ETV Bharat / state

বেংকৰ ঋণ ল’বলৈ ন্যায়াধীশৰ নথিপত্ৰ জালিয়াতি: গ্ৰেপ্তাৰ ৫ - Loan fraud gang busted

author img

By ETV Bharat Assamese Team

Published : Aug 20, 2024, 10:38 PM IST

Bank fraud in Assam: অৰ্থনৈতিক অপৰাধত গ্ৰেপ্তাৰ তেজপুৰ আদালতৰ ২ কৰ্মচাৰী । দণ্ডাধীশৰ স্বাক্ষৰ জালিয়াতি কৰি বেংকৰ পৰা ঋণ লোৱাৰ অভিযোগত দুই আদালতৰ কৰ্মচাৰীসহ পাঁচজনীয়া এটা চক্ৰ আৰক্ষীৰ জালত । বেংকৰ ঋণ লাভ কৰাৰ বাবে যিসকল লোক অযোগ্য তেওঁলোকক ঋণ লাভ কৰাত এই চক্ৰটোৱে সহায় কৰে ৷

Bank fraud in Assam
বেংকৰ ঋণ ল’বলৈ ন্যায়াধীশৰ নথিপত্ৰ জালিয়াতি (ETV Bharat Assam)

তেজপুৰ, ২০ আগষ্ট : যিকোনো লোককে আদালতৰ কৰ্মচাৰী বুলি ভুৱা চহীৰে বেংকত পতিয়ন নিয়াই ঋণ সংগ্ৰহ কৰা এটা চক্ৰ সম্প্ৰতি আৰক্ষীৰ জালত পৰিছে তেজপুৰত ৷ এই পৰিকল্পিত বিত্তীয় অপৰাধৰ সৈতে তেজপুৰস্থিত জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ একাধিক কৰ্মচাৰী জড়িত থকাৰ লগতে বেংকৰ কৰ্মচাৰীও জড়িত থকাৰ অভিযোগ উত্থাপন হোৱাৰ লগতে এইদৰে এটা চক্ৰ গঢ় লৈ উঠাৰো আশংকা কৰিছে শোণিতপুৰ আৰক্ষীয়ে ৷

বেংকৰ ঋণ ল’বলৈ ন্যায়াধীশৰ নথিপত্ৰ জালিয়াতি: গ্ৰেপ্তাৰ ৫ (ETV Bharat Assam)

উল্লেখ্য যে, চলিত সপ্তাহত এই অৰ্থনৈতিক অপৰাধৰ বিষয়ে পোহৰলৈ অহাৰ পিছতে আৰক্ষীৰ তদন্তত আজিলৈকে আদালতৰ দুই কৰ্মচাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ কৰা হৈছে ৷ আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, মুখ্য ন্যায়িক দণ্ডাধীশৰ চহী জালিয়াতি কৰে এই দুষ্ট চক্ৰটোৱে ৷ চৰকাৰী কৰ্মচাৰী নোহোৱা সত্বেও মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ কৰ্মচাৰী সজাই এনে জালিয়াতিৰে এই চক্ৰটোৱে মিলি আদায় কৰিলে বৃহৎ পৰিমাণৰ বেংক লোণ ৷

এতিয়া কেঁচু খান্দোতে সাপ ওলোৱাৰ দৰে ইজনৰ পিছত সিজন অভিযুক্ত আৰক্ষীৰ জালত পৰিবলৈ আৰম্ভ কৰিছে ৷ আজি এই সন্দৰ্ভত শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে তদন্ত তথা ইতিমধ্যে পাঁচজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত সত্যতা প্ৰকাশ কৰি এই জালিয়াতিৰ বিষয়ে আলোকপাত কৰি আৰক্ষীৰ তদন্ত অব্যাহত থকা বুলিও সংবাদমাধ্যমক জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, তেজপুৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত বালিচাপৰিৰ কমল কাৰ্কি ছেত্ৰী নামৰ লোকজনৰ নামত শোণিতপুৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ চহী জালিয়তি কৰি কাৰ্কি ছেত্ৰীক আদালতৰ কৰ্মচাৰী বুলি দেখুৱাই তেওঁৰ নামত আনকি প্ৰয়োজনীয় পে-শ্লিপো জাল কৰি ভাৰতীয় ষ্টেট বেংকৰ তেজপুৰ প্ৰধান শাখাৰ পৰা লোণ আদায় কৰে ৷ এই ঘটনা পোহৰলৈ অহাত কমল কাৰ্কি ছেত্ৰীক প্ৰথমে অভিযোগৰ ভিত্তিত তেজপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷

পিছত ঘটনাৰ পম খেদি আৰক্ষীয়ে বিষয়টো অধিক গুৰুত্ব সহকাৰে লৈ ভাৰতীয় ন্যায় সংহিতাৰ ৬১(১)/৩১৯/৩৪০/৩(৫)/৩৩৬(৩)ধাৰাত পঞ্জীভুক্ত ৩৯২/২০২৪ নম্বৰ গোচৰটো তদন্ত ক্ষীপ্ৰতাৰে আৰম্ভ কৰে ৷ এই তদন্ত আগবঢ়াৰ লগে লগে দিগন্ত নামৰ ষ্টেট বেংকৰ গাড়ী চালকটো এই জালিয়াতিৰে জড়িত থকাটো নিশ্চিত হয় আৰু গাড়ী চালক দিগন্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত মুঠ পাঁচজনক এই পৰিকল্পিত অৰ্থনৈতিক অপৰাধৰে পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে জড়িত থকাটো আৰক্ষী নিশ্চিত হয় ৷

আৰক্ষীয়ে প্ৰথমে আটাইকে গ্ৰেপ্তাৰ কৰি জিম্মাত লোৱাৰ পিছত আদালতত হাজিৰ কৰাই কাৰাগাৰলৈ প্ৰেৰণ কৰে ৷ এই ঘটনাৰে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰা পাঁচজন লোকৰ ভিতৰত কামেশ্বৰ তালুকদাৰ আৰু অমৰজিত দাস নামৰ লোক দুজন তেজপুৰ জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ কৰ্মচাৰী ৷ আনহাতে সম্প্ৰতি চৰ্চিত এই ঘটনাৰ তদন্ত আগবঢ়াৰ লগে লগে একাংশ পুঠি-খলিহনা আৰক্ষীৰ জালত পৰিছে যদিও অচিৰেই এই গোচৰৰ তদন্তত একাংশ ৰৌ-বৰালী জালত পৰাৰ সম্ভাৱনা আছে ৷

উল্লেখযোগ্য যে, আজি কাৰাগাৰলৈ প্ৰেৰণ কৰা কৰ্মচাৰী অমৰজিত দাসৰ বেংক একাউন্ট পৰীক্ষা কৰাত আৰক্ষীয়ে বহু লাখ টকাৰ লেনদেন হোৱাটো ধৰা পেলাইছে ৷ বিষয়টো শোণিতপুৰৰ আৰক্ষী অধীক্ষকে গুৰুত্ব সহকাৰে লোৱাৰ লগতে জিলা সত্ৰ ন্যায়াধীশ আৰু মুখ্য ন্যায়াধীশে যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে ৷ শোণিতপুৰ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, ঘটনা সন্দৰ্ভত যিহেতু তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে তেনেস্থলত ঘটনাই নতুন ৰূপ লোৱাৰ প্ৰবল সম্ভাৱনা এতিয়া ঘনীভূত হৈছে ৷

লগতে পঢ়ক: দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত গ্ৰেপ্তাৰ BDO আৰু সহকাৰী BDO - Caught for taking bribe

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.