ETV Bharat / sports

নিজৰ অৱসৰক লৈ ডাঙৰ ঘোষণা বিনেশ ফোগাটৰ; পৰৱৰ্তী অলিম্পিকলৈ খেলাৰ ইচ্ছা - Paris Olympics 2024

author img

By ETV Bharat Sports Team

Published : Aug 17, 2024, 8:08 AM IST

Updated : Aug 17, 2024, 6:01 PM IST

Vinesh Phogat on Retirement : তাৰকা মল্লযোদ্ধা বিনেশ ফোগাটে শনিবাৰে কয় যে পৰিৱৰ্তিত পৰিস্থিতিত তেওঁ নিজকে ২০৩২ চনলৈকে প্ৰতিদ্বন্দ্বিতা কৰাটো প্ৰত্যক্ষ কৰিব পাৰে । কিয়নো তেওঁৰ মাজত এতিয়াও বহু মল্লযুঁজ অন্তৰ্নিহিত হৈ আছে । কিন্তু এতিয়াই তেওঁ নিজৰ ভৱিষ্যতৰ বিষয়ে নিশ্চিত নহয় । কিয়নো কথাবোৰ ভবাৰ দৰে কেতিয়াবা একে নহ'বও পাৰে ।

Vinesh Phogat on Retirement
বিনেশ ফোগাট (ANI Photo)

স্পৰ্টছ ডেস্ক, ১৭ আগষ্ট : শুকুৰবাৰে পেৰিছ অলিম্পিকত যুটীয়া ৰূপৰ পদকৰ বাবে কৰা আবেদন খাৰিজ হোৱাৰ দুদিন পিচত ভাৰতীয় মল্লযোদ্ধা বিনেশ ফোগাটে ছ'চিয়েল মিডিয়াত এক দীঘলীয়া পোষ্ট কৰে । এই পোষ্টত তেওঁৰ পূৰ্বৰ অৱসৰৰ ঘোষণাৰ ক্ষেত্ৰত এক ইউ-টাৰ্ণৰ ইংগিত প্ৰদান কৰে ।

উল্লেখ্য যে ভাৰতলৈ উভতি অহাৰ এদিন পূৰ্বে ভাৰতীয় কুস্তিবিদগৰাকীয়ে ছ'চিয়েল মিডিয়াত এটা দীঘলীয়া আৱেগিক পোষ্ট লিখিছিল । পোষ্টটোত তেওঁ লিখে, "সম্ভৱতঃ পৰিৱৰ্তিত পৰিস্থিতিত মই নিজকে ২০৩২ চনলৈকে খেলি থকাটো দেখিবলৈ সক্ষম হ'ম ।" উল্লেখ্য যে ২০২৪ চনৰ পেৰিছ অলিম্পিক আছিল বিনেশ ফোগাটৰ তৃতীয় গ্ৰীষ্মকালীন অলিম্পিক ।

এইবাৰ অলিম্পিকত স্বৰ্ণ পদকৰ যুঁজৰ দিনা পুৱা অতিৰিক্ত ওজনৰ বাবে বিনেশক 50 কিলোগ্ৰাম মহিলাৰ ফ্ৰীষ্টাইল কুস্তিৰ ফাইনেলত অযোগ্য ঘোষণা কৰা হয় । ইয়াৰ পিচতে তেওঁ মল্লযুদ্ধৰ পৰা অৱসৰৰ কথা ঘোষণা কৰে আৰু চি এ এছৰ ওচৰত যুটীয়া ৰূপৰ পদক বিচাৰি আবেদন কৰে । কিন্তু তেওঁ চি এ এছৰ পৰা কোনো সুফল লাভ নকৰিলে । কিয়নো এড-হক বিভাগে বিনেশ ফোগাটৰ আবেদন নাকচ কৰে ।

সময় আৰু ভাগ্য আমাৰ পক্ষত নাছিল

ইফালে নিশ্চিত পদকৰ পৰা বঞ্চিত হৈ হৃদয় ভাঙি চূড়মাৰ হোৱাৰ বিষয়ে উল্লেখ কৰি বিনেশ ফোগাটে কয়, "ক'বলৈ বহুত আছে, কিন্তু প্ৰকাশৰ বাবে পৰ্যাপ্ত শব্দ নাই । .... মই মাত্ৰ এয়াই ক'ব বিচাৰোঁ যে আমি হাৰ মানি নাছিলোঁ, আমাৰ প্ৰচেষ্টা বন্ধ হোৱা নাছিল আৰু আমি আত্মসমৰ্পণ কৰা নাছিলোঁ । কিন্তু ঘড়ীটোহে স্তব্ধ হৈ গৈছিল আৰু সময়খিনি উপযুক্ত নাছিল । মোৰ ভাগ্য তেনেকুৱাই আছিল ।" বিনেশে লিখিছে ।

২০৩২ চনলৈকে খেলা অব্যাহত ৰাখিব পাৰিলেহেঁতেন

"মোৰ দল, মোৰ সহ-ভাৰতীয় আৰু মোৰ পৰিয়ালৰ বাবে এনে অনুভৱ হয়; আমি যি লক্ষ্যৰ বাবে কাম কৰি আছিলোঁ আৰু আমি যি অপূৰ্ণ আশাক পূৰণ কৰাৰ পৰিকল্পনা কৰিছিলোঁ, কিবা এটা যেন চিৰদিনৰ বাবে হেৰাই গ'ল, আৰু বস্তুবোৰ এতিয়াৰ দৰে পুনৰ কেতিয়াও একে নহ'ব পাৰে ।"

"হয়তো ভিন্ন পৰিস্থিতিত মই নিজকে ২০৩২ চনলৈকে খেলি থকাটো প্ৰত্যক্ষ কৰিব পাৰোঁ । কিয়নো মোৰ মাজত অন্তৰ্নিহত যুঁজাৰু শক্তি আৰু মল্লযুদ্ধ সদায় থাকিব । মই এইটো ভৱিষ্যদ্বাণী কৰিব নোৱাৰো যে ভৱিষ্যতে মোৰ বাবে অপেক্ষা কৰি আছে । আনহাতে, পৰৱৰ্তী যাত্ৰাত মোৰ বাবে কিহে অপেক্ষা কৰি আছে সেয়াও অনুমান কৰিব নোৱাৰো । কিন্তু মই নিশ্চিত যে মই যি বিশ্বাস কৰোঁ তাৰ বাবে আৰু সঠিক বস্তুৰ বাবে মই সদায় যুঁজ অব্যাহত ৰাখিম ।" তেওঁ প্ৰকাশ কৰে ।

উল্লেখ্য যে নিজৰ অযোগ্যতাৰ পিচত তেওঁৰ হৃদয় ভাগি চূড়মাৰ হ'লেও কিন্তু বিনেশে তেওঁৰ এই অসাধাৰণ যাত্ৰাৰ অংশীদাৰ হোৱা সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছে । লগতে তেওঁৰ এই অতুলনীয় যুঁজাৰু মনোভাবৰ তেওঁৰ মাতৃৰ সৈতে যথেষ্ট সম্পৰ্ক আছে বুলিও উল্লেখ কৰে ।

লগতে পঢ়ক :অযোগ্য বিবেচিত হোৱাৰ পিচত মল্লযুঁজৰ পৰা অৱসৰ ঘোষণা বিনেশৰ: ছ’চিয়েল মিডিয়া কঁপাইছে বলীউড তাৰকাই - Celebs on Vinesh Phogat retirement
লগতে পঢ়ক :ওজন হ্ৰাসৰ সময়ত আছিল মৃত্যুৰ সম্ভাৱনা: বিনেশৰ প্ৰশিক্ষক ৱ’লাৰ আকোছ - COACH WOLLER AKOS ON VINESH PHOGAT

Last Updated : Aug 17, 2024, 6:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.