ETV Bharat / state

ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্বাধীনতা দিৱসৰ ব্যাপক কাৰ্যসূচী - 78th Independence Day

author img

By ETV Bharat Assamese Team

Published : Aug 15, 2024, 2:26 PM IST

78th Independence Day: দেশৰ প্ৰতিটো প্ৰান্তৰ লগতে অসমৰো জিলাই জিলাই চৰকাৰীভাৱে আয়োজন কৰা হৈছে ৭৮ সংখ্যক স্বাধীনতা দিৱস । মূল কাৰ্যসূচীৰ উপৰিও বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হৈছে । স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনাও জনোৱা হৈছে ।

78th Independence Day
ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্বাধীনতা দিৱসৰ ব্যাপক কাৰ্যসূচী (ETV Bharat)

নিউজ ডেস্ক,১৫ আগষ্ট : দেশজুৰি স্বাধীনতা দিৱস উদযাপন কৰা হৈছে । অসমৰো প্ৰতিখন জিলাতে উলহ-মালহেৰে স্বাধীনতা দিৱস উদযাপন কৰা হৈছে । মন্ত্ৰী তথা জিলা আয়ুক্ত আৰু বিশিষ্ট ব্যক্তিসকলে বিভিন্ন স্থানত জাতীয় পতাকা উত্তোলন কৰে ।

তিনিচুকীয়া :

তিনিচুকীয়াত জিলা প্ৰশাসনৰ উদ্যোগত বৰগুৰিস্থিত আই টি আই খেলপথাৰত স্বাধীনতা দিৱসৰ আয়োজন কৰা হয় । এই কাৰ্যসূচীত অংশ লৈ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে জাতীয় পতাকা উত্তোলন কৰে ৷ মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে জিলা আয়ুক্ত স্বপ্নীল পাল আৰু আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপ ৷ পতাকা উত্তোলনৰ পিচতে আৰক্ষী, অৰ্ধসামৰিক বাহিনী, এনচিচি আৰু বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে স্বাধীনতা দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰে ।

শিলচৰ :

কাছাৰ জিলাতো ৭৮ সংখ্যক স্বাধীনতা দিৱস পালন কৰা হয় ৷ জিলাখনৰ শিলচৰ ডিএছএ খেলপথাৰত কাছাৰ জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত ৭৮ সংখ্যক স্বাধীনতা দিৱসত জাতীয় পতাকা উত্তোলন কৰে কেবিনেট মন্ত্ৰী নন্দিতা গাৰ্লোছাই ৷ একে সময়তে আৰক্ষী, অৰ্ধ সামৰিক বাহিনীৰ লগতে শিক্ষাৰ্থীসকলেও পেৰেডত অংশগ্ৰহণ কৰে ।

মাজুলী :

মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত গড়মূৰ কছাৰী ময়দানত ৭৮ সংখ্যক স্বাধীনতা দিৱস পালন কৰা হয় । পতাকা উত্তোলন কৰে মাজুলী জিলাৰ আয়ুক্তই । ৰাইজক উদ্দেশ্যি দিয়া ভাষণত মাজুলী জিলাৰ আয়ুক্তগৰাকীয়ে মাজুলীত হৈ থকা চৰকাৰী কামৰ খতিয়ান দাঙি ধৰে । স্বাধীনতা দিৱসৰ দিনটোত মাজুলীৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত হৈ নিজৰ নিজৰ সেৱা আগবঢ়াই যোৱা কেইবাগৰাকী লোকক সম্বৰ্ধনা জনাই মাজুলী জিলা প্ৰশাসনে । আৰক্ষী, চিআৰপিএফ আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ স্কাউট-গাইডৰ দলে পেৰেডত অংশগ্ৰহণ কৰে । ইয়াৰ উপৰিও বিভিন্ন শিল্পীয়ে সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰে ।

লখিমপুৰ :

লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অসমৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে জাতীয় পতাকা উত্তোলন কৰে । লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীত পতাকা উত্তোলন কৰি মন্ত্রীগৰাকীয়ে অসম চৰকাৰৰ বিভিন্ন আঁচনিৰ বিষয়ে বৰ্ণনা কৰে । এনে আঁচনিসমূহৰ দ্বাৰা সাধাৰণ ৰাইজ কেনেদৰে উপকৃত হৈছে তাৰো ব্যাখ্যা আগবঢ়ায় । মন্ত্ৰীগৰাকীয়ে আৰক্ষী, গৃহৰক্ষী বাহিনী, এনচিচি আৰু বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে প্ৰদৰ্শন কৰা পেৰেডৰ অভিবাদন গ্ৰহণ কৰে । তাৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে শিশু উদ্যানত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । এই কাৰ্যসূচীত ৰাজনৈতিক নেতা, মুক্তিযোদ্ধা আৰু তেওঁলোকৰ পৰিয়াল, বিশিষ্ট নাগৰিক, শিক্ষাৰ্থী তথা সাধাৰণ ৰাইজে অংশগ্রহণ কৰে ।

গুৱাহাটী :

গুৱাহাটীৰ বামুণীমৈদামস্থিত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ মুখ্য কাৰ্যালয়ত ৭৮ সংখ্যক স্বাধীনতা দিৱস পালন কৰা হয় । পতাকা উত্তোলন কৰে পৰিষদৰ অধ্যক্ষ ড৹ অৰূপ কুমাৰ মিশ্ৰই । পতাকা উত্তোলনৰ পিচত দিয়া ভাষণ প্ৰসংগত অধ্যক্ষগৰাকীয়ে স্বাধীনতা দিৱসৰ দিনটোতেই আগন্তুক সময়ত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ বিভাগৰ তৰফৰ প্ৰদূষণ মুক্ত অসম গঢ়াৰ বাবে কেতবোৰ নতুন পদক্ষেপ গ্ৰহণ কৰাৰ সংকল্প গ্ৰহণ কৰে । প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ বাবে আৰু অভিলাসী প্ৰকল্প হাতত লোৱা বুলিও তেওঁ জানিবলৈ দিয়ে । অনুষ্ঠানত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সদস্য সচিব শান্তনু কুমাৰ দত্তও উপস্থিত থাকে । লগতে কাৰ্যালয়টোৰ কৰ্মচাৰীসকলেও অংশগ্ৰহণ কৰে ।

ওদালগুৰি :

ওদালগুৰি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পেৰেড গ্ৰাউণ্ডটো ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় । ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে বিটিআৰৰ উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে । ওদালগুৰিৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষাৰ্থী, আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ দলে পেৰেডত অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :ৰাজ্যজুৰি উলহ-মালহেৰে 78 সংখ্যক স্বাধীনতা দিৱস উদযাপন - INDEPENDENCE DAY 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.