ETV Bharat / state

চৰাঞ্চলৰ বন্যাৰ্তৰ কাষত এটা দম্পতী - Assam Flood 2024

Assam Flood 2024: বৰক্ষেত্ৰীৰ ভাংনামাৰী চৰত বন্যাৰ্তক সাহায্য এটা দম্পতীৰ । সমাজকৰ্মী চফেদুৰ ৰহমানসহ তেওঁৰ পত্নী প্ৰাক্তন পঞ্চায়ত সভানেত্ৰী মমতাজ খাতুনৰ মহানুভৱতা । পৰ্যাপ্ত পৰিমাণে চৰকাৰী সাহায্য লাভ নকৰা চৰাঞ্চলৰ বন্যাৰ্তৰ মাজত সাহায্য বিতৰণ কৰে দম্পতীটোৱে ।

author img

By ETV Bharat Assamese Team

Published : Jul 6, 2024, 7:29 PM IST

A couple provides flood relief to flood-affected people of Char area in Nalbari
চৰাঞ্চলৰ বন্যাৰ্তৰ কাষত এটা দম্পতী (ETV Bharat Assam)

নলবাৰী,৬ জুলাই: ৰাজ্যৰ চাৰিওদিশে বান বিভীষিকা । বানত ডুবিছে অসমৰ ৩০ খন জিলাৰ লাখ লাখ লোক । বানত উটি গৈছে বহুজনৰ ঘৰ-দুৱাৰ, সা-সম্পত্তি । বানে সৃষ্টি কৰা দুৰ্যোগৰ সময়ত ঠায়ে ঠায়ে এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে বন্যাৰ্তই । কৰ'বাত যদি খোৱাপানীৰ সমস্যা, আন কৰ'বাত আকৌ খাদ্য সামগ্ৰীৰ অভাৱত অনাহাৰে দিন কটাইছে বন্যাৰ্তই । সমান্তৰালকৈ পশুধনৰ খাদ্য সংকটত পৰিছে বন্যাৰ্তই । চাৰিওফালে কেৱল বন্যাৰ্তৰ চকুপানী । আনফালে নেতাসকলৰ প্ৰতিশ্ৰুতি ।

নলবাৰীতো ব্ৰহ্মপুত্ৰৰ বানে বিগত কেইবাদিন ধৰি চৰাঞ্চলত ধাৰণ কৰিছে ভয়াৱহ ৰূপ । নলবাৰীৰ চৰাঞ্চলৰ প্ৰতিটো চৰ ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হোৱা সদৃশ পৰিৱেশ । চৰাঞ্চলৰ পৰা গ্ৰামাঞ্চললৈ স্থানান্তৰিত কৰি কিছু বন্যাৰ্তক যদিও আশ্ৰয় শিবিৰৰলৈ অনা হৈছে, আন বহুতেই আকৌ উক্ত অঞ্চলতেই বানৰ সৈতে সহবাস কৰিবলগীয়া হৈছে । কিন্ত নলবাৰী জিলাৰ এইসকল বন্যাৰ্তই কোনো চৰকাৰী সাহায্য লাভ নকৰাৰ অভিযোগ উত্থাপন হৈছে ।

দুদিন পূৰ্বে স্থানীয় বিধায়ক দিগন্ত বৰ্মন আৰু কংগ্ৰেছৰ এটা সঁজাতি দলে কিছু বান সাহায্য লৈ চৰলৈ গৈছিল যদিও সেয়া পৰ্যাপ্ত নহয় । চৰকাৰৰ দৃষ্টিত নপৰা এইসকল বন্যাৰ্তৰ কাষত নিজাববীয়াকৈ পৰ্যাপ্ত পৰিমাণে কিছু বান সাহায্য লৈ থিয় দিছে এটা দম্পতী । তীব্ৰ খাদ্য সংকটৰ সন্মুখীন হোৱা বন্যাৰ্তক কিছু পৰিমাণে সকাহ দিবলৈ উপস্থিত দম্পতীটো । চৰাঞ্চলৰ যুৱ সমাজকৰ্মী চফেদুৰ ৰহমান আৰু তেওঁৰ পত্নী প্ৰাক্তন পঞ্চায়ত সভানেত্ৰী মমতাজ খাতুনে ভাংনামাৰী অঞ্চলত বান পৰিস্থিতি পৰিদৰ্শন কৰে ।

বান পৰিদৰ্শন কৰি ব্যক্তিগত প্ৰচেষ্টাৰে ঠাই বিশেষে কিছুসংখ্যক বানপীড়িত পৰিয়ালক খাদ্য সামগ্ৰী, বিশুদ্ধ খোৱাপানী প্ৰদান কৰে যুৱ সমাজকৰ্মী চফেদুৰ আৰু তেওঁৰ পত্নীয়ে । বানৰ কবলত পৰা চৰাঞ্চলৰ লোকসকলে খাদ্য, বাসস্থানৰ লগতে শৌচালয়, খোৱাপানীৰ বাবে সমস্যা হোৱা বুলি জানিব দিয়ে বন্যাৰ্ত ৰাইজে । বিপদৰ সময়ত দম্পতীটোৰ এনে প্ৰচেষ্টাক শলাগ জনোৱাৰ লগতে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি সহায়ৰ বাবে আহ্বান জনাই বানপীড়িত লোকসকলে ।

লগতে পঢ়ক: উজনি-নামনি সকলোতে প্ৰকৃতিৰ ধ্বংসলীলা - Assam Flood 2024

মাজুলীত ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা - Ferry Stuck In Brahmaputra

সাধাৰণ জনতাৰ অজ্ঞতাৰ সুযোগ লৈ চৰকাৰে ৰাইজক ৰাম ঠগন দি আছে : অখিল গগৈ - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.