ETV Bharat / state

ভাৰতীয় সংবিধানৰ 125 সংখ্যক সংশোধনী সন্দৰ্ভত আলোচনাৰ বাবে আজি দিল্লীলৈ ৰাওনা হ’ব কংগ্ৰেছ নেতৃত্ব - Karbi Anglong Congress press meet

author img

By ETV Bharat Assamese Team

Published : Jul 31, 2024, 8:12 AM IST

Karbi Anglong District Congress: আজি নতুন দিল্লীলৈ যাব কার্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ কংগ্ৰেছ নেতৃত্ব ৷ 125 সংখ্যক সংশোধনী সন্দর্ভত কংগ্ৰেছ দলৰ শীর্ষ নেতৃবর্গক সাক্ষাৎ কৰিবলৈ দিল্লীলৈ যাব তিনি পাহাৰীয়া জিলাৰ কংগ্ৰেছ নেতৃত্ব ৷ মঙলবাৰে এক সংবাদমেলযোগে জনায় কার্বি আংলং জিলা কংগ্রেছৰ ভাৰপ্রাপ্ত সভাপতি বিদ্যাছিং ৰংপিয়ে ৷

HILLY DISRICT COGRESS DELIGATES TEAM WILL
কার্বি আংলং জিলা কংগ্রেছৰ সংবাদমেল (ETV Bharat)

ডিফু, 31 জুলাই: বুধবাৰে নতুন দিল্লীলৈ যাব তিনি পাহাৰীয়া জিলা কার্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ কংগ্ৰেছ সভাপতিসহ আন আন শীর্ষ নেতৃবর্গ । চলিত সংসদৰ অধিৱেশনত উত্থাপিত হ'বলগীয়া ভাৰতীয় সংবিধানৰ 125 সংখ্যক সংশোধনী সন্দর্ভত নিজ নিজ দলীয় স্থিতি আৰু তৃণমূল কর্মীৰ মত লৈ দলৰ শীর্ষ নেতা তথা বিৰোধী দলপতি ৰাহুল গান্ধী আৰু উপ-দলপতি গৌৰৱ গগৈৰ লগতে কংগ্ৰেছ দলৰ শীর্ষ নেতৃবর্গক সাক্ষাৎ কৰিব পাহাৰীয়া জিলাকেইখনৰ নেতৃত্বই ৷ কার্বি আংলং জিলা কংগ্রেছৰ ভাৰপ্রাপ্ত সভাপতি বিদ্যাছিং ৰংপি আৰু উপ-সভাপতি ছেমছন ইংতিয়ে ডিফুত মঙলবাৰৰ বিয়লি এখন সংবাদমেলত জনায় এই বিষয়ে ।

সংবাদমেলত ৰংপিয়ে কার্বি আংলং জিলা বিজেপিয়ে বিগত কিছুদিন ধৰি সমষ্টিয়ে সমষ্টিয়ে ষষ্ঠ অনুসূচী সন্দর্ভত কর্মশালা অনুষ্ঠিত কৰি থকা বিষয়টো সন্দর্ভত কটাক্ষ কৰি কয়, "বিজেপি নেতৃত্বাধীন দিল্লী, দিছপুৰ, ডিফুৰ চৰকাৰে যষ্ঠ অনুসূচী এতিয়া ক্ষমতাহীন কৰাৰ প্রচেষ্টা গ্রহণ কৰিছে । স্বায়ত্ত শাসিত পৰিষদৰ ক্ষমতা বৃদ্ধি নহয়, বৰঞ্চ হ্রাসহে পাইছে এই চৰকাৰৰ কাৰ্যকালত ।"

সংবিধান সংশোধনীৰ বিৰোধী নহয় বুলি উল্লেখ কৰি ৰংপিয়ে কয়, "সংশোধনীৰ জৰিয়তে পৰিষদসমূহক অধিক ক্ষমতা প্রদান কৰা হ'ব বুলি জিলা বিজেপিয়ে যি দাবী উত্থাপন কৰিছে তাকলৈ আমি সন্তুষ্ট নহয় । কাৰণ, ইতিমধ্যে এমঅ‘ ইউ, দুখনকৈ এমঅ'এছ চুক্তি ৰূপায়ণ হোৱাৰ পাছত এমঅ’ইউৰ জৰিয়তে স্বায়ত্তশাসিত পৰিষদে যি ক্ষমতা লাভ কৰিছে সেয়াও পর্যায়ক্রমে কর্তন কৰাহে পৰিলক্ষিত হৈছে । সেয়ে আমি আমাৰ নেতৃবর্গক স্পষ্টকৈ জনাম যে আমাৰ দাবী অধিক ক্ষমতা নহয়, এখন স্বায়ত্তশাসিত ৰাজ্যহে । এখন স্বায়ত্তশাসিত ৰাজ্য অবিহনে যিমানেই ক্ষমতা প্ৰদান নকৰক কিয় পাহাৰীয়া জিলা তিনিখনৰ পৰিস্থিতি কেতিয়াও শান্ত নহয় ৷"

বিজেপি চৰকাৰে ষষ্ঠ অনুসূচীৰ অচিলা লোৱা বুলিও ৰংপিয়ে দাবী কৰে । সংবিধানৰ 125 সংখ্যক সংশোধনীৰ খচৰাত শেহতীয়া এমঅ'এছচুক্তিৰ কোনো দফা সন্নিৱিষ্ট হোৱা নাই বুলি উল্লেখ কৰি ৰংপিয়ে 2011 চনত ইউপিডিএছৰ সৈতে হোৱা চুক্তিৰ আধাৰত এই সংশোধনী আনিব বিচৰা বুলি উল্লেখ কৰে । এই সংশোধনীত পৰিষদৰ সদস্য সংখ্যা বৃদ্ধিকে ধৰি আন বহু চুক্তিৰ স্বাক্ষৰিত দাবী সন্নিৱিষ্ট হোৱা নাই বুলি ৰংপিয়ে জনায় ।

সংশোধনীৰ জৰিয়তে অনুচ্ছেদ 280 ৰ দ্বাৰা পৰিষদৰ অধীনৰ পৌৰসভা আৰু পঞ্চায়ত ব্যৱস্থাৰ বাবে পোনপটীয়াকৈ ধন প্রদানৰ কথা উল্লেখ কৰা হৈছে বুলি প্রকাশ কৰি ৰংপিয়ে কয়, "ইয়াৰ দ্বাৰা পৰিষদৰ ক্ষমতা সম্পূর্ণ কর্তন হ'ব । কাৰণ স্বায়ত্তশাসিত পৰিষদসমূহৰ অধীনত পঞ্চায়ত ব্যৱস্থা নাই । একেদৰে পৌৰসভা আৰু নগৰ সমিতিসমূহৰ নির্বাচন পৰিষদে নিজাববীয়াকৈ অনুষ্ঠিত কৰি আহিছে । এনে সংশোধনীৰ ফলত পৰিষদৰ পৌৰসভাৰ ওপৰত কর্তৃত্ব নোহোৱা হ'ব । লগতে ৰাজ্যিক নির্বাচন আয়োগে এই নির্বাচনসমূহ পৰিচালনা কৰাৰ ফলত পৰিষদৰ নিজাববীয়াকৈ ভোটাৰ তালিকা প্রস্তুত কৰা ক্ষমতাও নাইকীয়া হ'ব । জিলা বিজেপিয়ে দাবী কৰাৰ দৰে পৰিষদৰ সদস্য সংখ্যা বৃদ্ধি আৰু আসন সংৰক্ষণৰ কথা এই সংশোধনী প্রক্রিয়াত নাই । সেয়ে জিলা তিনিখনৰ সাম্প্ৰতিক পৰিস্থিতি আৰু দাবীসমূহৰ বিষয়ে দলৰ নেতৃবর্গক বিতংভাবে অবগত কৰাৰ বাবে আমি দিল্লীলৈ গৈ নেতৃবর্গক সাক্ষাৎ কৰিম ।"

লগতে পঢ়ক: ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ডিফুত সন্মিলিত ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ - USUKA protest

পঞ্চায়ত-গ্ৰাম্য উন্নয়নৰ ১৪ কোটি টকাৰে ভিয়েটনাম ভ্ৰমণ তুলিৰাম এণ্ড কোম্পানীৰ ! - Tuliram and Company visits Vietnam

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে 5 লাখ লোকক প্ৰদান কৰিব বিনামূলীয়া মাটিৰ পট্টা: তুলিৰাম ৰংহাং - KAAC Chief Tuliram Ronghang

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.