ETV Bharat / state

চৰকাৰী বিদ্যালয়ত মৃত্যুঘন্টা: শিক্ষা-ক্ষেত্ৰ আঁচনিৰ অধীনত বিলুপ্ত হ’ব ৰাজ্যৰ ১৬১ খন শিক্ষানুষ্ঠান - 161 schools to be closed in Assam

author img

By ETV Bharat Assamese Team

Published : Aug 20, 2024, 1:37 PM IST

Assam govt schools to be closed: বিলুপ্ত হ’ব ৰাজ্যৰ ১৬১ খন চৰকাৰী বিদ্যালয় ৷ সত্ৰনগৰী মাজুলীত বন্ধ হ’ব সৰ্বাধিক ৩১ খন বিদ্যালয় ৷ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে জাননী জাৰি কৰি এই কথা উল্লেখ কৰিছে ৷

Assam govt schools to be closed
বিলুপ্ত হ’ব ৰাজ্যৰ ১৬১ খন চৰকাৰী বিদ্যালয় (ETV Bharat Assam)

গুৱাহাটী, ২০ আগষ্ট: অসমৰ চৰকাৰী বিদ্যালয়ত মৃত্যুঘন্টা পৰ্ব অব্যাহত আছে ৷ পুনৰবাৰ শীঘ্ৰেই বন্ধ হোৱাৰ দিশে ৰাজ্যৰ ১৬১ খন প্ৰাথমিক বিদ্যালয় ৷ ৰাজ্য চৰকাৰে 'শিক্ষা-ক্ষেত্ৰ' আঁচনিৰ অধীনত বিলুপ্ত কৰিব এইসমূহ বিদ্যালয় ৷ ইতিমধ্যেই প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে এই সন্দৰ্ভত জাৰি কৰিছে জাননী ৷

শিক্ষাৰ্থীৰ সংখ্যা কম হোৱাৰ অজুহাতত প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে এই বৃহৎ সংখ্যক চৰকাৰী বিদ্যালয় বন্ধ কৰিব খুজিছে ৷ এইসমূহ সমীপৱৰ্তী আন বিদ্যালয়ৰ সৈতে একত্ৰীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে । ইয়াৰ পূৰ্বেও কম ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ অজুহাতত ধাৰাবাহিকভাৱে অসম চৰকাৰে বৃহৎ সংখ্যক চৰকাৰী বিদ্যালয় বিলুপ্তি ঘটাই আন বিদ্যালয়ৰ সৈতে একত্ৰীকৰণ কৰিছে ৷

লগতে পঢ়ক : চৰকাৰী বিদ্যালয়ৰ একত্ৰীকৰণ কৰি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ দুৱাৰ মুকলি কৰিছে: উৎপল শৰ্মা - AASU FELICITATION PROGRAMME

এইবাৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে জাৰি কৰা জাননীত থকা বিলুপ্তি ঘটিবলগীয়া ১৬১খন চৰকাৰী বিদ্যালয়সমূহৰ ভিতৰত সৰ্বোচ্চ সংখ্যক বিদ্যালয় বন্ধ হ’ব নদী দ্বীপ মাজুলীত ৷ এই জাননীযোগে মাজুলীত বিলুপ্ত কৰা হ’ব ৩১ খন বিদ্যালয় ৷

লগতে, লখিমপুৰ জিলাত ১৯ খন, বঙাইগাঁও জিলাত ১৪ খন বিদ্যালয় বিলুপ্ত হ’ব৷ হাইলাকান্দিত ১০ খন আৰু কাছাৰৰ ৯ খন বিদ্যালয় বন্ধ হ’ব ৷ আনহাতে, যোৰহাট, নগাঁও, শিৱসাগৰত বিলুপ্ত হ’ব ৭ খনকৈ বিদ্যালয় ৷ বৰপেটা আৰু নলবাৰীত ৬ খনকৈ বিদ্যালয় বিলুপ্ত হ’ব । লগতে তিনিচুকীয়া আাৰু কামৰূপ মহানগৰৰ ৪ খন বিদ্যালয় বিলুপ্ত হ’ব ৷

লগতে পঢ়ক : চৰকাৰী শিক্ষা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপ : অতি শোচনীয় গৃহত চলি আছে ৰাজ্যৰ ৭ শতাধিক বিদ্যালয় - Education Department of Assam

ইয়াৰ বিপৰীতে, গোৱালপাৰা, হোজাই জিলাত বিলুপ্ত হ’ব ৩ খনকৈ বিদ্যালয় ৷ এইবাৰৰ বিদ্যালয় একত্ৰীকৰণৰ জড়িয়তে ১৯ খন জিলাত বিলুপ্ত হ’ব এই বিদ্যালয়সমূহ ৷ মৰিগাঁৱত ৩ খন, শোণিতপুৰত ৩ খন বিদ্যলয় এইবাৰৰ একত্ৰীকৰণৰ যোগেদি বিলুপ্তি ঘটিব ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বে শিক্ষা বিভাগে 'শিক্ষা-ক্ষেত্ৰ' আঁচনিৰ অধীনত অসমত মুঠ ৯৬ খন হাইস্কুল আৰু ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ বিলুপ্তি ঘটাইছিল ৷

লগতে পঢ়ক : ছাত্ৰ-ছাত্ৰীৰে ভৰি থকা বিদ্যালয়ত হঠাৎ ওলমিল তলা - School closures

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.