চিৰাং, 2 মাৰ্চ : এটি 6 বছৰীয়া কন্যা শিশুক যৌন আতিশায্য চলোৱাৰ অভিযোগত চিৰাঙৰ বাসুগাঁও চহৰৰ প্ৰতিষ্ঠিত বস্ত্ৰ ব্যৱসায়ী বাবুল দাসক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষী সূত্ৰই জানিবলৈ দিয়া অনুসৰি বাসুগাঁও চহৰৰ প্ৰতিষ্ঠিত ব্যৱসায় প্ৰতিষ্ঠান এ. কে. হেণ্ডলুমৰ স্বত্বাধিকাৰী বাবুল দাসে (50) চলিত বৰ্ষৰ 11 জানুৱাৰীত চহৰৰ সাপ্তাহিক বন্ধৰ সুযোগ গ্ৰহণ কৰি এটি 6 বছৰীয়া কণমানিক ফুচুলাই নিজৰ ব্যৱসায়ীক প্ৰতিষ্ঠানলৈ মাতি আনে ৷ পিচত শিশুটিৰ লগত দুষ্কাৰ্য সংঘটিত কৰাৰ অপচেষ্টা কৰাত সৌভাগ্যক্ৰমে শিশুটিয়ে বিকৃত মানসিকতাৰ বাবুল দাসৰ অস্বাভাৱিক আচৰণ দেখি হাতত কামুৰি দোকানৰ পৰা দৌৰি গৈ পিতৃ-মাতৃৰ আগত বাবুল দাসৰ কুকাণ্ডৰ কথা বিৱৰি কয় ৷ ইফালে এই ঘটনাৰ পিচতে আতংকিত হৈ পৰি অস্বাভাৱিক আচৰণ কৰিবলৈ লয় ভুক্তভোগী শিশুটিয়ে ৷
- " class="align-text-top noRightClick twitterSection" data="">
ইয়াৰ পূৰ্বেও দুদিন অভিযুক্ত বাবুল দাসে শিশুটিৰ ওপৰত নিৰ্যাতন চলাইছিল বুলি অভিযোগ উত্থাপন হৈছে ৷ ঘটনাৰ পিচতে শিশুটিৰ পিতৃ-মাতৃয়ে বাসুগাঁও আৰক্ষী থানাত এজাহাৰো দিছিল ৷ কিন্তু বাসুগাঁও আৰক্ষীয়ে অভিযুক্ত বাবুল দাসক বিচাৰি যোৱাৰ পূৰ্বেই পলায়ন কৰে ৷ প্ৰায় দুমাহ ধৰি অসমৰ বিভিন্ন স্থানত আত্মগোপন কৰি নিজৰ কু-কাণ্ডৰ লুক-ঢাক দিয়াৰ অপচেষ্টা চলাইছিল অভিযুক্ত বাবুল দাসে ৷ আৰক্ষীয়ে পলাতক বাবুল দাসৰ অনুসন্ধান কৰি আছিল যদিও কোনো শুংসূত্ৰ উলিয়াব পৰা নাছিল ৷ কিন্তু আজি এক গোপন তথ্যৰ ভিত্তিত অভিযান চলাই পলাতক হৈ থকা বাবুল দাসক তেওঁৰ নিজৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷
আনহাতে আজি ভুক্তভোগী শিশুটিৰ পিতৃ-মাতৃয়ে বাসুগাঁও আৰক্ষী থানাত নতুনকৈ পুনৰ এজাহাৰ দাখিল কৰে ৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে 4/24 নম্বৰৰ এক গোচৰ পঞ্জীয়ন কৰি POCSO ৰ অধীনত অভিযুক্ত বাবুল দাসক গ্ৰেপ্তাৰ কৰি কাজলগাঁৱৰ সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ কৰে ৷ জানিব পৰা মতে আদালতে বাবুল দাসক দুদিনৰ আৰক্ষীৰ জিম্মাত দিয়ে ৷ উল্লেখ্য যে বিকৃত মানসিকতাৰ বাবুল দাসৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও অন্য তিনিগৰাকী নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল ৷
এই ঘটনাক লৈ সদৌ বিটিআৰ বেংগলী যুৱ-ছাত্ৰ ফেডাৰেচনৰ সাধাৰণ সম্পাদক শুভ মজুমদাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে এনেধৰনৰ বিকৃত মানসিকতাৰ লোকক আজীৱন জেলত ভৰাই থব লাগে ৷ লগতে আৰক্ষীয়ে উপযুক্ত আইন আৰু ধাৰা প্ৰয়োগ কৰি বাবুল দাসক আজীৱন কাৰাবাসৰ ব্যৱস্থা কৰাৰ দাবী উত্থাপন কৰে ৷
লগতে পঢ়ক : ধুবুৰীত দহজনক যাৱজ্জীৱন কাৰাদণ্ড