ETV Bharat / state

বানৰ কবলত বিলাসীপাৰা মহকুমাৰ ডেৰ শতাধিক গাঁও, জনপ্ৰতিনিধিয়ে ৰাইজলৈ পিঠি দিয়াৰ অভিযোগ - ASSAM FLOOD 2024

author img

By ETV Bharat Assamese Team

Published : Jul 4, 2024, 12:59 PM IST

Flood in Bilasipara : বান পৰিস্থিতিয়ে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ বিভিন্ন প্ৰান্তত ৷ বানৰ কবলত পৰিছে মহকুমাটোৰ ডেৰ শতাধিক গাঁও ৷ বিভাগীয় কৰ্তৃপক্ষ তথা স্থানীয় জনপ্ৰতিনিধিৰ বিৰুদ্ধে খবৰ নোলোৱাৰ অভিযোগ বানাক্ৰান্তৰ ৷

ASSAM FLOOD 2024
ৰাজ্যত ক্ৰমাৎ জটিল বান পৰিস্থিতি (ETV Bharat Assam)

বিলাসীপাৰা, 4 জুলাই: ৰাজ্যত এতিয়া জলপ্ৰলয় ৷ ফেনে-ফোটোকাৰে ওফন্দি উঠিছে ৰাজ্যৰ নৈ-উপনৈসমূহ ৷ ব্ৰহ্মপুত্ৰ, বৰাকৰ লগতে আন আন নৈ সমূহো বিপদসীমাৰ ওপৰেৰে বৈ আছে ৷ দিনে দিনে জটিল ৰূপ ধাৰণ কৰিছে ৰাজ্যৰ বান পৰিস্থিতিয়ে ৷

বিলাসীপাৰাত ক্ষুব্ধ জনতা (ETV Bharat Assam)

ধুবুৰী জিলাৰ বৃহত্তৰ অঞ্চল বিলাসীপাৰাতো তাণ্ডৱ চলাইছে বানে ৷ মহকুমাটোৰ মাছানেৰ আলগা, হাতীপোতা, বাহিৰ ছুৱাপাতা, কাজাইকাটা-ছুৱাপাতা, কাজাইকাটা, গুটিপাৰা, মায়াৰচৰ, নায়েৰ আলগা, বয়জেৰ আলগা আদিকে ধৰি প্ৰায় 10-15 খনকৈ গাওঁ পঞ্চায়তৰ অন্তৰ্গত প্ৰায় 150-200 খন গাঁৱত তাণ্ডৱ চলিছে বানৰ ৷

লগতে পঢ়ক: পানীত ডুব গৈছে অসম : ৫ বছৰত অসমে বিচৰা ১০,৭৮৫.৩৮ কোটিৰ বিপৰীতে দিল্লীয়ে দিলে মাত্ৰ ২৫০.৩১ কোটি টকা - Raijor Dal on Assam flood

হাজাৰ হাজাৰ বানাক্ৰান্তই এসাঁজ ভাতৰ বাবে, এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰা পৰিলক্ষিত হৈছে ৷ ৰাইজৰ লগতে পশুধনৰো একেই আলাই-আথানি হৈছে ৷ ইফালে বিলাসীপাৰা মহকুমাৰ হাতীপোতা গাঁও পঞ্চায়তৰ অন্তৰ্গত হাতীপোতা দ্বিতীয় খণ্ড গাঁৱত বানে পকী দলঙৰ লগতে এটা বিদ্যুৎ ট্ৰেন্সফৰ্মাৰ উটুৱাই নিয়ে ৷

লগতে পঢ়ক: কাজিৰঙাত মাকৰ পৰা বিচ্ছিন্ন হোৱা গঁড়ৰ পোৱালি উদ্ধাৰ - Assam Flood 2024

ৰাইজৰ এই দুৰ্দিনৰ সময়তো কিন্তু কোনো এগৰাকী জনপ্ৰতিনিধিক উক্ত অঞ্চলত উপস্থিত হোৱা দেখা নগ’ল ৷ যাৰ পৰিপ্ৰেক্ষিতত ক্ষুব্ধ হৈ পৰিছে বানাক্ৰান্ত লোকসকল ৷ বৃহত্তৰ ধুবুৰী সমষ্টিৰ নৱ নিৰ্বাচিত সাংসদ ৰকিবুল হুছেইন, স্থানীয় বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমিৰ লগতে বিভাগীয় কোনো এজন লোকেই বানে ধোৱা অঞ্চলত উপস্থিত নোহোৱা বুলি ৰাইজে অভিযোগ তোলে ৷

উল্লেখ্য যে, ঘৰ-বাৰী, মাটি-ভেটি বলিয়া বানৰ বুকুত বিলীন হোৱাৰ উপৰিও বুধবাৰৰ দিনটোত ৰাজ্যৰ ভিন্ন প্ৰান্তত বানত প্ৰাণ হেৰুৱালে 8 গৰাকীকৈ লোকে ৷ যাৰ ফলত চলিত বছৰৰ বানত মৃত্যু ‌হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে 46 গৰাকীলৈ ৷

লগতে পঢ়ক: একেদিনাই ৮ গৰাকীকৈ লোকে প্ৰাণ হেৰুৱালে বানত, কিমানদিনলৈ চলিব এই বিভীষিকা ! - ASSAM FLOOD 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.