্য এয়া ৷ বিপদৰ সময়ত অতি প্ৰয়োজনীয় ধৈৰ্য আৰু সাহসক বাস্তৱক্ষেত্ৰত প্ৰয়োগ কৰি বহুতকে নৱ-জীৱন দিয়া মিনু বড়ো এতিয়া চৰ্চাৰ কেন্দ্ৰ ৷

পাহাৰীয়া একা-বেঁকা পথত ধীৰগতিৰে আগবাঢ়িছিল তীৰ্থযাত্ৰীৰ দলটো ৷ দলটোত আছিল শোণিতপুৰ জিলাৰ 18 গৰাকী মহিলা ৷ লক্ষ্য আছিল কেদাৰনাথ আৰু বদ্ৰীনাথ দৰ্শন ৷ সেই অনুসৰিয়ে দিল্লী বিমান বন্দৰৰ পৰা তীৰ্থযাত্ৰীসকলে ভাৰালৈ ল’লে এখন ট্ৰেভেলাৰ ৷ দুয়োখন ধাম সুকলমে দৰ্শন কৰি তীৰ্থযাত্ৰীসকল উভতি অহাৰ পথত যেন ৰৈ আছিল বিপদ ৷ দলটো উভতি অহাৰ সময়ত মুখামুখী হ’ল তীব্ৰ ভূমিস্খলন, কিনকিনিয়া বৰষুণৰ ; তাতে পাহাৰীয়া একা-বেঁকা পিচল বাট ৷ তললৈ চালেই জীউ উৰি যোৱা এটা পৰিৱেশ ৷ তথাপি আগবাঢ়িল তীৰ্থযাত্ৰীৰ দলটোক লৈ যোৱা ট্ৰেভেলাৰ বাহনখন ৷ সেই দিনটো আছিল ১২ ছেপ্টেম্বৰ, ২০২৪ ৷

দলটো উত্তৰাখণ্ডৰ শ্যামলী জিলাৰ কৰ্ণপ্ৰয়াগ পোৱাৰ সময়তে হঠাৎ অসুস্থ হৈ পৰিল বাহনখনৰ চালকগৰাকী ৷ ইফালে আগে-পিছে কেৱল গাড়ী আৰু গাড়ী ৷ তাতে ঠেক-পিচল পাহাৰীয়া পথ ৷ কেইমুহূৰ্তমানৰ ভিতৰতে চালকগৰাকীৰ কঁপিবলৈ ধৰিলে, কোঁচ খাই আহিল হাত-ভৰি, মুখেৰে ওলাবলৈ ল’লে ফেন ৷ হয়তো সম্ভাব্য বিপদৰ আগজাননী পাই পাকৈত চালকগৰাকীয়ে নিউট্ৰেল কৰিলে গাড়ীৰ গীয়েৰ ৷ দুৰ্গম পথত সংঘটিত এই ঘটনাত সৰগ ভাগি পৰিল যাত্ৰীসকলৰ মূৰত ৷ তাতোকৈ চিন্তনীয় কথাটো হ’ল যে কেউগৰাকী যাত্ৰীয়েই আছিল মহিলা, পুৰুষৰ নামত কেৱল অসুস্থ চালকগৰাকীহে আছিল ৷

এগৰাকী মহিলাই কিদৰে প্ৰাণ বচালে ১৮ গৰাকী মহিলাৰ ? (ETV Bharat Assam)

সেই সময়তে প্ৰচূৰ সাহস আৰু ধৈৰ্যৰে আগবাঢ়ি আহিল মহিলা তীৰ্থযাত্ৰীসকলৰ দায়িত্ব লৈ থকা তেজপুৰ কলিবাৰীৰ মিনু বড়ো ৷ পূৰ্বে মসৃণ পথত সৰু গাড়ী চলোৱাৰ অভ্যাস থকা মিনু বড়োৰ সেই মুহূৰ্তত এটাই মাথো লক্ষ্য- যিকোনো প্ৰকাৰে যাত্ৰীসকলৰ প্ৰাণ বচাব লাগিব ৷ লগে লগে সাহসী মহিলাগৰাকীয়ে আগবাঢ়ি গৈ দেখে যে চালকগৰাকী ভৰি ব্ৰেকত নাই ৷ তাৎক্ষণিক কাম হিচাবে মিনু বড়োৱে লগালে গাড়ীখনৰ হেণ্ডব্ৰেক ৷ তাৰ পিছতে গাড়ীখনৰ ইঞ্জিন বন্ধ কৰে ৷

ইয়াৰ পিছতে আগৰ-পিচৰ চালকসকলৰ সহায় বিচাৰিলে দুঃসাহসিক মিনু বড়োৱে ৷ ইয়াৰ পিছতে অসুস্থ চালকগৰাকীক কাষৰ এখন আসনত বহুৱাই চীট বেল্ট মাৰি দিয়া হ’ল ৷ তাৰ পিছতে মিনু বড়ো আগবাঢ়িল সুৰক্ষিত স্থানলৈ গাড়ীখন লৈ যোৱাৰ বাবে ৷ পূৰ্বে তেনে গাড়ী চলোৱাৰ অভ্যাস নাছিল যদিও দুৰ্গম পথেৰে বহু সাহস বুকুত লৈ যাত্ৰীসকলক লৈ প্ৰায় ৩০ কিঃমিঃ গৈ চালকজনক ভৰ্তি কৰোৱাই এখন চিকিৎসালয়ত ৷ কিন্তু দুৰ্ভাগ্যবশতঃ চালকজনৰ ইতিমধ্যে মৃত্যু হয় ৷

এই অভিজ্ঞতা সন্দৰ্ভত মিনু বড়োৱে ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসক কয়, ‘‘মই সাহস নকৰাহেঁতেন এটা ভয়ংকৰ পৰিস্থিতিত পৰিলোহেঁতেন ৷ কাষত চাব নোৱৰা খাৱৈ আছিল, নদী আছিল ৷ অলকানন্দা, কাবেৰী আদি নদীবিলাক খলখলাই বৈ আছিল ৷ মোৰ এটাই উদ্দেশ্য আছিল যে- মই ১৮গৰাকী মহিলাক লীড লৈ আহিছো, তেওঁলোকক বচাব লাগে ৷’’

স্বাভাৱিকতেই ১৮ গৰাকী মহিলাক সম্ভাব্য মৃত্যুৰ মুখৰ পৰা উভতাই অনা মিনু বড়ো এতিয়া চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে ৷ হৈ পৰিছে সাহস আৰু ধৈৰ্যৰ প্ৰতীক ৷

লগতে পঢ়ক : নাৰী হ’ল বুলিয়েই কিয় নোৱাৰিব ! ডাম্পাৰৰ চালক বিনীতা বড়ো বচনেট এতিয়া এগৰাকী চৰ্চিত মহিলা

Last Updated : Sep 21, 2024, 5:54 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.