ETV Bharat / state

অপহৰণকাৰীৰ কবলৰ পৰা সুকলমে উদ্ধাৰ পশ্চিমবংগৰ অপহৃত তিনি ব্যক্তি - WB people kidnapped in Assam

author img

By ETV Bharat Assamese Team

Published : Aug 6, 2024, 10:28 AM IST

3 west bengal people rescued in Assam: অসম আৰক্ষী আৰু অৰুণাচল আৰক্ষীৰ অভিযানত অৱশেষত সুকলমে অপহৰণকাৰীৰ কবলৰ পৰা উদ্ধাৰ পশ্চিমবংগৰ তিনি ব্যক্তি । বৰ্তমান চিলাপথাৰ থানাত আছে অপহৃত লোককেইজন ৷

3 abducted people of west bengal rescued in assam after 8 days
অপহৰণকাৰীৰ কবলৰ পৰা উদ্ধাৰ পশ্চিমবংগৰ তিনি ব্যক্তি (ETV Bharat Assam)

জোনাই, 6 আগষ্ট : অৱশেষত অপহৰণকাৰীৰ কবলৰ পৰা উদ্ধাৰ হ’ল পশ্চিমবংগৰ তিনি ব্যক্তি । অৰুণাচলৰ দুৰ্গম স্থানত অসম আৰক্ষী আৰু অৰুণাচল আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় অপহৃত ব্যক্তিকেইজনক । বৰ্তমান চিলাপথাৰ থানাত আছে অপহৃত লোককেইজন ৷

জানিব পৰা মতে, আঠ দিন পূৰ্বে পশ্চিম বংগৰ জগতবল্লভপুৰ আৰক্ষী থানাৰ অন্তৰ্গত তিনিজন লোকক প্ৰলোভন দি মাতি নিছিল অপহৰণকাৰীয়ে । পৰৱৰ্তী সময়ত তিনিওজনকে অপহৰণকাৰীয়ে কৌশলেৰে অজ্ঞাত স্থানত বন্দী কৰি ৰাখে বুলি ভুক্তভোগীয়ে জনায় । তিনি ব্যক্তি অপহৰণ কৰাৰ পাছতে অপহৰণকাৰীয়ে যোগাযোগ কৰে অপহৃত লোককেইজনৰ পৰিয়ালৰ সৈতে ।

অপহৰণকাৰীয়ে লোককেইজনৰ মুক্তিৰ বিনিময়ত বৃহৎ পৰিমাণৰ মুক্তিপণ দাবী কৰে বুলি ভুক্তভোগীয়ে সংবাদ মাধ্যমৰ আগত কয় । পৰিয়ালৰ লোকে এই সন্দৰ্ভত অৱগত হোৱাৰ পাচতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙক অপহৰণ সন্দৰ্ভত জনায় আৰু সহায় বিচাৰে । আৰক্ষীয়ে ৰণকৌশল প্ৰস্তুত কৰি অৰুণাচলৰ দুৰ্গম স্থানত অভিযান চলায় আৰু সফলতাৰে অপহৃতকেইজনক উদ্ধাৰ কৰে ৷

অসম আৰক্ষী আৰু অৰুণাচল আৰক্ষীৰ যুটীয়া অভিযানত লোককেইজন উদ্ধাৰ হোৱাৰ পাচতে আৰক্ষীয়ে পশ্চিমবংগত থকা ভুক্তভোগীৰ পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰে । ইতিমধ্যে পশ্চিমবংগৰ পৰা অসমত উপস্থিত হৈছে অপহৃত লোককেইজনৰ পৰিয়ালৰ সদস্য ৷ চিলাপথাৰ থানাত অপহৃত পৰিয়ালৰ সদস্যক লগ পাই আৱেগিক হৈ পৰা পৰিলক্ষিত হৈছে ভুক্তভোগী পৰিয়ালৰ সদস্য ৷

অপহৰণ হোৱা লোককেইজন যদুনাথ মোদক, শ্বেইখ আব্দুল ৰহমান আৰু শ্বেইখ হান্নান ৷ আটাইকেইজন পশ্চিমবংগৰ বাসিন্দা ৷ জানিব পৰা মতে, তিনিওজনকে ধেমাজিৰ চিলাপথাৰৰ কোনো দুৰ্বৃত্তৰ দলে কামৰ প্ৰলোভন দি বিমানেৰে অসমলৈ লৈ আহিছিল ।

লগতে পঢ়ক: নাগালেণ্ডৰ থানাত বন্দী যোৰহাটৰ যুৱক - Two youths kidnapped in Jorhat

১০ দিন পিচত উদ্ধাৰ ডিমা হাছাওত পথ নিৰ্মাণকাৰী সংস্থাৰ দুই অপহৃত কৰ্মচাৰী - Kidnapped Case

৮ দিনেই সন্ধান নাই দুই অপহৃত কৰ্মচাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.