ETV Bharat / state

শোৱাপাটীতে দুৰ্বৃত্তই হত্যা কৰিলে জলসম্পদ বিভাগৰ কৰ্মচাৰীক - Sensational Murder

author img

By ETV Bharat Assamese Team

Published : Sep 10, 2024, 1:08 PM IST

Murder in Chabua : দুৰ্বৃত্তই পত্নী-কন্যাৰ সন্মুখত কৰিলে হত্যা । নিশা দুৰ্বৃত্তই ঘৰৰ দুৱাৰ খুলিলে কেনেকৈ ? কোন আছে এই ঘটনাৰ আঁৰত ?

Chabua murder case
নৃশংস হত্যাকাণ্ড (ETV Bharat Assam)

মৰাণ, ১০ ছেপ্টেম্বৰ : ডিব্ৰুগড় জিলাৰ চাবুৱাত জেৰাই গাঁৱত সোমবাৰে নিশা সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড । নিশা ঘৰৰ ভিতৰতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰিলে জলসম্পদ বিভাগৰ কৰ্মচাৰীক । শোৱাপাটীতেই চাৰিজনীয়া দুৰ্বৃত্তৰ দলে পত্নী আৰু কণমানি কন্যাৰ সন্মুখত চোকা অস্ত্ৰৰে হত্য়াকাণ্ড সংঘটিত কৰা ঘটনাই চাঞ্চল্য়ৰ সৃষ্টি কৰিছে । পিছে পোহৰলৈ অহা নাই এই হত্য়াকাণ্ডৰ আঁৰৰ কাহিনী ।

নৃশংস হত্যাকাণ্ড (ETV Bharat Assam)
  • কোনে হত্য়া কৰিলে মাধুৰ্য বৰুৱাক ?

জলসম্পদ বিভাগৰ কৰ্মচাৰী মাধুৰ্য বৰুৱাক কোনে নিশা শোৱাপাটীতেই হত্য়া কৰিব পাৰে ? এই প্ৰশ্নৰ উত্তৰ এতিয়াও ওলোৱা নাই । কাৰণ নিশা প্ৰায় ১:৩০ বজাত চাবুৱাৰ জেৰাই গাঁৱৰ নিবাসী মাধুৰ্য বৰুৱাক চাৰিজনীয়া অচিনাকী দূৰ্বৃত্ত‌ৰ দল এটাই অতি নিৰ্মমভাৱে ঘৰৰ ভিতৰতে হত্যা কৰে । পৰিয়ালৰ ভাষ্যমতে ঘৰত শুই থকা অৱস্থাতে দুৰ্বৃত্ত‌ই মাধুৰ্যক শোৱাপাটীত হত্যা কৰে দলটোৱে ।

নিশা মুখত ক'লা কাপোৰ বান্ধি আহিছিল এটা ৪ জনীয়া দুৰ্বৃত্তৰ দল । মাধুৰ্য বৰুৱাৰ পত্নীয়ে খুলি দিছিল ঘৰৰ দৰ্জা । ইয়াৰ পাচতে পত্নী আৰু কণমানি কন্যাৰ সন্মুখত চোকা অস্ত্ৰ আৰু ধুমুচেৰে মূৰত আঘাত কৰি নিৰ্মমভাৱে হত্যা কৰে । ডিব্ৰুগড়স্থিত জল সম্পদ বিভাগৰ মাণ্ডলিক কাৰ্যালয়ৰ কৰ্মচাৰী আছিল মাধুৰ্য বৰুৱা ।

এই ঘটনাটো সংঘটিত হোৱাৰ পাচতে নিশাই চাবুৱা থানাৰ আৰক্ষী উপস্থিত হয় যদিও পুৱাই দণ্ডাধীশ ঘটনাস্থলীলৈ আহে । আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত কোনো ধৰণৰ তথ্য পোহৰলৈ অহা নাই । ঘটনাস্থলীলৈ বিশেষ তদন্তকাৰী দল আহি সকলো দিশ তন্নতন্নকৈ পৰীক্ষা কৰিছে ।

  • উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী ৰাইজৰ

এই হত্যাকাণ্ডক লৈ সমগ্ৰ চাবুৱাৰ লগতে জেৰাই গাঁৱৰ স্থানীয় লোকৰ‌ মাজত চাঞ্চল্য সৃষ্টি হৈছে । ৰাইজে এই ঘটনাক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাই আৰক্ষীক মৃতদেহ লৈ যোৱাত বিৰোধিতা কৰিছে । আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব কিয় এই ঘটনা সংঘটিত হ'ল আৰু কোন কোন এই ঘটনাত জড়িত ।

মাধুৰ্য বৰুৱাৰ পত্নীয়ে উল্লেখ কৰা মতে, চাৰিজনীয়া দলটোৰ সকলোৱে মুখত ক'লা কাপোৰ বান্ধি আহিছিল । সেয়ে কাকো চিনিব নোৱাৰিলে । মাধুৰ্য বৰুৱাক হত্যা কৰিয়েই দলটোৱে পলায়ন কৰে ।

লগতে পঢ়ক:ঘৰৰ চোতালতে গচকি গচকি ভায়েকে হত্যা কৰিলে ককায়েকক - Golaghat murder case

অৰুণাচলত পুতি থোৱা অৱস্থাত উদ্ধাৰ অসমৰ অপহৃত ট্ৰাক চালকৰ মৃতদেহ, গ্ৰেপ্তাৰ চাৰি - Assam driver killed in Arunachal

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.