ETV Bharat / sports

সংগীয়ে কিয় জ্বলাই হত্যা কৰিলে এইগৰাকী দৌৰবিদক ? - Athlete Rebecca Cheptegei

author img

By ETV Bharat Sports Team

Published : Sep 5, 2024, 9:35 PM IST

Athlete burn to death: ২০২৪ চনৰ পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰি থকা উগাণ্ডাৰ এথলীট ৰেবেকা চেপেটেগীৰ অকাল মৃত্য়ু । সংগীয়ে জ্বলাই দিলে খেলুৱৈগৰাকীক ৷ পঢ়ক সম্পূৰ্ণ খবৰ...

Athlete Burn to Death
সংগীয়ে কিয় জ্বলাই হত্যা কৰিলে এইগৰাকী দৌৰবিদক (AP)

স্প’ৰ্টছ ডেস্ক, 5 ছেপ্টেম্বৰ: উগাণ্ডাৰ মহিলা দৌৰবিদ ৰেবেকা চেপটেগেইক তেওঁৰ সংগীয়ে জীৱন্তে জ্বলাই হত্যা কৰে । উগাণ্ডাৰ মাৰাথন দৌৰবিদগৰাকীয়ে মাত্ৰ ৩৩ বছৰ বয়সতে অকাল মৃত্যুক আকোঁৱালি লয় । তেওঁ আচলতে কোনো পদক লাভ কৰা নাছিল যদিও যোৱা মাহত পেৰিছ অলিম্পিকত মাৰাথনত অংশগ্ৰহণ কৰিছিল ।

জ্বলি গৈছিল দেহৰ 80 শতাংশ

ৰেবেকাৰ মৃত্যুৰ খবৰ বৃহস্পতিবাৰে নিশ্চিত কৰে চিকিৎসকে । জানিব পৰা মতে, অলিম্পিয়ানগৰাকীৰ সংগীৰ আক্ৰমণৰ বাবেই তেওঁৰ শৰীৰৰ ৮০ শতাংশ জ্বলি গৈছে । শেহতীয়াকৈ পেৰিছত অনুষ্ঠিত অলিম্পিকত মহিলাৰ মাৰাথনত অংশগ্ৰহণ কৰি ৰেবেকাই ৪৪ নম্বৰ স্থান দখল কৰিছিল । আৰক্ষীৰ মতে, ভূমি বিবাদৰ বাবেই খেলুৱৈগৰাকীয়ে শোকাৱহভাৱে মৃত্যুক সাৱটিবলগীয়া হয় ৷ আৰক্ষীয়ে জনোৱা মতে, যোৱা সোমবাৰে ৰেবেকাৰ সংগী ডিক্সন নাদীমাই খেলুৱৈগৰাকীৰ ওপৰত গেছলিন ঢালি জ্বলাই দিছিল ।

ভূমি বিবাদৰ বাবে জীৱন্তে জ্বলালে খেলুৱৈক

এই ঘটনাত দুয়ো আহত হয় যদিও ৰেবেকাৰ মৃত্যু হয় । একে সময়তে তেওঁৰ সংগীয়ে আই চি ইউত মৃত্যুৰ সৈতে যুঁজি আছে । চিকিৎসালয় প্ৰশাসনে জনোৱা মতে, এণ্ডিমাৰ দেহৰ ৩০ শতাংশ জ্বলি গৈছে যদিও তেওঁ সুস্থ হৈ উঠিছে বুলি কোৱা হৈছে । খেলুৱৈগৰাকীৰ পৰিয়ালে জনোৱা মতে, ৰেবেকাই ট্ৰেইনিং চেণ্টাৰৰ ওচৰৰ ট্ৰেন্স ঞ্জোয়া অঞ্চলত মাটি ক্ৰয় কৰি তাত এটা ঘৰ সাজিছিল । সেই মাটিক লৈ তেওঁৰ সংগীৰ লগত বিবাদ হৈছিল, যাৰ পৰিণতি ভয়াৱহ হৈ পৰে । অৱশেষত মৃত্যুক সাৱটিবলগীয়া হ’ল ৰেবেকাই ৷

ৰেবেকাৰ পিতৃ-মাতৃয়ে দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে । ইফালে, উগাণ্ডা এথলেটিকছ ফেডাৰেচন আৰু দেশখনৰ অলিম্পিক কমিটীৰ সভাপতি ড’নাল্ড ৰাকাৰে এই কাণ্ডক ‘কাপুৰুষৰ আক্ৰমণ’ বুলি অভিহিত কৰিছে ।

লগতে পঢ়ক: জয়ছোৱাল-পন্ত-আয়াৰ বিফল: মুছিৰ খানৰ দৰ্শনীয় শতকৰে দুলীপ ট্ৰফীৰ খেল - DULEEP TROPHY 2024

পেৰা আৰ্চাৰীত এটা বিশেষ সোণ... প্ৰধানমন্ত্ৰীয়ে কাক অভিনন্দন জনাই লিখিলে এনেদৰে - PARIS PARALYMPICS 2024

অত্যাধিক ক্ৰিকেট খেলে হৃদযন্ত্ৰৰ প্ৰতি মাতিব পাৰে ভাবুকি ! - HEART PROBLEM IN INDIAN CRICKETER

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.