ETV Bharat / state

ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান: জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা - GANZA SEIZED IN GOLAGHAT

author img

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 1:43 PM IST

3 Drug peddlers Arrested : গোলাঘাটত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ অভিযানত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা ৷ গাঞ্জাসহ গ্ৰেপ্তাৰ 3 ৷ বাহন জব্দ ।

3 smuggler arrested with huge quantity of ganja in golaghat
আৰক্ষীৰ জিম্মাত অভিযুক্ত (ETV Bharat Assam)

গোলাঘাট, 29 জুন: ৰাজ্যত অব্যাহত ড্ৰাগছ বিৰোধী অভিযান । সমান্তৰালভাবে গোলাঘাট আৰক্ষীয়েও প্ৰায় প্ৰতিদিনেই চলাই গৈছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান । ড্ৰাগছ বিৰোধী অভিযানত পুনৰ বৃহৎ সাফল্য লাভ কৰে গোলাঘাট আৰক্ষীয়ে ৷ গোলাঘাট অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত এটা আৰক্ষীৰ দলে শুকুৰবাৰে জিলাখনৰ ফৰকাটিং আৰু নুমলীগড়ত ব্যাপক অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ কৰাৰ লগতে তিনিখন চাৰিচকীয়া বাহন, এখন মটৰ চাইকেল জব্দ কৰে ৷

জব্দকৃত বাহন (ETV Bharat Assam)

পৃথকে চলিল দুটাকৈ ড্ৰাগছ বিৰোধী অভিযান

অভিযানৰ সময়ত আৰক্ষীয়ে তিনি গাঞ্জা সৰবৰাহকাৰীক হাতে-লোতে কৰায়ত্ত কৰিবলৈ সক্ষম হয় । আৰক্ষীৰ দলে ফৰকাটিঙৰ 1 নং তিৰোৱাল গাঁৱত অভিযান চলাই 2.032 কেজি গাঞ্জা জব্দ কৰাৰ লগতে বিজিত নাথ ওৰফে বনগুটি আৰু ত্ৰিদীপ গগৈক গ্ৰেপ্তাৰ কৰে ।

লগতে পঢ়ক: ঘাতকৰ ৰূপত মাৰাত্মক ড্ৰাগছ : পুত্ৰৰ আক্ৰমণত প্ৰাণ হেৰুৱালে মাতৃয়ে - Drugs addict son kills mother

ইফালে, জিলাখনৰ নুমলীগড়ত আৰক্ষীয়ে অভিযান চলাই 5 কেজি গাঞ্জাসহ লতাবাৰী আহোম গাঁৱৰ মাণিক আহমেদক গ্ৰেপ্তাৰ কৰে । শুকুৰবাৰে চলোৱা এই অভিযানত গোলাঘাট সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমণি ডেকা, ফৰকাটিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, নুমলীগড় আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ আৰক্ষীৰ জোৱানসকলেও সহযোগিতা আগবঢ়ায় ।

4 খনকৈ বাহন জব্দ

ফৰকাটিং আৰু নুমলীগড়ত আৰক্ষীয়ে চলোৱা অভিযানত জব্দ কৰে 4 খনকৈ বাহন ৷ গাঞ্জা সৰবৰাহৰ অভিযোগত AS 01 FM 8892, AS 01 7880 নম্বৰৰ এখন বলেৰ' আৰু AS 05 S 5452 চুজুকী চিলেৰিঅ' মটৰ চাইকেল, AS 05F 9954 নম্বৰৰ পালচাৰ বাইক জব্দ কৰে আৰক্ষীয়ে । বৰ্তমান আৰক্ষীৰ জিম্মাত আছে অভিযুক্ত ৷

লগতে পঢ়ক: 7 কোটি টকাৰ হেৰ’ইনসহ আৰক্ষীৰ জালত এটা সৰবৰাহকাৰী - Drugs seized

জব্দ হোৱা ড্ৰাগছৰ ওপৰেৰে ৰোলাৰ চলালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই - Himanta Biswa Sarma

আন্তর্জাতিক ড্ৰাগছ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস : জ্বলাই নষ্ট কৰিলে কোটি টকাৰ ড্ৰাগছ - World Drug Day 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.