ETV Bharat / state

উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন ক্ষেত্ৰক নতুন মাত্ৰা দিয়াৰ চেষ্টা এদল উদ্যমী যুৱকৰ - ASSAM START UP

author img

By ETV Bharat Assamese Team

Published : Jul 12, 2024, 3:21 PM IST

Updated : Jul 12, 2024, 3:28 PM IST

Tourism Sector in North East : The Unexplored নামৰ ষ্টাৰ্টআপ কোম্পানীটোৱে লৈ আহিছে সুখবৰ ৷ ৰাজ্যৰ লগতে উত্তৰ পূবৰ পৰ্যটন ক্ষেত্ৰত নতুন নতুন কামৰ সম্ভাৱনীয়তাৰে ষ্টাৰ্টআপ কোম্পানীটোৱে কি ধৰণে কাম কৰি গৈছে, তাক লৈ ই টিভি ভাৰতৰ সাংবাদিক ভৱেশ মেধিৰ সৈতে হোৱা বিশেষ সাক্ষাৎকাৰ ৷

ASSAM START UP
উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটন ক্ষেত্ৰৰ মনোৰম দৃশ্য (Source : The Unexplored)

গুৱাহাটী, 12 জুলাই: পৰ্যটনৰ ক্ষেত্ৰত যথেষ্ট সম্ভাৱনা থকা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন ক্ষেত্ৰখন নতুন ধৰণে বিকশিত কৰাৰ বাবে এদল উদ্যমী যুৱকে আৰম্ভ কৰিছে এক নতুন ধৰণৰ প্ৰচেষ্টা ৷ ষ্টাৰ্টআপ অসমৰ সহায়ত গঢ়ি তোলা The unexplored নামৰ ষ্টাৰ্টআপ কোম্পানীটোৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন ক্ষেত্ৰখন নতুন ধৰণে বিকশিত কৰাৰ জৰিয়তে নিবনুৱা সংস্থাপনৰ এক নতুন সম্ভাৱনাৰ বাট মুকলি কৰিছে ৷

বিশেষ সাক্ষাৎকাৰ (ETV Bharat Assam)

The unexplored নামৰ ষ্টাৰ্টআপ কোম্পানীটোৱে কি ধৰণে উদ্যমিতা বিকশিত কৰাৰ লগতে আৰু কি ধৰণে উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটন ক্ষেত্ৰত নতুন মাত্ৰা দিয়াৰ চেষ্টা কৰিছে, সেয়া কোম্পানীটোৰ সহ প্ৰতিষ্ঠাপক ৰাজীৱ শৰ্মাই ই টিভি ভাৰতৰ সাংবাদিক ভৱেশ মেধিৰ আগত ব্যক্ত কৰে ৷

লগতে পঢ়ক: সৰ্বভাৰতীয় পৰ্যায়ত নিৰুৎসাহজনক ছবি : ষ্টাৰ্টআপৰ ক্ষেত্ৰত অসম আজি চুবুৰীয়া মেঘালয়তকৈয়ো পিছত - Assam Startup

এই সন্দৰ্ভত ৰাজীৱ শৰ্মাই কয় যে - আমাৰ উত্তৰ-পূব ভাৰতত এনে বহুতো ঠাই আছে, যিবোৰ এতিয়াও আৱিষ্কাৰ হোৱা নাই আৰু এতিয়াও অন্বেষণ কৰিব পৰা হোৱা নাই ৷ ৰহস্যময় স্পন্দনৰ দ্বাৰা শিহৰিত উত্তৰ-পূব ভাৰতৰ এই শ্বাস-প্ৰশ্বাস লোৱা গন্তব্যস্থানবোৰ পৃথিৱীৰ কেইটামান ঠাই যি এতিয়াও ইয়াৰ আদিম অৱস্থাত আছে ৷ সেয়েহে আমি জনসাধাৰণক এই স্থানসমূহৰ বিষয়ে জনাবলৈ, তেওঁলোকক নিজ চকুৰে ইয়াক উলিয়াবলৈ আৰু তেওঁলোকে হেৰুওৱা বস্তুবোৰ অনুভৱ কৰিবলৈ এটা লক্ষ্য নিৰ্ধাৰণ কৰিছো ৷

পৰ্যটকসকলে প্ৰাকৃতিক ঠাইবোৰ চাই থাকিলে অন্য ঠাইবোৰ বিকশিত নহ'ব, যিবোৰৰ পৰ্যটনৰ ক্ষেত্ৰত গুৰুত্ব আছে ৷ আমি সেইবোৰ নতুন ধৰণে চোৱাৰ বাবে পৰ্যটকসকলক আকৰ্ষিত কৰাৰ চেষ্টা কৰিছো ৷ আমি চাহ পৰ্যটনৰ ক্ষেত্ৰত গুৰুত্ব দিছো ৷ লগতে overlanding বাহনৰে পৰ্যটকসকলে পৰিভ্ৰমণ কৰাৰ ব্যৱস্থা কৰা হৈছে ৷ এই overlanding বাহন হ'ল এনে একধৰণৰ বাহন, য’ত থকা আৰু শোৱাৰ সকলো ব্যৱস্থা উপলব্ধ থাকে বুলি লগতে শৰ্মাই সদৰী কৰে ৷

লগতে পঢ়ক: ৰঙা, নীলা নে ভোটজলকীয়াৰ চাহ ? প্ৰায় 52 বিধ সোৱাদ লৈ বিশ্বমুখী অসমৰ চাহ

সম্প্ৰতি অসমৰ কাজিৰঙা, অৰুণাচল প্ৰদেশ, মেঘালয় আৰু নাগালেণ্ডত এই‌ বাহনেৰে ভ্ৰমণ কৰাৰ ব্যৱস্থা কৰা হৈছে ৷ পিচলৈ ইয়াক বিকশিত কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা‌ হ’ব ৷ ৰাজীৱ শৰ্মাই জনাই যে, বৰ্তমান ৯ গৰাকী লোক এই কোম্পানীটোৰ লগত জড়িত হৈ আছে ৷ ২০১৯ চনত এই ষ্টাৰ্টআপ কোম্পানীটো আৰম্ভ কৰা হৈছিল ৷ ইপিনে কোম্পানীটোৰ গ্ৰাফিক্স ডিজাইনাৰ শিৱশীষ কুৰ্মীয়ে জনায় যে, The unexplored.in website ত সকলো তথ্য সন্নিৱিষ্ট কৰা‌ হৈছে ৷ পৰ্যটকসকলে এই ৱেবছাইটত সকলো কথা সহজে জনাৰ বাবে ডিজাইন কৰা হৈছে ৷

লগতে পঢ়ক: ভাৰতৰ ষ্টাৰ্টআপ দৃশ্যপট : শেহতীয়া এআই মিছনে ইয়াক কেনেদৰে বৃদ্ধি কৰিবলৈ সাজু হৈছে

Last Updated : Jul 12, 2024, 3:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.