ETV Bharat / sports

সৰ্বাধিক কৰদাতা তাৰকাৰ তালিকাত বিৰাট কোহলী, এম এছ ধোনী: শীৰ্ষ 20 ৰ বাহিৰত ৰোহিত শৰ্মা - MOST TAX PAYER CRICKETER

author img

By ETV Bharat Sports Team

Published : Sep 5, 2024, 2:08 PM IST

Most Tax Payer Cricketer: কেতিয়াবা বাৰু ভাবি চাইছেনে যে খেলুৱৈসকলে কোটি কোটি টকা উপাৰ্জন কৰে সঁচা, কিন্তু সময়ত কৰ পৰিশোধ কৰেনে ৷ পিছে বহুকেইগৰাকী এনেকুৱা খেলুৱৈ আছে, যিয়ে অভিলেখ স্থাপনৰ ক্ষেত্ৰত নাম থকাৰ দৰে, সময়ত কৰ পৰিশোধ কৰাৰ ক্ষেত্ৰতো আছে শীৰ্ষত ৷ চাওক তেওঁলোকনো কোন কোন ৷

MOST TAX PAYER CRICKETER
ভাৰতীয় ক্ৰিকেটাৰসকল (ANI PHOTO)

স্প’ৰ্টছ ডেস্ক, 5 ছেপ্টেম্বৰ: বি চি চি আই হৈছে বিশ্বৰ আটাইতকৈ ধনী ক্ৰিকেট ব’ৰ্ড । বি চি চি আইয়ে ব’ৰ্ডৰ অন্তৰ্গত খেলুৱৈসকলক মেচৰ মাচুল হিচাপে লাখ লাখ টকা পৰিশোধ কৰে । দলৰ খেলুৱৈসকলে সুন্দৰ প্ৰদৰ্শন কৰি হৈ পৰে একো একোটা ব্ৰেণ্ড ।

তাৰপিছত তেওঁলোকে আন উৎসৰ পৰা বিজ্ঞাপনৰ সৈতে বিভিন্ন ব্যৱসায়ত উপাৰ্জন কৰে যথেষ্ট পৰিমাণৰ ধন । আয়ৰ বিনিময়ত খেলুৱৈসকলে পৰিশোধ কৰিব লাগে কৰ ৷ সময়মতে কৰ পৰিশোধ কৰা তেনে তাৰকা খেলুৱৈৰ তালিকাত আছে বহুকেইগৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ নাম ৷ চাওক তেওঁলোক কোন কোন-

বিৰাট কোহলী

ফৰ্চুন ইণ্ডিয়া আলোচনীৰ তথ্য অনুসৰি, ভাৰতৰ ক্ৰিকেট ছেনচেছন বিৰাট কোহলী হৈছে সৰ্বাধিক কৰ পৰিশোধ কৰা ভাৰতীয় ক্ৰিকেটাৰ । কোহলীয়ে 2024 বিত্তীয় বৰ্ষত পৰিশোধ কৰিছে 66 কোটি কৰ । যাৰ বাবে তেওঁ ক্ৰিকেটত সৰ্বাধিক কৰ পৰিশোধ কৰা ক্ৰিকেটাৰৰ তালিকাৰ শীৰ্ষত অৱস্থান কৰিছে ৷ তদুপৰি কোহলী হৈছে ভাৰতীয় চেলিব্ৰিটিসকলৰ ভিতৰত পঞ্চমগৰাকী সৰ্বাধিক কৰ দাতা ।

এম এছ ধোনী

ভাৰতীয় ক্ৰিকেটৰ প্ৰাক্তন অধিনায়ক এম এছ ধোনী ভাৰতীয় ক্ৰিকেট জগতৰ দ্বিতীয় সৰ্বাধিক কৰ দাতা খেলুৱৈ । আনকি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পাছতো, তেওঁ ভাৰতীয় ক্ৰীড়াৰ এক মুখ্য শক্তি হিচাপে ভূমিকা পালন কৰি আছে । অৱশ্যে ধোনী এতিয়াও আই পি এলৰ এটা ব্ৰেণ্ড হিচাপেই পৰিচিত, য’ৰ পৰা তেওঁ যথেষ্ট ধন উপাৰ্জন কৰে । ধোনীয়ে বছৰত প্ৰায় 38 কোটি টকাৰ কৰ পৰিশোধ কৰি ক্ৰিকেটাৰসকলৰ ভিতৰত দ্বিতীয়গৰাকী সৰ্বাধিক কৰ দাতা খেলুৱৈত পৰিণত হৈছে । অৱশ্যে, এই পৰিমাণ কোহলীয়ে আদায় দিয়া কৰৰ তুলনাত প্ৰায় আধা ৷

শচীন তেণ্ডুলকাৰ

ক্ৰিকেট কিংবদন্তী শচীন তেণ্ডুলকাৰ কেইবাবছৰ পূৰ্বে খেলৰ পৰা অৱসৰ লোৱাৰ পিছতো এগৰাকী গুৰুত্বপূৰ্ণ কৰ দাতাত পৰিণত হৈছে । তেণ্ডুলকাৰে 2024 বিত্তীয় বৰ্ষত পৰিশোধ কৰিছে 28 কোটি টকাৰ কৰ ৷ তেওঁ ক্ৰিকেটাৰসকলৰ ভিতৰত তৃতীয় সৰ্বাধিক কৰ দাতা । অৱসৰ লোৱাৰ পিছতো তেণ্ডুলকাৰে বিভিন্ন বিজ্ঞাপন আৰু বিনিয়োগৰ পৰা ধন উপাৰ্জন কৰি আছে ৷

সৌৰভ গাংগুলী

তালিকাত সন্নিৱিষ্ট আছে সৌৰভ গাংগুলী, হাৰ্দিক পাণ্ডিয়া আৰু ঋষভ পন্তৰ নাম ৷ শীৰ্ষ 10 গৰাকী কৰ দাতাৰ তালিকাত স্থান লাভ কৰিছে তিনিওগৰাকী খেলুৱৈয়ে । সৌৰভ গাংগুলীয়ে চলিত বিত্তীয় বৰ্ষত 23 কোটি টকাৰ কৰ পৰিশোধ কৰিছিল ৷ যি ক্ৰিকেটাৰসকলৰ ভিতৰত চতুৰ্থ স্থান ৷ গাংগুলীয়ে অৱসৰ গ্ৰহণৰ পাছত ভাৰতীয় ক্ৰিকেটত এগৰাকী ভাষ্যকাৰ আৰু ক্ৰীড়া প্ৰশাসক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে ৷

হাৰ্দিক পাণ্ডিয়া, ঋষভ পন্ত

খেলপথাৰত সকলো প্ৰকাৰৰ দক্ষতাৰ বাবে জনাজাত হাৰ্দিক পাণ্ডিয়াই 13 কোটি টকাৰ কৰ পৰিশোধ কৰি এই তালিকাত লাভ কৰে পঞ্চম স্থান ৷ ষষ্ঠ স্থানপ্ৰাপ্ত আন এগৰাকী ক্ৰিকেট তাৰকা ঋষভ পন্তে আদায় দিয়ে 10 কোটি টকাৰ কৰ ৷

লগতে পঢ়ক: নতুন ছিজন, নতুন কাম: পুনৰ এবাৰ প্ৰশিক্ষকৰ দায়িত্বত ৰাহুল দ্ৰাবিড় - IPL 2025

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.