স্প’ৰ্টছ ডেস্ক: ৱমেনছ প্ৰিমিয়াৰ লীগ (ডব্লিউ পি এল) 2025 ৰ বিষয়ে ডাঙৰ খবৰ ৷ ইএছপিএন ক্ৰিকইনফোৰ দ্বাৰা প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, ডব্লিউ পি এল 2025-ৰ নিলাম 15 ডিচেম্বৰত বেংগালুৰুত অনুষ্ঠিত হ'ব ।
যাৰ বাবে প্ৰতিটো ফ্ৰেঞ্চাইজিৰ ওচৰত থাকিব 15 কোটি টকাৰ পাৰ্চ ৷ বিগত বছৰৰ 13.5 কোটি টকাৰ পৰা 15 কোটি টকালৈ বৃদ্ধি কৰা হৈছে এই ধনৰ পৰিমাণ । এইবেলি সকলোবোৰ ফ্ৰেঞ্চাইজিয়ে এটা ভাল দল গঢ়ি তোলাৰ সুযোগ লাভ কৰিব ৷
ইংলেণ্ডৰ অধিনায়ক হিথাৰ নাইট, নিউজিলেণ্ডৰ পেচাৰ লিয়া তাহুহু আৰু কেৰিবিয়ান অলৰাউণ্ডাৰ ডেন্দ্ৰা ডটিং হৈছে একাংশ শীৰ্ষ নাম, যিসকলে নিলামত অংশগ্ৰহণ কৰিব । নিলামত উপস্থিত থাকিবলগা আন উল্লেখযোগ্য ভাৰতীয় মহিলা ক্ৰিকেটাৰসকলৰ নামৰ ভিতৰত আছে অলৰাউণ্ডাৰ স্নেহ ৰাণা, লেগ স্পিনাৰ পুনম যাদৱ আৰু বেটছমেন বেদ কৃষ্ণমূৰ্তি ।
Heather Knight, Lea Tahuhu and Deandra Dottin will be among some of the top international stars up for grabs at the WPL auction on December 15 #WPL2025 https://t.co/kDUjeUdsll
— ESPNcricinfo (@ESPNcricinfo) November 29, 2024
আনহাতে, মেগ লেনিঙৰ অধিনায়কত্বত দিল্লী কেপিটেলছ নিলামত ব্যৱহাৰ হ’ব 2.5 কোটিৰ সৰ্বনিম্ন পাৰ্চ । নিলামৰ পূৰ্বে সাতগৰাকী খেলুৱৈক মুকলি কৰাৰ পিছত গুজৰাট জায়েণ্টছৰ দলটোৰ ওচৰত থাকিব 4.4 কোটি টকা ৷ ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱেও (আৰ চি বি) সাতগৰাকী খেলুৱৈক মুকলি কৰিছে আৰু 3.25 কোটি টকাৰ সৈতে নিলামলৈ যাব ।
ডব্লিউ পি এলৰ উদ্বোধনী সংস্কৰণৰ আটাইকেইখন মেচ মুম্বাইত অনুষ্ঠিত হৈছিল ৷ আনহাতে, দ্বিতীয় ছিজনত বেংগালুৰু আৰু নতুন দিল্লীৰ মাজত 22 খন মেচ খেলা হৈছিল । এইবেলি বি চি চি আইয়ে নতুন স্থান প্ৰৱৰ্তন কৰাৰ পৰিকল্পনা কৰিছে ৷
আনহাতে, দলবোৰে প্ৰতিযোগিতাখনত ঘৰুৱা আৰু দূৰৱৰ্তী ফৰ্মেট ৰখাৰ বাবে আগ্ৰহ প্ৰকাশ কৰা দেখা গৈছে । প্ৰতিযোগিতাখনৰ তৃতীয় সংস্কৰণটো সম্ভৱতঃ ফেব্ৰুৱাৰী-মাৰ্চ 2025 ত অনুষ্ঠিত হ'ব । মুম্বাই ইণ্ডিয়ানছে প্ৰতিযোগিতাখনৰ উদ্বোধনী সংস্কৰণত বিজয়ী হোৱাৰ বিপৰীতে আৰ চি বিয়ে যোৱা বছৰ খিতাপ দখল কৰিছিল ৷
লগতে পঢ়ক: আই পি এল মেগা নিলাম 2025; এতিয়া আৰু ঋষভ পন্তে লাভ নকৰে 27 কোটি !