ETV Bharat / sports

ভাৰত এৰি বৃটেইনৰ নাগৰিকত্ব গ্ৰহণৰ দিশে বিৰাট কোহলী ! খেলুৱৈগৰাকীয়ে পাৰিবনে ভাৰতৰ হৈ খেলিব ! - VIRAT KOHLI UK CITIZENSHIP

author img

By ETV Bharat Sports Team

Published : Sep 4, 2024, 2:19 PM IST

Virat Kohli UK Citizenship Controversy: আজিকালি ভাৰতৰ সলনি বিৰাট কোহলীক প্ৰায়ে দেখা যায় লণ্ডনত ৷ ক্ৰিকেটাৰগৰাকী লণ্ডনত থকাৰ কাৰণ আকৌ সুকীয়া ৷ একাংশই দাবী কৰা অনুসৰি, লণ্ডনত নিগাজী বসতি স্থাপন কৰাৰ বাবে ক্ৰিকেটাৰগৰাকীয়ে চলাইছে যো-জা ৷ পিছে কিমানদূৰ সত্য এই কথা ?

VIRAT KOHLI UK CITIZENSHIP
বিৰাট কোহলী (ANI PHOTO)

স্প’ৰ্টছ ডেস্ক, 4 ছেপ্টেম্বৰ: সম্প্ৰতি কিছুদিনৰে পৰা ক্ৰিকেটজগতৰ পৰা আঁতৰত আছে তাৰকা বেটছমেন বিৰাট কোহলী ৷ ক্ৰিকেটাৰগৰাকীয়ে অভিনেত্ৰী পত্নী তথা পুত্ৰ-কন্যাৰ সৈতে আজৰি সময় কটাইছে লণ্ডনত ৷ লণ্ডনৰ ৰাজপথত, স্থানীয় ৰে’লত বহু সময়ত প্ৰত্যক্ষ কৰা হৈছে ক্ৰিকেটাৰগৰাকীক ৷

ক্ৰিকেটাৰগৰাকীয়ে সদ্যহতে 19 ছেপ্টেম্বৰলৈকে ক্ৰিকেটৰ কোনো কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কথা চিন্তা কৰা নাই ৷ অৱশ্যে 20 ছেপ্টেম্বৰৰ পৰা ভাৰতে বাংলাদেশৰ বিৰুদ্ধে অংশগ্ৰহণ কৰিবলগীয়া টেষ্ট শৃংখলাত কোহলীয়ে অংশগ্ৰহণ কৰাৰ আশা প্ৰকাশ কৰিছে ক্ৰিকেটপ্ৰেমীসকলে ৷

শেহতীয়াকৈ লণ্ডনৰ ৰাজপথত বিৰাট কোহলীয়ে ঘূৰা-ফুৰা কৰাৰ এক ভিডিঅ’ ভাইৰেল হৈ পৰিছিল সামাজিক মাধ্যমত ৷ যাক প্ৰত্যক্ষ কৰি অনুৰাগীসকলে মুকলিকৈ মন্তব্য প্ৰদান কৰিছিল ৷

লণ্ডনত বিৰাট কোহলীক দেখি অনুৰাগীসকলে কোহলীয়ে পূৰ্বে কৰা একাংশ মন্তব্য পেলাবলৈ চেষ্টা কৰে ৷ ক্ৰিকেটাৰগৰাকীয়ে কৈছিল যে, "মই এনে একো নকৰো, যাৰ বাবে মই অনুতপ্ত ৷ যিটো মই নকৰো বুলিও মই নিশ্চিত । এবাৰ মই খেলিলে মই সম্পূৰ্ণৰূপে গুচি যাম, আপুনি মোক অলপ সময়ৰ বাবেও দেখা নাপাব । গতিকে, মই খেলি থকালৈকে মোৰ সকলোখিনি দিব বিচাৰো আৰু সেইটোৱেই একমাত্ৰ মাধ্যম, যি মোক আগবাঢ়ি যোৱাত সহায় কৰে"।

পিছে এই সকলোবোৰৰ ঊৰ্ধত একাংশই দাবী কৰে যে, শীঘ্ৰেই ভাৰত এৰি গ্ৰেট বৃটেইনৰ নাগৰিকত্ব গ্ৰহণ কৰিব তাৰকা ক্ৰিকেটাৰগৰাকীয়ে ৷ কিয়নো পূৰ্বেও কেইবাবাৰো বিৰাট-অনুস্কাই সামাজিক মাধ্যম এক্সৰ জৰিয়তে ভাৰতৰ পিছতে তেওঁলোকৰ সৰ্বাধিক পচন্দৰ ঠাই লণ্ডন বুলি অভিহিত কৰিছিল ৷ এইটো বছৰত দীৰ্ঘদিন ধৰি ক্ৰিকেটাৰগৰাকীয়ে পৰিয়ালৰ সৈতে লণ্ডনত সময় কটোৱাৰ বাবে বহু অনুৰাগীয়ে এই দাবী কৰা দেখা গৈছে ৷

অৱশ্যে এই খবৰবোৰৰ সন্দৰ্ভত এতিয়াও নাই কোনো পৰ্যাপ্ত তথ্য ৷ গতিকে এয়া একেমুখে ভিত্তিহীন বুলিব পাৰি ৷

এইখিনিতে আকৌ এটা প্ৰশ্ন উত্থাপিত হৈছে, যদি এই খবৰ সঁচা হয়, তেন্তে ক্ৰিকেটাৰগৰাকীয়ে ভাৰতৰ হৈ খেলত অংশগ্ৰহণ কৰিব পাৰিবনে ? এইক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব বি চি চি আই আৰু আই চি চি-য়ে ৷

আই চি চি-য়ে কি কয় ?

বিৰাট কোহলীয়ে ইংলেণ্ডৰ নাগৰিকত্ব গ্ৰহণ কৰিবনে নাই, সেয়া এক বেলেগ প্ৰশ্ন ৷ কিন্তু যদিহে ক্ৰিকেটাৰগৰাকীয়ে এই নাগৰিকত্ব গ্ৰহণ কৰে, তেন্তে এইক্ষেত্ৰত থাকিব কিছু নিৰ্দিষ্ট নীতি-নিয়ম ৷ আই চি চি-ৰ নিয়ম অনুসৰি, এগৰাকী খেলুৱৈয়ে ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ হৈ খেলিবলৈ সেইখন দেশৰ নাগৰিক হ'ব লাগিব । জন্মসূত্ৰে অথবা বৈধ পাছপোৰ্ট গ্ৰহণ কৰি খেলুৱৈগৰাকীয়ে এয়া প্ৰমাণ কৰিব লাগিব ।

ইয়াৰ অৰ্থ হৈছে তেওঁলোকে প্ৰতিনিধিত্ব কৰা দেশৰ পাছপ’ৰ্ট থাকিব লাগিব । যদি কোহলীয়ে বৃটেইনত বাস কৰে আৰু দেশখনৰ নাগৰিকত্ব গ্ৰহণ কৰে, তেন্তে এইক্ষেত্ৰত খেলুৱৈগৰাকীৰ ওচৰত নাথাকিব ভাৰতৰ পাছপ’ৰ্ট ৷ তেনেক্ষেত্ৰত তেওঁ ভাৰতৰ হৈ মেচত অংশগ্ৰহণ কৰিব নোৱাৰিব ৷

ভাৰতীয় নাগৰিকত্ব আইন কি ?

ভাৰতত দ্বৈত নাগৰিকত্ব প্ৰদানৰ কোনো আনুষ্ঠানিক ব্যৱস্থা নাই । দ্বৈত নাগৰিকত্ব হৈছে যেতিয়া একেজন ব্যক্তিক একে সময়তে দুখন বা ততোধিক দেশৰ নাগৰিক হিচাপে আইনীভাৱে স্বীকৃতি দিয়া হয় । অৱশ্যে, বিদেশী নাগৰিকৰ ওচৰত এখন ভাৰতীয়(অ’ চি আই) কাৰ্ড আছে, যিয়ে ভাৰতীয় মূলৰ লোকসকলক দেশত অনিৰ্দিষ্ট কালৰ বাবে বাস আৰু কাম কৰিবলৈ অনুমতি প্ৰদান কৰে ।

যদিহে ভাৰতীয় তাৰকা বেটছমেনগৰাকীয়ে বৃটেইনৰ নাগৰিকত্ব গ্ৰহণ কৰে, তেন্তে অ’ চি আই কাৰ্ডৰ বাবেও জনাব পাৰে আবেদন ৷ অৱশ্যে ক্ৰিকেটৰ ক্ষেত্ৰত এই কাৰ্ডে কোনোধৰণৰ সহায় কৰিব নোৱাৰে ৷ কিয়নো এই কাৰ্ডখন ভাৰতীয় নাগৰিকত্ব গ্ৰহণৰ ক্ষেত্ৰত কোনোধৰণে প্ৰযোজ্য নহয় ৷

কোহলীৰ উদ্দেশ্য

বৃটেইনৰ নাগৰিকত্ব ত্যাগ নকৰা পৰ্যন্ত কোহলীয়ে ভাৰতৰ হৈ ক্ৰিকেটত অংশগ্ৰহণ কৰিব নোৱাৰে ৷ কিন্তু ভাৰতৰ ক্ৰিকেট জগতৰ সৈতে থকা তেওঁৰ সম্পৰ্কক আলোকপাত কৰিলে খেলুৱৈগৰাকীয়ে তেনে নকৰাৰ সম্ভাৱনাই অধিক বুলি গণ্য কৰিব পাৰি ৷

যদি কোহলীয়ে আন এখন দেশৰ হৈ খেলিব বিচাৰে, তেন্তে তেওঁ আই চি চিৰ নিয়ম অনুসৰি এক নিৰ্দিষ্ট সময়ৰ বাবে অপেক্ষা কৰিব লাগিব ৷ প্ৰথমে তেওঁ সেই নিৰ্দিষ্ট দেশৰ হৈ ঘৰুৱা ক্ৰিকেটত অংশগ্ৰহণ কৰিব লাগিব । কোহলী বৰ্তমান তেওঁৰ কেৰিয়াৰৰ সন্ধিক্ষণত আছে আৰু ইতিমধ্যে ক্ৰিকেটৰ সৰ্বাধিক চুটি ফৰ্মেটৰ খেলৰ পৰা অৱসৰ লৈছে ৷ তেনেক্ষেত্ৰত ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে কেৱল ক্ৰিকেট খেলিবলৈ দেশ সলনি কৰাৰ সম্ভাৱনা অতি কম ।

ঐতিহাসিক দৃষ্টান্তসমূহ

ক্ৰিকেটৰ বহুকেইগৰাকী খেলুৱৈয়ে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত খেলিবলৈ সুযোগ পাবলৈ সলনি কৰিছে ৰাষ্ট্ৰীয়তাবাদ । ইয়ন মৰ্গানৰ দৰে এনে বহুতো বিখ্যাত ক্ৰিকেটাৰ আছে, যিয়ে ইংলেণ্ডৰ অধিনায়ক হিচাপে 2019 চনত এদিনীয়া বিশ্বকাপৰ ট্ৰফী জয় কৰে ৷ আনহাতে, 2007 চনৰ এদিনীয়া বিশ্বকাপত আয়াৰলেণ্ডক প্ৰতিনিধিত্ব কৰে খেলুৱৈগৰাকীয়ে ।

দ্বিতীয় উদাহৰণটো হ'ল কেভিন পিটাৰছেন, যি প্ৰথমতে দক্ষিণ আফ্ৰিকাক প্ৰতিনিধিত্ব কৰাৰ পিছত ইংলেণ্ডৰ হৈ ক্ৰিকেটত অংশগ্ৰহণ কৰিছিল ৷ তাৰপিছত আহে ডিৰ্ক নানেছৰ নাম, যি 2009 চনত টি-20 বিশ্বকাপত নেদাৰলেণ্ডক প্ৰতিনিধিত্ব কৰাৰ পিছত 2010 চনত অষ্ট্ৰেলিয়াৰ হৈ খেলত অংশগ্ৰহণ কৰিছিল ।

লগতে পঢ়ক: ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকে অশিস ল'লে কামাখ্যা ধামত - Gautam Gambhir visit Kamakhya

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.