ETV Bharat / state

মৰিগাঁৱত মন্দিৰৰ আৰ্হিৰ এটি বিশেষ ঘৰ, ঘৰটো কি কৰিব প্ৰশাসনে ? - Heritage Building in Morigaon

author img

By ETV Bharat Assamese Team

Published : Sep 13, 2024, 8:34 PM IST

Office building during British rule : ৯৬ বছৰৰ পূৰ্বেই মৰিগাঁৱত নিৰ্মাণ কৰা এটা বিশেষ গৃহ ৷ বহু স্মৃতি বিজড়িত হৈ আছে গৃহটিৰ লগত ৷ পৰিত্যক্ত অৱস্থাত থকা ব্ৰিটিছৰ শাসনকালৰ গৃহটি এতিয়া সংৰক্ষণ কৰা হ’ব ঐতিহাসিক গৃহ হিচাবে ৷

Office building during British rule
মৰিগাঁৱত মন্দিৰৰ আৰ্হিৰ এটি বিশেষ ঘৰ (ETV Bharat Assam)

ধিং, ১৩ ছেপ্টেম্বৰ : মৰিগাঁও জিলাৰ আটাইতকৈ পুৰণি ইতিহাস প্ৰসিদ্ধ চৰকাৰী কাৰ্যালয়ৰ এটি গৃহ ৷ ব্ৰিটিছৰ শাসনৰ সময়ত ১৯২৮ চনতে নিৰ্মীত এই গৃহ মৰিগাঁও জিলাৰ সদৰ থানা প্ৰতিষ্ঠাৰ সমসাময়িক বুলি জনা গৈছে ৷ এসময়ত উক্ত ঘৰটোৰ পৰাই অবিভক্ত নগাঁও জিলাৰ বিভিন্ন চৰকাৰী কাম-কাজ সম্পন্ন হৈছিল ।

জিলা শিক্ষা বিভাগৰ অধীনস্থ এই ঐতিহ্যপূৰ্ণ গৃহটো মৰিগাঁও জিলাৰ এজন জ্যেষ্ঠ সচেতন ব্যক্তি খগেন মহন্তৰ এক প্ৰস্তাৱৰ আঁত ধৰি মৰিগাঁও জিলা প্ৰশাসনে ল’লে এক বিশেষ পদক্ষেপ ৷ আগন্তুক জিলা দিৱসৰ লগত সংগতি ৰাখি জিলা আয়ুক্তৰ উদ্যোগত আৰু সংশ্লিষ্ট বিভাগৰ সহযোগত নতুনকৈ সজাই পৰাই তুলি ব্যৱহাৰৰ উপযোগী কৰি তোলাৰ প্ৰয়াস লোৱা হৈছে ৷ এইটো জিলাখনৰ অন্যতম Heritage Building হিচাপে চিহ্নিত হৈ ৰ’ব ।

মৰিগাঁৱৰ বহু ইতিহাস বিজড়িত আৰু ঐতিহাসিক প্ৰেক্ষাপটত শতায়ু গৰকিবলৈ উপক্ৰম হোৱা বিশেষ গৃহটি পুনৰ মেৰামতি কৰাৰ পৰিকল্পনা কৰা হৈছে । মৰিগাঁও জিলা দিৱসৰ প্ৰাক ক্ষণত গৃহটিৰ সংৰক্ষণৰ ক্ষেত্ৰত যথোচিত ব্যৱস্থা গ্ৰহণ কৰিব জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই । ফলত উৎফুল্লিত হৈ পৰিছে মৰিগাঁওবাসী ।

এই বিশেষ গৃহটিৰ লগত জড়িত হৈ আছে আজিৰ প্ৰজন্ম‌ই নজনা মৰিগাঁৱৰ বহু ইতিহাস বিজড়িত কথা । প্ৰায় ১৯২৮ চনতেই নিৰ্মাণ কৰা গৃহটি প্ৰথমাৱস্থাত চিকিৎসালয় হিচাপে ব্যৱহৃত হৈছিল যদিও পৰৱৰ্তী সময়ত বহুকেইটা চৰকাৰী বিভাগৰ কাৰ্যালয় হিচাপে আৰম্ভণি ঘটিছিল সেই বিশেষ ঘৰটিৰ পৰাই । সেই সময়ৰ প্ৰযুক্তি ব্যৱহাৰ কৰি কংক্ৰিট আৰু কাঠেৰে আটোমটোকাৰীকৈ নিৰ্মাণ কৰা ঘৰটিৰ ওপৰভাগ মন্দিৰৰ আৰ্হিৰে গম্বুজ আকৃতিত লগোৱা আছিল টিনপাত ৷ বৰ্তমান ঘৰটিৰ বেৰসমূহৰ অংশবিশেষত মেলিছে ফাট । টিনপাতবোৰত ধৰিছে মামৰ । দৰ্জা-খিড়িকীবোৰত লগোৱা গ্লাছবোৰ ভাগিছে । বতাহত যিকোনো মূহুৰ্তত হয়তো ঘৰটি ভাগি যাব পাৰে ।

এনে সন্ধিক্ষণত মৰিগাঁৱৰ ঐতিহাসিক প্ৰেক্ষাপটত এই ঘৰটিৰ প্ৰয়োজনীয় গুৰুত্ব আৰু বৰ্তমান প্ৰজন্মই ইয়াৰ বিষয়ে সহজে জানিব পৰাকৈ সংৰক্ষণ কৰাৰ বাবে চেষ্টা কৰিছে মৰিগাঁৱৰ কৰ্মচাৰী পৰিষদৰ সভাপতি খগেন মহন্ত নামৰ বিশেষ ব্যক্তিগৰাকীয়ে । তেখেতৰ অনুৰোধক্ৰমে মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ঘৰটিৰ সংৰক্ষণ আৰু প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিয়েই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ লোকনিৰ্মাণ গৃহ বিভাগৰ অভিযন্তাক লগত লৈ পৰ্যবেক্ষণ কৰে ঘৰটি । মৰিগাঁও জিলা শিক্ষা বিভাগৰ কাৰ্যালয়ৰ কোঠা হিচাপে ব্যৱহাৰ কৰা ঘৰটি সংৰক্ষণ কৰাৰ বিষয়ে জিলা শিক্ষা বিষয়াগৰাকীয়ে জিলা আয়ুক্তক সন্মতি প্ৰদান কৰে ।

অহা ১৪ আৰু ১৫ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া মৰিগাঁও জিলা দিৱসলৈকে ঘৰটিৰ সংৰক্ষণৰ বাবে প্ৰাৰম্ভিক কাম-কাজ সমাপ্ত কৰাৰ কথা জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক : ঐতিহাসিক চতিয়া থানাত নিৰ্মাণ হ’ব স্মৃতিসৌধ: মুখ্যমন্ত্ৰীৰ ঘোষণা

এৰাবাৰীলৈ পৰিণত দ্বিতীয় সবৰমতী আশ্ৰম : স্বাধীনতা দিৱসৰ সময়তহে মনত পৰে চৰকাৰৰ

ব্ৰিটিছ যুগৰ আইনত পৰ্দা, ১ জুলাইৰ পৰা দেশত কাৰ্যকৰী হ’ব নতুন অপৰাধমূলক আইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.