ETV Bharat / state

ৰাজ্যৰ বিভিন্ন জিলাত স্বাধীনতা দিৱস উদযাপন - 78th Independence Day

author img

By ETV Bharat Assamese Team

Published : Aug 15, 2024, 6:00 PM IST

78th Independence Day: ৰাজ্যৰ বিভিন্ন জিলাত বৃহস্পতিবাৰে উলহ মালহেৰে স্বাধীনতা দিৱস উদযাপন কৰা হয় । ৰাজ্যৰ মন্ত্ৰী আৰু জিলা আয়ুক্তসকলে পতাকা উত্তোলন কৰি চৰকাৰৰ উন্নয়নমূলক আঁচনিৰ বিষয়ে ৰাইজক অৱগত কৰে ।

78th Independence Day
ৰাজ্যৰ বিভিন্ন জিলাত স্বাধীনতা দিৱস উদযাপন (ETV Bharat)

নিউজ ডেস্ক,১৫ আগষ্ট : আজি দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস । দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰো প্ৰতিখন জিলাতে চৰকাৰীভাৱে স্বাধীনতা দিৱস পালন কৰা হয় । য'ত ৰাজ্য চৰকাৰৰ মন্ত্ৰীৰ লগতে স্থানীয় বিধায়ক তথা নেতাসকলে অংশগ্ৰহণ কৰে । একেদৰে জিলা আয়ুক্তসকলেও স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।

গোৱালপাৰা :

গোৱালপাৰা চহৰৰ জে টি এছ খেলপথাৰত জিলা প্ৰশাসনে আয়োজন কৰা ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে মন্ত্ৰী পীযুষ হাজৰীকাই । স্বাধীনতা দিৱস পতাকা উত্তোলন কৰি মন্ত্ৰীগৰাকীয়ে বিজেপি চৰকাৰৰ কাৰ্যকালৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ খতিয়ান দাঙি ধৰে । আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ উপৰিও জিলাখনৰ কেইবাখনো শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীসকলে স্বাধীনতা দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰে ।

নগাঁও :

নগাঁৱত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে মন্ত্ৰী অতুল বৰাই । নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত হোৱা স্বাধীনতা দিৱসত পুৱা ৯ বজাত মন্ত্ৰীগৰাকীয়ে পতাকা উত্তোলন কৰে । পতাকা উত্তোলনৰ পিছতে বিভিন্ন পেৰেড দলৰ অভিবাদন গ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে । ভাষণত মন্ত্ৰীগৰাকীয়ে চৰকাৰৰ উন্নয়নমূলক কামৰ বিষয়ে বিস্তৃত বাখ্যা আগবঢ়ায় । লগতে দেশৰ স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলৰো স্মৰণ কৰে । এই কাৰ্যসূচীত সাংসদ প্ৰদ্যুৎ বৰদলৈ, বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাইও উপস্থিত থাকে । ইফালে স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী অতুল বৰাই ভাষণ দি থকাৰ সময়তেই পেৰেডত অংশগ্ৰহণ কৰা কেইবাগৰাকী আৰক্ষী জোৱান ঢলি পৰে । উৎকট গৰমৰ বাবেই আৰক্ষী জোৱানসকল ঢলি পৰাৰ সন্দেহ কৰা হৈছে ।

গোলাঘাট :

গোলাঘাটত ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ জাতীয় পতাকা উত্তোলন কৰে মন্ত্ৰী অজন্তা নেওগে । গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা হয় স্বাধীনতা দিৱসৰ কাৰ্যসূচী । পতাকা উত্তোলন কৰি ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে স্বাধীনতা আন্দোলনৰ শ্বহীদসকলক স্মৰণ কৰে । একেদৰে গোলাঘাট জিলাৰ শ্বহীদ কুশল কোঁৱৰ, বিপ্লৱী বীৰ শঙ্কৰ বৰুৱা, কমলা মিৰি, বেজা বৈষ্ণৱ, দাৰিকী দাস, ৰামদাস ৰবিদাস, জননেতা ৰাজেন বৰুৱাকো তেওঁ গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰে । মন্ত্ৰী অজন্তা নেওগে অৰ্ধসামৰিক বাহিনী, আৰক্ষী আৰু বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ পেৰেডৰ অভিবাদন গ্ৰহণ কৰে । অনুষ্ঠানতে গোলাঘাটৰ মুক্তিযুঁজাৰুসকলৰ পৰিয়ালৰ লোকক সম্বৰ্ধনা জনোৱা হয় । উক্ত সম্বৰ্ধনা অনুষ্ঠানত কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, গোলাঘাট জিলা আয়ুক্ত পি উদয় প্ৰবীণ, আৰক্ষী অধীক্ষক ৰাজেন সিঙে অংশগ্ৰহণ কৰে ।

হোজাই :

হোজাই জিলাৰ সদৰ শংকৰদেৱ নগৰৰ খেলপথাৰত জিলা প্ৰশাসনে স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ আয়োজন কৰে । য'ত পতাকা উত্তোলন কৰে অসম চৰকাৰৰ কেবিনেট কেশৱ মহন্তই ৷ মন্ত্ৰীগৰাকীয়ে অৰ্ধসামৰিক বাহিনীৰ লগতে শিক্ষাৰ্থীসকলে প্ৰদৰ্শন কৰা পেৰেডৰ অভিবাদন গ্ৰহণ কৰে । মন্ত্ৰী গৰাকীয়ে ভাষণত দেশমাতৃৰ সেৱক হিচাপে চৰকাৰে গ্ৰহণ কৰা উন্নয়নমূলক আঁচনি ৰূপায়ণত ৰাইজৰ সহযোগিতা কামনা কৰে ।

যোৰহাট :

যোৰহাট চৰকাৰী বহুমুখী বালক বিদ্যালয় খেলপথাৰত ৭৮ সংখ্যক স্বাধীনতা দিৱসত জাতীয় পতাকা উত্তোলন কৰে মন্ত্ৰী যোগেন মহনে । তাৰ পিছতে তেওঁ যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ কয়দীসকলৰ বাবে দক্ষতা বিকাশ কেন্দ্ৰ মুকলি কৰে । যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসূতি বিভাগ কক্ষত আধাৰ কাৰ্ড আৰু ৰক্তদান কাৰ্যসূচী সেৱাও তেওঁ মুকলি কৰে । তাৰ পিছত সাংবাদিকৰ সন্মুখত মন্ত্ৰীগৰাকীয়ে আলফা(স্বাধীন)ৰ বোমাৰ আতংক বিষয়ত মন্তব্য কৰে । আলফা (স্বাধীন)ক আলোচনাৰ মাজলৈ আহিবলৈ তেওঁ আহ্বান জনায় । লগতে আলোচনা মাধ্যমেৰে সকলো সমস্যা সমাধান কৰা হ'ব বুলিও তেওঁ আশ্বাস দিয়ে ।

বাক্সা :

বাক্সাৰ মুছলপুৰত ৭৮ সংখ্যক স্বাধীনতা দিৱস পালন কৰা হয় । মুছলপুৰৰ বাথৌফুৰী ষ্টেডিয়ামত জিলা প্ৰশাসনৰ উদ্যোগত স্বাধীনতা দিৱস পালন কৰা হয় ৷ কাৰ্যসূচী অনুসৰি পুৱা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰা হয় । স্বাধীনতা দিৱসত পতাকা উত্তোলন কৰে জিলা আয়ুক্ত কৃষ্ণা বৰুৱাই ৷ আয়ুক্তগৰাকীয়ে ভাষণ প্ৰসংগত জিলাখনত কাৰ্যকৰী হোৱা বিভিন্ন চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰে । স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি জিলাখনৰ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা ব্যক্তিসকলক সম্বৰ্দ্ধনা জনোৱা হয় ৷ অনুষ্ঠানত বৰমা সমষ্টিৰ বিধায়ক ভূপেন বড়ো, বিটিআৰৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্ম, জিলা আৰক্ষী অধীক্ষক উজ্জ্বল প্ৰতিম বৰুৱাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

চতিয়া :

জামুগুৰিহাটৰ পৰিদৰ্শন ভৱনৰ প্ৰাঙ্গণত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে স্থানীয় বিধায়ক পদ্ম হাজৰিকাই ৷ নদুৱাৰ উন্নয়ন খণ্ড আৰু জামুগুৰি পৌৰ সভাৰ উদ্যোগত অনুষ্ঠিত এই স্বাধীনতা দিৱসৰ কাৰ্যসূচীত পতাকা উত্তোলন কৰি বিধায়কগৰাকীয়ে কয়,"দেশৰ অখণ্ডতা ৰক্ষাৰ স্বাৰ্থত আমি প্ৰতিজন নাগৰিকেই এজন সৈনিকৰ দৰে কাম কৰাৰ আজিৰ দিনটোত আমি সংকল্প লোৱা উচিত ৷ দেশৰ ভিতৰতে থাকি যিসকলে দেশৰ অহিত চিন্তাত সময় পাৰ কৰিছে, সেই সকলক চিনাক্ত কৰি দেশ সুৰক্ষাত আমি সকলোৱেই মনোনিৱেশ কৰা উচিত ।" এই স্বাধীনতা দিৱসত জামুগুৰিহাটৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে দল-সংগঠনেও সহযোগিতা আগবঢ়ায় ৷

জোনাই :

জোনাইৰ গান্ধী ময়দানত মহকুমা প্ৰশাসনৰ উদ্যোগত ৭৮ সংখ্যক স্বাধীনতা দিৱস পালন কৰা হয় । কাৰ্যসূচী অনুসৰি পুৱা ৫ বজাত জোনাই মহকুমা তথ্য আৰু জনসংযোগ বিভাগৰ তত্বাৱধানত দেশপ্ৰেমমূলক গীত পৰিৱেশন কৰা হয় । পুৱা ৬ বজাত প্ৰভাত ফেৰীৰ পিচতে পুৱা ৭ বজাত মহকুমাটোৰ বিভিন্ন স্থানত পতাকা উত্তোলন কৰা হয় । পুৱা ৮.৪৫ বজাত জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাপৰ্ণৰ পিচতে স্বাধীনতা দিৱসৰ কাৰ্যসূচীত পতাকা উত্তোলন কৰে মহকুমাধিপতি শান্তনু গগৈয়ে ৷ মহকুমাটোৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে পেৰেডত অংশগ্ৰহণ কৰে । অনুষ্ঠানত মহকুমাটোৰ বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া-কৰ্মচাৰীকে ধৰি দল-সংগঠনৰ নেতা-কৰ্মীসকলে অংশগ্ৰহণ কৰে ।

ধেমাজি :

ধেমাজিৰ কাছাৰী ময়দানত উলহ-মালহেৰে ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় ৷ ধেমাজি কাছাৰী ময়দানত জাতীয় পতাকা উত্তোলন কৰে জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে ৷ ইয়াৰ পিচতে ৰাইজক উদ্দেশ্যি দিয়া ভাষণত তেওঁ চৰকাৰৰ উন্নয়নমূলক আঁচনিৰ ওপৰত বাখ্যা আগবঢ়ায় । ধেমাজিৰ কাছাৰী ময়দানৰ পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষী, অৰ্ধসামৰিক বাহিনী আৰু শিক্ষাৰ্থীসকলৰ পেৰেডৰ দলৰ অভিবাদন গ্ৰহণ কৰে ।

লগতে পঢ়ক :ৰাজ্যজুৰি উলহ-মালহেৰে 78 সংখ্যক স্বাধীনতা দিৱস উদযাপন - INDEPENDENCE DAY 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.