ETV Bharat / sports

এছিয়া মহিলা কাপত আজি ভাৰত আৰু ইউএইৰ সংঘৰ্ষ - IND W vs UAE W

author img

By ETV Bharat Assamese Team

Published : Jul 21, 2024, 12:27 PM IST

IND W vs UAE W : এছিয়া কাপত আজি দ্বিতীয়খন খেলত ভাৰতীয় মহিলা ক্ৰিকেট দলটো সংযুক্ত আৰব আমিৰশ্বাহীৰ মুখামুখি হ'ব । প্ৰথমখন খেলত ভাৰতে পাকিস্তানক ৭ উইকেটত পৰাস্ত কৰিছিল ।

IND W vs UAE W
এছিয়া মহিলা কাপত আজি ভাৰত আৰু ইউএইৰ সংঘৰ্ষ (ANI)

স্পৰ্টছ ডেস্ক,২১ জুলাই : মহিলা এছিয়া কাপ ২০২৪ৰ পঞ্চম খন খেলত ২১ জুলাইত অৰ্থাৎ দেওবাৰে ভাৰতীয় মহিলা ক্ৰিকেট দল আৰু সংযুক্ত আৰব আমিৰশ্বাহী (ইউএই)ৰ মাজত সংঘৰ্ষ হ'ব । ভাৰতীয় সময় অনুসৰি দুপৰীয়া ২ বজাৰ পৰা শ্ৰীলংকাৰ ৰণগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত এই খেলখন অনুষ্ঠিত হ'ব । এই খেলখনত ভাৰতীয় দলক হৰমনপ্ৰীত কৌৰ আৰু ঈশা ওঝাই ইউএই দলক নেতৃত্ব দিব । খেলখন ষ্টাৰ স্পৰ্টছ নেটৱৰ্কত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ'ব আৰু জিঅ' চিনেমাত লাইভ ষ্ট্ৰীমিং কৰা হ'ব ।

শ্ৰীলংকাৰ ৰণগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামৰ পিটছ বেটছমেনসকলৰ বাবে সহায়ক । কিন্তু এই পিটছত নতুন বলৰ সৈতে ফাষ্ট বলাৰসকলেও সুবিধা ল'ব পাৰে । পিটছত অসমান বাউন্সৰ বাবে বলাৰসকলৰ সহায়ক হ’ব । ইয়াৰ উপৰিও বলটো পুৰণি হোৱাৰ পিচত স্পিনাৰসকলৰ সুবিধা হয় । যদি ভাৰতে প্ৰথমে বেটিং কৰে তেন্তে ১৪০-১৫০ স্ক'ৰ কৰিব পাৰিব ।

এতিয়ালৈকে ভাৰতৰ মহিলা ক্ৰিকেট দল আৰু ইউএই মহিলা ক্ৰিকেট দলৰ মাজত মাত্ৰ এখন টি-২০ আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছে । য'ত ভাৰতে ইউএইক পৰাজিত কৰিছে । এনে পৰিস্থিতিত ভাৰত শক্তিশালী স্থিতিত আছে ।

স্মৃতি মন্ধানাৰ ওপৰত সকলোৰে দৃষ্টি থাকিব । মন্ধানাই পাকিস্তানৰ বিৰুদ্ধে ৪৫ ৰাণ সংগ্ৰহ কৰিছিল । তেওঁ যোৱা ১০ খন টি-২০ খেলত ২৯০ ৰাণ সংগ্ৰহ কৰিছে । তেওঁৰ উপৰিও হৰমনপ্ৰীত কৌৰ, শ্বেফালী বাৰ্মায়ো দলটোৰ হৈ বেটেৰে অৱদান আগবঢ়াব পাৰে । একেদৰে পূজা বস্ত্ৰকাৰ আৰু দীপ্তি শৰ্মাই বলিং গোটক নেতৃত্ব দিব । শ্ৰেয়াংকা পাটিলেও বিপক্ষক সমস্যাত পেলাব পাৰে ।

ইউএইৰ বাবে তেওঁলোকৰ অধিনায়ক ঈশা ওঝাই ভাৰতক সমস্যাত পেলাব পাৰে । নেপালৰ বিৰুদ্ধে তেওঁৰ প্ৰদৰ্শন উন্নত নাছিল যদিও ভাৰতৰ বিৰুদ্ধে শক্তিশালী প্ৰদৰ্শনৰ আগ্ৰহী হ'ব । ওঝাই যোৱা ১০ খন টি-২০ খেলত ২৯৮ ৰাণ সংগ্ৰহ কৰিছে । দলটোৱে তেওঁৰ পৰা বহুতো প্ৰত্যাশা ৰাখিব । ভাৰতে যোৱা খেলখনত পাকিস্তানক ৭ উইকেটত পৰাস্ত কৰে ।

ভাৰতৰ সম্ভাব্য প্লেয়িং-১১

হৰমনপ্ৰীত কৌৰ (অধিনায়ক), শ্বেফালী বাৰ্মা, স্মৃতি মন্ধানা (উপ-অধিনায়ক), ৰিচা ঘোষ (উইকেট কীপাৰ), জেমিমা ৰড্ৰিগছ, দীপ্তি শৰ্মা, ৰাধা যাদৱ, ৰেণুকা সিং, পূজা বস্ত্ৰকাৰ, আশা শোভানা, দয়ালান হেমলতা ।

ইউএইৰ সম্ভাব্য প্লেয়িং-১১

ঈশা ওঝা (অধিনায়ক), মেহক ঠাকুৰ, ৰিণিতা ৰজিত, ঋতিকা ৰজিত, ঋষিতা এগোডগে, লাৱণ্য কেনি, সুখী শৰ্মা, তীৰ্থ সতীশ, সমৈৰা ধৰ্ণীধৰ্কা, বৈষ্ণৱী মহেশ, হীনা হোটচান্দনী ।

লগতে পঢ়ক :মহিলা এছিয়া কাপ : পাকিস্তান মহিলা দলক 7 উইকেটত পৰাস্ত ভাৰতৰ - INDIA WOMEN VS PAKISTAN WOMEN

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.