নিউজ ডেস্ক,১১ মে': ৰাজ্যৰ কেইবাটাও প্ৰান্তত শুকুৰবাৰৰ দিনটোত সংঘটিত হয় কেইবাটাও ভয়ংকৰ পথ দুৰ্ঘটনা । নামনি মাজুলীত আজি দিনৰ ভাগত ডাম্পাৰৰ খুন্দাত নিহত হয় এটি শিশু । শোকাবহ দুৰ্ঘটনাক কেন্দ্ৰ কৰি নামনি মাজুলীৰ চেলেকত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । AS-07-AC-8892 নম্বৰৰ ডাম্পাৰৰ খুন্দাত নিহত হয় শিশুটি । প্ৰায় আঢ়ৈ বছৰীয়া শিশুটিয়ে ককাকৰ চাইকেলৰ পৰা নমাৰ সময়তে তীব্ৰবেগী ডাম্পাৰে পাছফালৰ পৰা খুন্দা মাৰে । ফলত কণমানি শিশুটি ডাম্পাৰৰ চকাত সোমাই থিতাতে নিহত হয় ।
চেলেক ধূনাগুৰি দলং নিৰ্মাণৰ সামগ্ৰী কঢ়িওৱা কামত নিয়োজিত আছিল ডাম্পাৰখন । স্থানীয় ৰাইজে ডাম্পাৰখন ঘেৰাও ঘটনাৰ উচিত তদন্ত নকৰিলে জ্বলাই দিয়াৰ হুংকাৰ দিয়ে উত্তেজিত ৰাইজে । ডাম্পাৰসমূহে তীব্ৰবেগত অহাযোৱা কৰাৰ ফলতে এনে ঘটনা সংঘটিত হয় বুলি অভিযোগ উত্থাপন কৰে ৰাইজে ।
ইফালে পুৱতি নিশা ৰঙিয়াৰ ২৭ ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানাত সংঘটিত হয় পথ দুৰ্ঘটনা । দ্ৰুতবেগী বাহনে মহতিয়াই নিয়ে এখন মটৰচাইকেল । দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত দুজনকৈ মটৰচাইকেল আৰোহী । ঘটনাস্থলীত আৰক্ষী আৰক্ষী উপস্থিত হৈ গুৰুতৰভাৱে আহত যুৱক দুজনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰায় । দুৰ্ঘটনাটো কেতিয়া সংঘটিত হৈছিল সেয়া বৰ্তমানলৈকে স্পষ্ট হোৱা নাই ।
AS 25 X 4702 নম্বৰৰ পালচাৰ এন এছ বাইকখনক নলবাৰী অভিমুখী অচিনাক্ত দ্ৰুতবেগী বাহনে খুন্দিওৱাৰ ফলতে সংঘটিত হয় উক্ত দুৰ্ঘটনাটো । দুৰ্ঘটনা সংঘটিত কৰিয়েই চালকে বাহনসহ পলায়ন কৰে । ইফালে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত যুৱক দুজনৰ পৰিচয় বৰ্তমানো জানিব পৰা হোৱা নাই ।
আনহাতে সোণাৰিৰ বৰপুখুৰীৰ ধোদৰ আলিত সংঘটিত হয় আন এক ভয়ংকৰ পথ দুৰ্ঘটনা । পালচাৰ বাইক আৰু মাৰুতি ব্ৰীজাৰ মুখামুখি সংঘৰ্ষৰ ফলত গুৰুতৰভাৱে আহত হয় এজন । চৰাইদেউৰ সোণাৰিৰ বৰপুখুৰীৰ সমীপৰ ধোদৰ আলিত এএছ-৩৩-৯১৬১ নম্বৰৰ পালচাৰ বাইক আৰু এ এছ ০৪ এ জি ৩১৩২ নম্বৰৰ মাৰুতি ব্ৰীজাৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনা ।
এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় বাইক আৰোহীগৰাকী । আহত বাইক আৰোহীজন চফ্ৰাই বাগিচাৰ সন্তোষ কৰ্মকাৰ বুলি জানিব পৰা গৈছে । ঘটনাৰ পাছতে আহত বাইক আৰোহীজনক স্থানীয় ৰাইজে চিকিৎসালয়ত ভৰ্তি কৰে । দুৰ্ঘটনাত পালচাৰ বাইকখন ভাগি দুটুকুৰা হৈ পৰা পৰিলক্ষিত হয় । ইতিমধ্যে স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।