ETV Bharat / sports

ৰিং-প্ৰতিবাদত বিফল বিনেশৰ ভৰসাৰ থলী হৈ পৰিল হাত: বজৰং পুনিয়াৰ সৈতে আৰম্ভ নতুন ইনিংছ - VINESH AND PUNIA JOIN CONGRESS

author img

By ETV Bharat Sports Team

Published : Sep 6, 2024, 3:30 PM IST

Congress: আজি কংগ্ৰেছৰ বাবে এক বিশেষ দিন ৷ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত দলটোত যোগদান কৰিছে দুগৰাকী তাৰকা খেলুৱৈয়ে ৷ খেলুৱৈ দুগৰাকী আন কোনো নহয়, বৰং সকলোৰে পৰিচিত বিনেশ ফোগাট আৰু বজৰং পুনিয়া ৷ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ উপস্থিতিত মল্লযোদ্ধা দুগৰাকীয়ে কংগ্ৰেছত যোগদান কৰে ৷

VINESH AND PUNIA JOIN CONGRESS
মল্লিকাৰ্জুন খাৰ্গেৰ সৈতে বিনেশ ফোগাট আৰু বজৰং পুনিয়া (ANI Photo)

স্প’ৰ্টছ ডেস্ক, 6 ছেপ্টেম্বৰ: সকলো জল্পনা-কল্পনাৰ ওৰ পেলাই ভাৰতৰ দুগৰাকী ক্ৰীড়াবিদে ঢাপলি মেলিছে ৰাজনীতিলৈ ৷ বিগত কিছুদিনৰে পৰা সংবাদ মাধ্যমৰ চৰ্চাত থকা ক্ৰীড়াক্ষেত্ৰৰ এটি নাম হৈছে বিনেশ ফোগাট ৷ ফোগাটৰ সমানে সমানে উচ্চাৰিত হৈছে ভাৰতীয় মল্লযোদ্ধা বজৰং পুনিয়াৰ নাম ৷

হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ পূৰ্বে শুকুৰবাৰে অলিম্পিয়ান মল্লযোদ্ধা বিনেশ ফোগাট আৰু বজৰং পুনিয়াই ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে । বিগত 4 ছেপ্টেম্বৰত নতুন দিল্লীত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পিছত খেলুৱৈ দুগৰাকীয়ে শুকুৰবাৰে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে ৷

বিনেশ, বজৰঙৰ কংগ্ৰেছত যোগদান:

ভাৰতৰ তাৰকা মল্লযোদ্ধা বিনেশ ফোগাট আৰু বজৰং পুনিয়াই দলটোৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু সাধাৰণ সম্পাদক কে চি বেণুগোপালৰ উপস্থিতিত কংগ্ৰেছত যোগদান কৰে ।

মল্লিকাৰ্জুন খাৰ্গেক সাক্ষাৎ:

দলত যোগদানৰ পূৰ্বে শুকুৰবাৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেক সাক্ষাৎ কৰিছিল বিনেশ ফোগাট আৰু বজৰং পুনিয়াই ৷ এই সাক্ষাতৰ এখন ফটো খাৰ্গেই নিজৰ এক্স একাউণ্টত শ্বেয়াৰ কৰিছে ৷

ৰে’ল বিভাগৰ চাকৰিৰ পৰা পদত্যাগ

কংগ্ৰেছত যোগদান কৰাৰ কেইঘণ্টামান পূৰ্বে ফোগাটে নিজৰ এক্স একাউণ্টৰ জৰিয়তে ৰে’ল বিভাগৰ চাকৰিৰ পৰা পদত্যাগ কৰে ৷ এই পদত্যাগৰ এটা প্ৰতিলিপিও ফোগাটে শ্বেয়াৰ কৰিছিল সামাজিক মাধ্যমত ৷ য’ত উল্লেখ কৰা হৈছিল যে, ভাৰতীয় ৰে’ল বিভাগত সেৱা আগবঢ়োৱাতো তেওঁৰ জীৱনৰ এক স্মৰণীয় আৰু গৌৰৱৰ সময় আছিল ।

কোনখন আসনত টিকট লাভৰ সম্ভাৱনা

জল্পনা-কল্পনা অনুসৰি, বিনেশ ফোগাটক চাৰ্খি দাদৰীৰ পৰা টিকট প্ৰদানৰ সম্ভাৱনা আছে ৷ বিজেপিয়ে বিনেশৰ ভগ্নী ববিতা ফোগাটক এই আসনৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । খবৰ অনুসৰি, বজৰং পুনিয়াই বদলীৰ পৰা টিকট বিচাৰিছে, কিন্তু কংগ্ৰেছে তেওঁক এই আসনৰ পৰিৱৰ্তে জাট অধ্যুষিত আসনৰ পৰা নিৰ্বাচনী ক্ষেত্ৰত প্ৰাৰ্থিত্ব দিয়াৰ পৰিকল্পনা কৰিছে ।

বিশেষকৈ পেৰিছ অলিম্পিকৰ পৰা পদক অবিহনে ঘৰলৈ ওভতা ভাৰতীয় মহিলা মল্লযোদ্ধা বিনেশ ফোগাটে ৰাজনীতিত যোগদান কৰিব বুলি চৰ্চা অব্যাহত আছিল ৷ কিছুদিন পূৰ্বে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীকো সাক্ষাৎ কৰিছিল মল্লযোদ্ধাগৰাকীয়ে ৷ সেই সাক্ষাতৰ সময়ৰ এখন ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল কংগ্ৰেছে ৷

উক্ত ফটোখনে খেলুৱৈগৰাকী সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰাৰ এক ইংগিত বহন কৰিছিল ৷ পেৰিছৰ পৰা হাৰিয়ানাৰ দাদৰীস্থিত ঘৰত উপস্থিত হোৱাৰ পিছতো বিনেশৰ নিকটাত্মীয়ই খেলুৱৈগৰাকীয়ে ৰাজনীতিত যোগদান কৰাৰ খবৰ ৰাজহুৱা কৰিছিল ৷ পিছে তেতিয়ালৈকে খেলুৱৈগৰাকীৰ ফালৰ পৰা অহা নাছিল কোনো সেউজ সংকেত ৷

লগতে পঢ়ক: সক্ৰিয় ৰাজনীতিত প্ৰৱেশৰ দিশে বিনেশ ফোগাট: ভগ্নীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ পূৰ্ণ সম্ভাৱনা - VINESH PHOGAT CAN JOIN POLITICS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.