ETV Bharat / state

আজি কলাগুৰুৰ ৫৬ তম স্মৃতি দিৱস : তেজপুৰত জিলা প্ৰশাসনে জনালে শ্ৰদ্ধাঞ্জলি - DEATH ANNIVERSARY OF BISHNU RABHA

author img

By ETV Bharat Assamese Team

Published : Jun 20, 2024, 1:12 PM IST

Bishnu Prasad Rabha: আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৬ তম স্মৃতি দিৱস ৷ এই দিৱস উপলক্ষে যুগুত কৰা বিশেষ প্ৰতিবেদনৰ জৰিয়তে চাওক তেজপুৰত কিদৰে জ্ঞাপন কৰা হ’ল শ্ৰদ্ধাঞ্জলি ৷

DEATH ANNIVERSARY OF BISHNU RABHA
তেজপুৰত মহা আয়োজন (ETV Bharat Assam)

তেজপুৰ, 20 জুন: আজি ২০ জুন অৰ্থাৎ ৰাভা দিৱস ৷ অসমৰ সাংস্কৃতিক জগতৰ নৱবিপ্লৱৰ সূচনা কৰা মহান মনিষী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আজি ৫৬ সংখ্যক মৃত্যু তিথি ৷ ১৯৬৯ চনৰ আজিৰ দিনটোতে এইগৰাকী মহান শিল্পীয়ে অসমৰ সংস্কৃতিৰ বৰঘৰ চহকী কৰি আমাক সকলোকে এৰি থৈ যায় ৷

কলাগুৰুৰ ৫৬ তম স্মৃতি দিৱস (ETV Bharat Assam)

ৰাভা দিৱস উপলক্ষে বৃহস্পতিবাৰে পুৱা তেজপুৰৰ কলিবাৰীস্থিত সমাধিস্থলত উপস্থিত হৈ শোণিতপুৰ জিলা প্ৰশাসনৰ হৈ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিভিন্ন কৰ্মকৰ্তা আৰু গুণমুগ্ধই জ্ঞাপন কৰে শ্ৰদ্ধাঞ্জলি ৷ ৰাভাৰ জ্যেষ্ঠ পুত্ৰ তথা তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই মহান শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁৰ কৰ্মৰাজিক সোঁৱৰণ কৰে ৷ প্ৰতিকূল বতৰৰ মাজতে ৰাভাৰ সমাধিস্থলী গীত-মাতৰ লগতে ভিন্নৰঙী সাংস্কৃতিক কাৰ্যসূচীৰে জীপাল হৈ পৰে ৷

বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে সংক্ষেপে: ১৯০৯ চনত জন্মগ্ৰহণ কৰা বিষ্ণুপ্ৰসাদ ৰাভা আছিল অসমৰ এগৰাকী সাংস্কৃতিক, সংগীত, নৃত্য, চিত্ৰকলা, সাহিত্যত দখলধাৰী ব্যক্তি ৷ সমান্তৰালকৈ ৰাজনীতিৰ ক্ষেত্ৰখনতো আছিল তেওঁৰ যথেষ্ঠ অৱদান ৷ সাংস্কৃতিক আন্দোলনৰ সমৰ্থক হিচাপে তেওঁ ধ্ৰুপদী আৰু লোক সাংস্কৃতিক পৰম্পৰাৰ বিভিন্ন ধৰণৰ চিত্ৰ অংকন কৰি থৈ গৈছে ৷ অসমৰ সংস্কৃতিৰ গুৰিধঁৰোতা বুলি গণ্য কৰা অসমীয়া জনসাধাৰণে মৰমেৰে তেওঁক কলাগুৰু বুলি কয় ৷

ভাৰতীয় বিপ্লৱী কমিউনিষ্ট পাৰ্টীৰ নেতৃত্বত সশস্ত্ৰ সংগ্ৰামত সক্ৰিয় অংশগ্ৰহণৰ বাবে মাৰ্ক্সবাদীসকলে ৰাভাক "ছাইনিক চিলপি" (সৈনিক শিল্পী) বুলিও কয় ৷ ৰাভাৰ শিৱ বা নটৰাজৰ ভাও লৈ কৰা তাণ্ডৱ নৃত্য প্ৰদৰ্শনত সন্তুষ্ট হৈ ১৯৪১ চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ সৰ্বপল্লী ৰাধাকৃষ্ণণে তেওঁক প্ৰদান কৰে কলাগুৰু উপাধি ৷ তেতিয়াৰ পৰাই জনপ্ৰিয়ভাৱে ৰাভাক কলাগুৰু বুলি জনা যায় ৷

নিজৰ সৃষ্টিৰাজীৰে বিপ্লৱৰ সূচনা কৰা বিষ্ণু ৰাভাই কালজয়ী গীতৰে শোষিত-নিষ্পেষিতজনৰ আৰ্তনাদ গীত আৰু বিপ্লৱৰ মাধ্যমৰে প্ৰকাশ কৰিছিল ৷

DEATH ANNIVERSARY OF BISHNU RABHA
বিষ্ণুপ্ৰসাদ ৰাভা আখৰৰ চানেকি (ETV Bharat Assam)

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক আজি কোনে নাজানে ? সাত সাগৰ তেৰ নদীৰ সিপাৰেও উচ্চাৰিত হয় মহাপুৰুষজনাৰ নাম, উদ্ভাসিত হয় আদৰ্শ৷ যি অসমীয়া সমাজ ব্যৱস্থাৰ নৱ নিৰ্মাতা ৷ বিভেদহীন অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাপক, একেধাৰে একশৰণ বৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠাপক-প্ৰচাৰক ৷ য'ত নাছিল কোনো জাতিভেদৰ প্ৰসংগ ৷ বিপৰীতে মাথো আছিল মানৱপ্ৰেম ৷

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এই আদৰ্শকে সৰোগত কৰি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই অসমত জনগোষ্ঠীয় সমন্বয়-সম্প্ৰীতি প্ৰতিষ্ঠাৰ হকে হেজাৰ বাধাকো নেওচা দি অব্যাহত ৰাখিছিল সংগ্ৰাম ৷ দৰিদ্ৰ নিপীড়িতজনৰ মুক্তি-উদ্ধাৰৰ বাবে হাতত অস্ত্ৰ তুলি লোৱা বিষ্ণুপ্ৰসাদ ৰাভাই জনতাৰ কল্যাণৰ বাবে গীত-নাটক সৃষ্টি আৰু পৰিৱেশনৰে এখন বিভেদহীন মানৱ সমাজ প্ৰতিষ্ঠাৰ সপোন দেখিছিল৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ছবি অংকন কৰি তেওঁৰ আদৰ্শক সমাজত প্ৰচাৰ কৰাৰ ক্ষেত্ৰত কৰা নাছিল কোনো কৃপণালি ৷

"রাজ্যে আছে দুইটি পাঠা
একটি কালো, এক সাদা
রাজ্যে যদি মংগল চাও
দুইটি পাঠাই বলি দাও”

এইদৰে শ্ল'গান লিখি ব্ৰিটিছ বাহিনীৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰি বিদ্ৰোহী নেতালৈ নিজক ৰূপান্তৰ কৰা ৰাভাই নিপীড়িত-নিস্পেষিত জনতা, হালোৱা-হাজোৱা, কৃষক ৰাইজক একত্ৰিত কৰি ঐক্যবদ্ধ সমাজ প্ৰতিষ্ঠা কৰাৰ দিশত অগ্ৰসৰ হৈছিল ৷

তেতিয়াৰ অবিভক্ত দৰং জিলাৰ ভিতৰতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা ৰাভাই সমাজ-সংস্কৃতি, ভাতৃত্ববোধ আৰু সমন্বয়ৰ যি মধুৰ তথা চিৰযুগমীয়া চানেকীৰ বোৱতী নদী প্ৰবাহিত কৰি গ'ল, সি আজিও বিৰামহীন গতিৰে প্ৰবাহিত হৈ আছে ৷

সকলোকে আপোন কৰি ল’ব পৰা আৰু উচ্চ-নীচৰ পৰিধি অনায়াসে অতিক্ৰম কৰা বিষ্ণু ৰাভাৰ আদৰ্শক সেই সময়ৰ ৰক্ষণশীল সমাজখনেও আকোঁৱালি ল’বলৈ কুণ্ঠাবোধ কৰা নাছিল ৷ এইগৰাকী মনীষীৰে ৫৬ সংখ্যক মৃত্যুতিথিত আজি তেজপুৰৰ ৰাইজৰ লগতে ৰাজ্যবাসীয়ে শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে ৷

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কৰ্মভূমি যিদৰে 'পকী' আৰু 'বাণ থিয়েটাৰ' আছিল, সেইদৰে বিষ্ণুৰাভাৰ কৰ্মস্থলী বাণ থিয়েটাৰ হোৱাৰ উপৰিও ৰাজ্যখনৰ প্ৰতিগৰাকী ব্যক্তিৰ প্ৰতিখন ঘৰেই আছিল ৰাভাৰ অমৰ সৃষ্টি আৰু কৰ্মৰ উৰ্বৰক্ষেত্ৰ ৷

নিজৰ বিপ্লৱী সত্তাৰ বাবে জনতাৰ হকে তেওঁ বহুবাৰ কাৰাবাস খাটিছিল ৷ চৰকাৰৰ চকুত ধূলি মাৰি পলায়ন কৰি আছিল সৈনিক শিল্পী বিষ্ণু ৰাভাই ৷ বিষ্ণুৰাম মেধি চৰকাৰে ৫০ লাখ টকাৰ উপহাৰ ৰাখিছিল ৰাভাৰ খবৰ দিয়াজনৰ বাবে আৰু তেওঁৰ মূৰৰ দাম ঘোষণা কৰিছিল ১০ হাজাৰ টকা ৷

ৰাভাই আত্মগোপন কৰি থকা সময়ৰ ভিতৰতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই শেষ নিশ্বাস ত্যাগ কৰিছিল ৷ খবৰটো শুনি ৰাভা ইমানেই বিচলিত হৈ পৰিল যে, তেওঁ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ কথা চিন্তা কৰে ৷ ১৯৫১ চনত ভাৰতীয় জনগোষ্ঠী নাট্য সন্থাৰ অসম শাখাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল বিষ্ণু ৰাভা ৷

ভাৰতীয় বিপ্লৱী কমিউনিষ্ট পাৰ্টী(আৰ চি পি আই) ৰ বিদ্ৰোহী হিচাপে কাম কৰা ৰাভাই বিপ্লৱী শিল্পী হিচাপেও বিপুল জনপ্ৰিয়তা লাভ কৰিছিল ৷ পৰৱৰ্তী সময়ত তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে তেজপুৰৰ পৰা নিৰ্বাচন খেলি বিধায়ক হিচাপে নিৰ্বাচিত হয় ৷

উল্লেখ্য যে, ১৯৬৯ চনৰ আজিৰ দিনটোত পৰলোক গমন কৰা ৰাভাদেৱৰ সৈতে আছিল ড৹ ভূপেন হাজৰিকাৰ আত্মিক সম্পৰ্ক ৷ কলাগুৰুৰ এই পবিত্ৰ পূণ্যতিথিত অসমবাসীৰ লগতে ইটিভি ভাৰতৰ তৰফৰ পৰাও জনালো একাঁজলি শ্ৰদ্ধাঞ্জলি ৷

লগতে পঢ়ক: দুদিনীয়া ভ্ৰমণসূচীৰে তেজপুৰলৈ মুখ্যমন্ত্ৰী : প্ৰদান কৰিব বিষ্ণু ৰাভা বঁটা - Bishnu Rabha Award 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.