মৰাণ, 22 ছেপ্টেম্বৰ: দেওবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত হৈ যায় অসম অলিম্পিক সন্থাৰ সাধাৰণ নিৰ্বাচন । কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিনা প্ৰতিদ্বন্দ্বিতাৰে সভাপতিৰ পদত নিৰ্বাচিত হোৱাৰ বিপৰীতে পুনৰ সাধাৰণ সম্পাদকৰ পদত অধিষ্ঠিত হয় লক্ষ্য কোঁৱৰ । অসম চৰকাৰৰ যুৱ কল্যাণ বিভাগৰ সদস্য সচিব গীতাৰ্থদেৱ গোস্বামীক ওফৰাই সম্পাদক পদত নিৰ্বাচিত হয় কোঁৱৰ ৷
আনহাতে, জ্যেষ্ঠ উপ-সভাপতি পদৰ বাবে অনুষ্ঠিত নহ'ল নিৰ্বাচন । পৰৱৰ্তী কাৰ্যনিবাহক সভাত সৰ্বসন্মতিক্ৰমে জ্যেষ্ঠ উপ-সভাপতি পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।
দেওবাৰে ঘোষিত ফলাফল অনুসৰি অসম অলিম্পিক সন্থাৰ উপ-সভাপতি পদত বাণীপ্ৰদা দাস, মৃগাংক দেৱবৰ্মন, মুৰুলীধৰ চৌধুৰী, প্ৰশান্ত প্ৰতীম কাঠকটীয়া, ৰাজ কাকতি, ৰাজীৱ শৰ্মা, শিলাদিত্য দেৱ, সুবোধ মল্ল বৰুৱা, সুশান্ত বিশ্ব শৰ্মা আৰু কবি ৰঞ্জন ব্ৰহ্ম নিৰ্বাচিত হোৱাৰ বিপৰীতে কোষাধ্যক্ষ পদত নিৰ্বাচিত হয় অশোক কুমাৰ ভৰালী । সন্থাৰ যুটীয়া সম্পাদকৰ পদত বিজয়ী হৈছে হীৰেন গগৈ, নিৰঞ্জন শইকীয়া, ৰাতুল শৰ্মা, শান্তনু কলিতা, তপন দাস আৰু উজ্জ্বল বৰুৱা ।
অসম অলিম্পিক সন্থাৰ নিৰ্বাচনত 200 গৰাকী ভোটাৰৰ ভিতৰত 14 জনেহে ভোটদান কৰে । নিৰ্বাচনক লৈ ভোটাৰসকলৰ অভিযোগ উত্থাপন হোৱাৰ কথা উল্লেখ কৰি ৰিটাৰ্ণিং বিষয়াই ওজৰ-আপত্তিসমূহক নিষ্পত্তি কৰি নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা জানিবলৈ দিয়ে ৷
অসম অলিম্পিক সন্থাৰ সম্পাদক পদত জয়লাভ কৰাৰ পাছত এই নিৰ্বাচনত অংশগ্ৰহণ কৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰে লক্ষ্য কোঁৱৰে । "অসম অলিম্পিক সন্থাই এক সুন্দৰ ৰোডমেপ প্ৰস্তুত কৰি ৰাজ্যখনত ক্ৰীড়াৰ পৰিৱেশ উন্নত কৰিবলৈ চেষ্টা চলাব ৷ আমি অসম অলিম্পিক সন্থা এটা পৰিয়াল । প্ৰায় তিনিটা দশকৰ পাছত অসম অলিম্পিক সন্থাত নিৰ্বাচন অনুষ্ঠিত হৈছে । ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানক সঁহাৰি জনাই শনিবাৰে ৰাজ্যৰ সকলো বিধায়কে অসম অলিম্পিক সন্থাৰ নিৰ্বাচনৰ পৰা নিজৰ মনোনয়ন উঠাই লৈছে । আজি নিৰ্বাচন সুন্দৰভাৱে পৰিচালিত হৈছে । অসম অলিম্পিক সন্থাৰ উপ-সমিতিসমূহ সভাপতিয়ে পৰৱৰ্তী পৰ্যায়ত গঠন কৰিব" বুলি কোঁৱৰে সদৰী কৰে ।