ETV Bharat / sports

ভাৰতক 8 উইকেটত পৰাস্ত কৰি মহিলা এছিয়া কাপ 2024ৰ খিতাপ দখল শ্ৰীলংকাৰ - Womens Asia Cup 2024 final

author img

By ETV Bharat Assamese Team

Published : Jul 28, 2024, 5:33 PM IST

Updated : Jul 28, 2024, 7:20 PM IST

IND W vs SL W : মহিলা এছিয়া কাপ 2024ৰ ফাইনেলত শ্ৰীলংকাই ভাৰতক 8 উইকেটত পৰাস্ত কৰে ৷ প্ৰথমবাৰৰ বাবে শ্ৰীলংকাৰ মহিলা দলটোৱে এই খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ৷

WOMENS ASIA CUP 2024 FINAL
হিলা এছিয়া কাপৰ ফাইনেলত মুখামুখি ভাৰত আৰু শ্ৰীলংকা (ICC X Account)

স্পৰ্টছ ডেস্ক, 28 জুলাই : ইতিহাস ৰচনা কৰি মহিলা এছিয়া ২০২৪ৰ খিতাপ দখল কৰিছে শ্ৰীলংকাই । এছিয়া কাপৰ ফাইনেলত ভাৰতক ৮ উইকেটত পৰাস্ত কৰি শ্ৰীলংকাই হৰমনপ্ৰীত কৌৰৰ নৱম এছিয়া কাপৰ খিতাপ দখল কৰাৰ সপোন ভংগ কৰে সিংহল বাহিনীয়ে । ৰণগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনত প্ৰথম বেটিং কৰি ভাৰতে ২০ অভাৰত ৬ টা উইকেট হেৰুৱাই ১৬৫ ৰাণ সংগ্ৰহ কৰে। এই লক্ষ্যত উপনীত হোৱা শ্ৰীলংকাই ১৮.৪ অভাৰত 2 টা উইকেট হেৰুৱাই ১৬৭ ৰাণ সংগ্ৰহ কৰি মেচখনত জয়লাভ কৰে ।

নিজৰ ইনিংছ আৰম্ভ কৰি শ্ৰীলংকাই 1.4 অভাৰত দলীয় 7 ৰাণতে বিশ্মি গুণাৰত্নেৰ উইকেট হেৰুৱাই শলঠেকত পৰিছিল যদিও অধিনায়ক চামাৰি আথাপাথু আৰু হৰ্ষিতা সামাৰাৱিক্ৰমাই পৰিস্থিতি চম্ভালি লয় আৰু ক্ৰীজত খোপনি পুতি ভাৰতীয় বলাৰক নিৰ্দয় প্ৰহাৰ কৰে ৷ অধিনায়ক চামাৰি আথাপাথুৱে 43 বলৰ সন্মুখীন হৈ ব্যক্তিগত 61 ৰাণত পেভিলিয়নমুখী হোৱাৰ পিচত হৰ্ষিতা সামাৰাৱিক্ৰমাই (61) কবিশা দিলহাৰী (30*)ৰ সৈতে যুটি বান্ধি দলক বিজয় লক্ষ্যত উপনীত কৰোৱায় ৷ কবিশা দিলহাৰীয়ে 16 টা বলতে 30 ৰাণ কৰি অপৰাজিত হৈ থাকে ৷ ভাৰতৰ হৈ দিপ্তী শৰ্মাই 1 টা উইকেট দখল কৰে ৷ উল্লেখ্য আজিৰ জয়েৰে শ্ৰীলংকা দলটোৱে প্ৰথমবাৰৰ বাবে মহিলা এছিয়া কাপৰ খিতাপ দখল কৰে ৷

ইফালে টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লোৱা ভাৰতীয় মহিলা দলটোৱে স্মৃতি মন্ধানাৰ বিস্ফোৰক 60 ৰাণৰ সহায়ত নিৰ্ধাৰিত 20 অভাৰত 6 টা উইকেট হেৰুৱাই 165 ৰাণ সংগ্ৰহ কৰে ৷ উইকেট কীপাৰ বেটছমেন ৰিছা ঘোষে 30 ৰাণৰ বৰঙণি আগবঢ়োৱাৰ লগতে জেমিমাহ ৰড্ৰিগ’জে 29 ৰাণৰ এটা ইনিংছ খেলে ৷ ইফালে আজিৰ মেচখনত ভাৰতৰ মূল একাদশত স্থান লাভ কৰা অসম কন্যা উমা চেত্ৰীয়ে 7টা বলৰ মুখামুখি হৈ ব্যক্তিগত 9 ৰাণত পেভিলিয়নমুখী হয় ৷ শ্ৰীলংকাৰ হৈ কবিশা দিলহাৰীয়ে 2 টা উইকেট দখল কৰাৰ বিপৰীতে শচীনী নিচানছালা, চামাৰি আথাপাথু আৰু প্ৰবোধনীয়ে এটাকৈ উইকেট দখল কৰে ৷

মূল একাদশত পৰিৱৰ্তন শ্ৰীলংকাৰ :

এই মেচখনত শ্ৰীলংকাই প্লেয়িং-11ত পৰিৱৰ্তন কৰে ৷ শ্ৰীলংকাই অচিনি কুলাচুৰিয়াৰ ঠাইত শচীনী নিচানছালাক দলত অন্তৰ্ভূক্ত কৰে ৷ বিপৰীতে ভাৰতীয় দলটোৱে এই মেচখনত ছেমি ফাইনেলৰ প্লেয়িং-11 ৰ সৈতে খেলপথাৰত নামিছিল ৷

লগতে পঢ়ক : ইতিহাস সৃষ্টি বলৰাজ পানৱাৰৰ : পুৰুষৰ একক স্কলছৰ কোৱাৰ্টাৰ ফাইনেলত উপনীত হোৱা প্ৰথম ভাৰতীয় - Paris Olympics 2024

জেমিমাহ ৰড্ৰিগ’জৰ নামত বিশেষ কৃতিত্ব :

ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বেটাৰ জেমিমাহ ৰড্ৰিগ’জে মহিলা এছিয়া কাপ 2024ৰ ফাইনেলত খেলপথাৰত ভৰি দিয়াৰ লগে লগে তেওঁৰ নামত এটা ডাঙৰ কৃতিত্ব অৰ্জন কৰে ৷ খেলুৱৈগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় T-২০ ক্ৰিকেটত তেওঁৰ প্ৰথমখন খেল খেলে ৷

ভাৰতৰ আৰু শ্ৰীলংকা মহিলা দলৰ প্লেইং-11 :

শ্ৰীলংকা : বিশ্মি গুণাৰত্নে, চামাৰি আথাপাথু (অধিনায়ক), হৰ্ষিতা সামাৰাৱিক্ৰমা, কবিশা দিলহাৰী, নীলাক্ষী ডি চিলভা, অনুষ্কা সঞ্জীৱানী (উইকেট কীপাৰ), হাচিনী পেৰেৰা, সুগান্দিকা কুমাৰী, ইনোশি প্ৰিয়দৰ্শিনী, উদেশিকা প্ৰবোধানী, শচীনী নিছালা ৷

ভাৰত : স্মৃতি মন্ধানা, শ্বেফালী বাৰ্মা, উমা ছেত্ৰী, হৰমনপ্ৰীত কৌৰ (অধিনায়ক), জেমিমাহ ৰড্ৰিগ’জ, ৰিচা ঘোষ (উইকেট কীপাৰ), দীপ্তি শৰ্মা, পূজা বস্ত্ৰকাৰ, ৰাধা যাদৱ, তনুজা কানৱাৰ, ৰেণুকা ঠাকুৰ সিং ৷

লগতে পঢ়ক : পাল্লেকেলত প্ৰথমখন T-20ত 43 ৰাণত জয়লাভ ভাৰতৰ, ৰিয়ান পৰাগৰ 3 উইকেট - IND vs SL T20 Series 2024

Last Updated : Jul 28, 2024, 7:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.