ETV Bharat / state

খিলঞ্জীয়া যুৱতীৰ ওপৰত অনা অসমীয়া দুৰ্বৃত্তৰ আক্ৰমণ: শিৱসাগৰত 30 টা সংগঠনৰ প্ৰতিবাদ - Protest in Sivasagar

author img

By ETV Bharat Assamese Team

Published : Aug 19, 2024, 2:15 PM IST

Player Attack Case in Sivasagar: শিৱসাগৰত বহিৰাগত বণিয়াৰ আক্ৰমণৰ বলি হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈক ন্যায় প্ৰদান দাবীত আজিও উত্তাল হৈ আছে শিৱসাগৰৰ ৰাজপথ ৷ অভিযুক্তক উচিত শাস্তি প্ৰদানৰ দাবীত আজি 30 টা দল-সংগঠনৰ লগতে সহস্ৰাধিক লোকে শিৱসাগৰত জংগী আন্দোলন গঢ়ি তোলে ৷

Player Attack Case in Sivasagar
বহিৰাগত বণিয়াৰ বিৰুদ্ধে শিৱসাগৰত দল-সংগঠনৰ জংগী আন্দোলন (ETV Bharat Assam)

শিৱসাগৰ, 19 আগষ্ট : প্ৰতিবাদৰ ঢৌত কঁপিছে শিৱসাগৰৰ ৰাজপথ ৷ অনাঅসমীয়াৰ দপদপনি অসমত নচলিব বুলি আজি 30 টা দল-সংগঠনৰ লগতে সহস্ৰাধিক লোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে সকলো দোকান-পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি বিভিন্ন শ্ল'গ্নান দি প্ৰতিবাদকাৰীয়ে উত্তাল কৰে শিৱসাগৰৰ আকাশ-বতাহ ।

ইতিমধ্যে সকলোৰে জ্ঞাত যে, শিৱসাগৰৰ বাবুপট্টিত যোৱা 13 আগষ্টত ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈক বহিৰাগত বণিয়াই প্ৰহাৰ কৰিছিল ৷ বহিৰাগত বণিয়াৰ প্ৰহাৰত শাৰীৰিক আৰু মানসিকভাৱে আঘাতপ্ৰাপ্ত হৈছিল 18 বছৰীয়া অসমীয়া পাঞ্জা খেলুৱৈগৰাকী ৷ দলবদ্ধ আক্ৰমণৰ ফলত মূৰ আৰু পেটত গুৰুতভাৱে আঘাত পাইছিল খেলুৱৈগৰাকীয়ে ৷ বৰ্তমান শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন খেলুৱৈগৰাকী ।

এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈগৰাকীক ন্যায় দিয়াৰ দাবীত প্ৰতিবাদত নামি পৰে শিৱসাগৰৰ 30 টা দল সংগঠনৰ লগতে সহস্ৰাধিক লোকে ৷ প্ৰতিবাদকাৰীৰ এটাই দাবী, অভিযুক্তই ভৰি ধৰি ক্ষমা খুজিব লাগে ভুক্তভোগী আছাম এনাৰ্জী ইন্সিটিউটত ফায়াৰ এণ্ড চেফটি ইঞ্জিনিয়াৰিঙৰ ছাত্ৰীগৰাকীক ৷

লগতে পঢ়ক : শিৱসাগৰত বহিৰাগতৰ আক্ৰমণৰ বলি ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ: অভিযুক্তক উপযুক্ত শাস্তিৰ দাবীত তীব্ৰ প্ৰতিবাদ - Player Attack Case in Sivasagar

জানিব পৰা মতে, 13 আগষ্টৰ দিনা তিনিটা অনাঅসমীয়া দুৰ্বৃত্তই বৰ্বৰ আক্ৰমণ চলাইছিল খেলুৱৈগৰাকীৰ ওপৰত ৷ আনকি ভুক্তভোগীৰ গাৰ কাপোৰো ফালি দিয়াৰ অভিযোগ উত্থাপন হৈছে ৷ কিন্তু এইবোৰ জানিও কিয় চৰকাৰ তথা প্ৰশাসন নিমাত বুলি প্ৰশ্ন তুলিছে এতিয়া থলুৱা অসমীয়াসকলে ।

প্ৰতিবাদকাৰীৰ সকিয়নী অনাঅসমীয়ালৈ, ‘‘শিৱসাগৰাত নচলিব অনাঅসমীয়াৰ দাদাগিৰি ৷ শিৱসাগৰত কোনো অনাঅসমীয়াই পাতিব নোৱাৰিব কোনোধৰণৰ প্ৰিমিয়াৰ লীগ ৷ শিৱসাগৰত মাৰোৱাৰী প্ৰিমিয়াৰ লীগ অথবা ভোজপুৰী প্ৰিমিয়াৰ লীগ নচলিব ৷ শিৱসাগৰত কেৱল শিৱসাগৰ প্ৰিমিয়াৰ লীগ হ’ব ৷’’

‘‘শিৱসাগৰাত থাকিলে কোনো অনা অসমীয়াই গঠন কৰিব নোৱাৰিব কোনো ছাত্ৰ সংগঠন ৷ শিৱসাগৰত থাকিলে ভূমিপুত্ৰ, খিলঞ্জীয়াসকলৰ লগত একগোট হৈ থাকিব লাগিব, অসমৰ বাবে মাত মাতিব লাগিব ৷ মাৰোৱাৰী ছাত্ৰ ফেডাৰেন্সন, বেংগলী ছাত্ৰ সন্থা অথবা ভোজপুৰী ছাত্ৰ সন্থাক ইয়াত সংগঠন কৰিবলৈ দিয়া নহ’ব ৷ সংগঠন কৰা দেখিলে আমাৰ ল’ৰাই ব্যৱস্থা ল’ব ৷ সেয়া সঁচা কথা ৷’’ এই বুলি প্ৰতিবাদস্থলীৰ পৰাই সকিয়নী প্ৰদান কৰে প্ৰতিবাদী সংগঠনৰ সদস্যই ৷

লগতে পঢ়ক : বাস্তৱায়িত হ’ব নে ডিমা হাছাও আৰু কাৰ্বি আংলং জিলাক সামৰি পৃথক স্বায়ত্তশাসিত ৰাজ্য গঠনৰ সপোন ? - DEMANDS FOR AUTONOMOUS STATE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.