ETV Bharat / sports

কেন্সাৰৰ দৰে মাৰাত্মক ৰোগক পৰাস্ত কৰি আদৰ্শ দাঙি ধৰা কেইগৰাকীমান খেলুৱৈ - Players who beat Cancer

author img

By ETV Bharat Sports Team

Published : Sep 9, 2024, 9:09 PM IST

Cancer survivor sportsperson: মাৰাত্মক ৰোগ ‘কেন্সাৰ’ক কেৱল ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অল ৰাউণ্ডাৰ যুৱৰাজ সিঙেই পৰাস্ত কৰা নাই ৷ সমগ্ৰ বিশ্বৰ বহুকেইগৰাকী মহান খেলুৱৈও কেন্সাৰৰ দৰে বিপজ্জনক ৰোগক পৰাস্ত কৰি এক আদৰ্শ দাঙি ধৰিছে । পঢ়ক সম্পূৰ্ণ খবৰ...

Cancer Survivor Sportsperson
কেন্সাৰৰ দৰে মাৰাত্মক ৰোগক পৰাস্ত কৰা খেলুৱৈ (Getty Images)

স্প’ৰ্টছ ডেস্ক, 9 ছেপ্টেম্বৰ: ‘কেন্সাৰ’ পৃথিৱীৰ অন্যতম বিপদজনক আৰু মাৰাত্মক ৰোগ । এই ৰোগৰ নাম শুনিলে মানুহ সাধাৰণতে আতংকিত হৈ পৰে । যদি প্ৰাৰম্ভিক পৰ্যায়ত কেন্সাৰ ধৰা পৰে তেন্তে চিকিৎসা সম্ভৱ, নহ’লে ৰোগীয়ে নিজৰ জীৱন হেৰুৱাবলগীয়া হয় । এই প্ৰতিবেদনত আমি আপোনালোকক ক’বলৈ ওলাইছো বিশ্বৰ এনে কেইগৰাকীমান খেলুৱৈৰ বিষয়ে, যিসকলে কেৱল কেন্সাৰৰ দৰে মাৰাত্মক ৰোগক পৰাস্ত কৰাই নহয়, খেললৈ ঘূৰি আহি আদৰ্শ দাঙি ধৰিছিল-

লেন্স আৰ্মষ্ট্ৰং

Cancer Survivor Sportsperson
লেন্স আৰ্মষ্ট্ৰং (Getty Images)

১৯৯৬ চনত তেতিয়া ২৫ বছৰীয়া আৰ্মষ্ট্ৰঙৰ ষ্টেজ-৩ অণ্ডকোষৰ কৰ্কট ৰোগ ধৰা পৰে, যিটো তেওঁৰ হাওঁফাওঁ, পেট আৰু মগজুলৈ বিয়পি পৰিছিল । অস্ত্ৰোপচাৰৰ পিছত তেওঁৰ জীয়াই থকাৰ সম্ভাৱনা ৪০ শতাংশতকৈও কম বুলি কোৱা হৈছিল । কিন্তু আৰ্মষ্ট্ৰং ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ চাইকেল আৰোহী হিচাপে পৰিগণিত হয়, যি ১৯৯৯ চনৰ পৰা ২০০৫ চনৰ ভিতৰত ট্যুৰ ডি ফ্ৰান্সত আধিপত্য বিস্তাৰ কৰে ।

লিয়েণ্ডাৰ পেজ

Cancer Survivor Sportsperson
লিয়েণ্ডাৰ পেজ (Getty Images)

২০০৩ চনৰ জুলাই মাহত পেজৰ মগজুৰ বাওঁফালে ৪ মিলিমিটাৰ চিষ্ট ধৰা পৰে, যিটো টেপৱৰ্মৰ ফলত হোৱা অকেন্সাৰ সংক্ৰমণ বুলি প্ৰমাণিত হয় । অতি সোনকালেই তেওঁ সুস্থ হৈ উঠে আৰু ২০০৪ চনৰ অষ্ট্ৰেলিয়ান অ’পেনৰ মিক্সড ডাবলছৰ ফাইনেলত মাৰ্টিনা নাভ্ৰাটিলোভাৰ সৈতে প্ৰৱেশ কৰে । সেই বছৰ নিউজীলেণ্ডৰ বিৰুদ্ধে ডেভিছ কাপৰ টাইতো তেওঁ ভাৰতক জয়ৰ দিশত আগুৱাই লৈ যায় ।

যুৱৰাজ সিং

Cancer Survivor Sportsperson
যুৱৰাজ সিং (Getty Images)

ক্ৰিকেট বিশ্বকাপ ২০১১ৰ ঠিক পিছতেই যুৱৰাজ সিঙৰ চেমিনোমা হাওঁফাওঁৰ কৰ্কট ৰোগ ধৰা পৰিছিল । ২০১৭ চনত ভাৰতৰ হৈ খেলিবলৈ উভতি অহাৰ পূৰ্বে তেওঁ চিকিৎসাৰ বাবে আমেৰিকালৈ গৈছিল । ইয়াৰ পিছত যুৱৰাজে YouWeCan Foundation প্ৰতিষ্ঠা কৰে, যাৰ লক্ষ্য হৈছে কৰ্কট ৰোগ দূৰ কৰা, আগতীয়াকৈ ধৰা পেলোৱাৰ গুৰুত্বৰ বিষয়ে সজাগতা বৃদ্ধি কৰা আৰু চিকিৎসাৰ সময়ত আৰু পিছত অসুবিধাগ্ৰস্ত কৰ্কট ৰোগীক সহায় কৰা ।

এৰিক এবিডাল

Cancer Survivor Sportsperson
এৰিক এবিডাল (Getty Images)

২০১১ চনৰ মাৰ্চ মাহত ফ্ৰান্স আৰু বাৰ্চিলোনাৰ ডিফেণ্ডাৰগৰাকীৰ লিভাৰত টিউমাৰ ধৰা পৰিছিল । তেওঁৰ অস্ত্ৰোপচাৰ কৰা হয় আৰু মাত্ৰ দুমাহৰ পিছতে মানচেষ্টাৰ ইউনাইটেডৰ বিৰুদ্ধে চেম্পিয়নছ লীগৰ ফাইনেলত বাৰ্চিলোনাক প্ৰতিনিধিত্ব কৰে । তেওঁৰ সতীৰ্থসকলে তেওঁক অধিনায়কৰ আৰ্মবেণ্ড দিছিল আৰু ৱেম্বলীত তেওঁক ট্ৰফী তুলিবলৈ অনুমতি দিছিল ।

চাইমন অ’ডনেল

Cancer Survivor Sportsperson
চাইমন অ’ডনেল (Getty Images)

১৯৮৭ চনত অষ্ট্ৰেলিয়াই বিশ্বকাপ জয়ৰ কিছু দিনৰ পিছতে অলৰাউণ্ডাৰ চাইমন অ’ডনেলে বিষ অনুভৱ কৰিবলৈ আৰম্ভ কৰে, যিটো কেন্সাৰ বুলি ধৰা পৰে । কিন্তু তেওঁ কেৱল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত পুনৰ প্ৰত্যাৱৰ্তন কৰাই নহয়, মাত্ৰ ১৮ টা বলত এদিনীয়াত সৰ্বাধিক দ্ৰুত ৫০ ৰান সংগ্ৰহ কৰি ১৯৯৩ চনলৈকে প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলিছিল ।

এডনা কেম্পবেল

অৱসৰপ্ৰাপ্ত মহিলা বাস্কেটবল খেলুৱৈ এডনা কেম্পবেল স্তন কেন্সাৰ ধৰা পৰাৰ পিছতো ডব্লিউ এন বি এত খেলি থকাৰ বাবে পৰিচিত । পেছাদাৰী হিচাপে চতুৰ্থ ছিজনত কেম্পবেলৰ স্তন কেন্সাৰ ধৰা পৰিছিল যদিও তেওঁ বিজয়ীভাৱে কেন্সাৰক পৰাস্ত কৰি আৰু খেলিবলৈ উভতি আহে ।

মাইক লাভেল

নিউয়ৰ্ক য়েংকিছৰ হৈ মেজৰ লীগ বেছবলত অভিষেক ঘটাৰ মাত্ৰ এবছৰৰ পাছত ২৪ বছৰীয়া থাৰ্ড বেছমেন মাইক লৱেলৰ অণ্ডকোষৰ কৰ্কট ৰোগ ধৰা পৰে । এজন প্ৰকৃত যোদ্ধা লৱেলৰ অস্ত্ৰোপচাৰ কৰা হৈছিল আৰু তেওঁৰ অণ্ডকোষ আঁতৰাই দিয়া হৈছিল । ইয়াৰ পিছত তেওঁ পুনৰ মাইনৰ্ছ লীগলৈ উভতি আহে । কেন্সাৰক পৰাস্ত কৰাৰ পিছত ১২ বছৰত তিনিটাকৈ ৱৰ্ল্ড ছিৰিজৰ খিতাপ দখল কৰা লৱেলে চাৰিবাৰকৈ অল ষ্টাৰ দললৈ নিৰ্বাচিত হৈছিল ।

লুইছ ভান গাল

নেদাৰলেণ্ডৰ প্ৰাক্তন ফুটবলাৰ তথা প্ৰশিক্ষক লুই ভান গালে ২০২২ চনত ক্ৰীড়া জগতখনক স্তম্ভিত কৰি তুলিছিল, যেতিয়া তেওঁ কেন্সাৰ ৰোগত আক্ৰান্ত বুলি প্ৰকাশ কৰিছিল । অৱশ্যে প্ৰষ্টেট কেন্সাৰৰ সফল চিকিৎসাৰ পিছত ডাচ খেলুৱৈগৰাকীয়ে কাটাৰ বিশ্বকাপত দ্বিতীয়বাৰৰ বাবে নেদাৰলেণ্ডৰ দায়িত্ব লয় ।

মাৰ্টিনা নাভ্ৰাটিলোভা

Cancer Survivor Sportsperson
মাৰ্টিনা নৱৰাটিলোভা (Getty Images)

টেনিছৰ কিংবদন্তি মাৰ্টিনা নাভ্ৰাটিলোভাই শেহতীয়াকৈ প্ৰকাশ কৰিছে যে তেওঁৰ ডিঙি আৰু স্তন কেন্সাৰ ধৰা পৰিছে । ৬৬ বছৰীয়া এইগৰাকী খেলুৱৈক সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মহিলা টেনিছ খেলুৱৈ হিচাপে গণ্য কৰা হয় । এই আমেৰিকান খেলুৱৈগৰাকীয়ে সৰ্বাধিক শীৰ্ষ খিতাপ দখল কৰিছে ।

চেবাষ্টিয়ান হালাৰ

Cancer Survivor Sportsperson
চেবাষ্টিয়ান হালাৰ (Getty Images)

চেবাষ্টিয়ান হালাৰ আজাক্সৰ এজন প্ৰাক্তন ফৰৱাৰ্ড, ২০২২ চনত বোৰ্বনেছৰ হৈ প্ৰি-ছিজন প্ৰশিক্ষণৰ সময়ত তেওঁৰ অণ্ডকোষৰ কৰ্কট ৰোগ ধৰা পৰিছিল ।

মেথিউ ৱেড

Cancer Survivor Sportsperson
মেথিউ ৱেড (Getty Images)

অষ্ট্ৰেলিয়াৰ উইকেটকীপাৰ বেটছমেন, মেথিউ ৱেডৰ ১৬ বছৰ বয়সত অণ্ডকোষৰ কৰ্কট ৰোগ ধৰা পৰে যদিও দুটা ৰাউণ্ডৰ কেমোথেৰাপিৰ অন্তত ৰোগৰ পৰা সুস্থ হৈ ক্ৰিকেট কেৰিয়াৰ অব্যাহত ৰাখিবলৈ সক্ষম হয় । বাওঁহাতৰ বেটছমেনগৰাকীয়ে অষ্ট্ৰেলিয়াক প্ৰতিনিধিত্ব কৰি টেষ্ট মেচ, এদিনীয়া আৰু টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত অংশগ্ৰহণ কৰিছে ।

লগতে পঢ়ক: য়ানিক ছিনাৰৰ শিৰত ইউ এছ অ’পেনৰ চূড়ান্ত খিতাপ: লগে লগে হৈ পৰিল কোটিপতি - US Open 2024

টেষ্ট মেচৰ পূৰ্বে বৃহৎ প্ৰত্যাহ্বান: আঘাতৰ বাবে বাহিৰ বিধ্বংসী বেটছমেন - NZ VS AFG

ভাৰতীয় হকী দলৰ দুৰ্বাৰ গতিৰ সন্মুখত 5-1 ত ধৰাশায়ী জাপান - ASIAN HOCKEY CHAMPIONS TROPHY 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.