ETV Bharat / sports

টীম ইণ্ডিয়াৰ বিৰুদ্ধে খেলাটো সহজ নহয়: ট্ৰেভিছ হেড - TRAVIS HEAD ON TEAM INDIA

author img

By ETV Bharat Sports Team

Published : Sep 15, 2024, 5:11 PM IST

Travis Head on Team India: ভাৰতৰ বিৰুদ্ধে 5 খন টেষ্ট মেচৰ আগন্তুক ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ অ’পেনিং বেটছমেন ট্ৰেভিছ হেডে এক মন্তব্য প্ৰকাশ কৰি আচৰিত কৰি তুলিছে সকলোকে ৷ যি কথা জানি ভাৰতীয় অনুৰাগীসকল অতিশয় আনন্দিত হ'ব । পঢ়ক বিতং খবৰ...

TRAVIS HEAD ON TEAM INDIA
ট্ৰেভিছ হেড (ANI Photo)

স্প’ৰ্টছ ডেস্ক, 15 ছেপ্টেম্বৰ: অষ্ট্ৰেলিয়াৰ বাওঁহতীয়া বিস্ফোৰক অ’পেনিং বেটছমেন ট্ৰেভিছ হেডৰ বাবে কোনো দুঃস্বপ্নতকৈ কম নহয় টীম ইণ্ডিয়া ৷ এই বেটছমেনগৰাকীয়ে ভাৰতৰ বিৰুদ্ধে অতি দৰ্শনীয় প্ৰদৰ্শন দাঙি ধৰি কিছুমান স্মৰণীয় ইনিংছ খেলিছে ।

2023 চনত আই চি চি-ৰ দুখন মেচত দুৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰি কেংগাৰু বাহিনীক জয়ৰ সোৱাদ দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল হেডে ।

আই চি চি-ৰ দুখন ফাইনেলত ভাৰতৰ পৰাজয়ৰ কাৰণ

‘দ্য অ’ভেল’ত অনুষ্ঠিত হোৱা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পাছত ভাৰতত অনুষ্ঠিত এদিনীয়া বিশ্বকাপৰ ফাইনেলত 140 কোটি ভাৰতীয়ৰ হৃদয় ভাঙি পেলোৱাৰ মূলতে আছিল ট্ৰেভিছ হেড ৷ এই দুয়োখন মেচতে ক্ৰিকেটাৰগৰাকীয়ে শতক অৰ্জন কৰি ডাঙৰ মেচৰ খেলুৱৈ হিচাপে তেওঁৰ নাম অধিক শক্তিশালী কৰি তুলিছিল ।

ভাৰত প্ৰিয় প্ৰতিদ্বন্দ্বী নহয়: হেড

ভাৰতীয় ক্ৰিকেট দলৰ বিৰুদ্ধে অপৰিসীম সফলতা লাভ কৰাৰ পিছতো ক্ৰিকেটাৰগৰাকীয়ে স্বীকাৰ কৰিছে যে, ভাৰত তেওঁৰ "প্ৰিয়" প্ৰতিদ্বন্দ্বী নহয় । সংবাদ মাধ্যমৰ সৈতে হোৱা এক বিশেষ বাৰ্তালাপত অষ্ট্ৰেলিয়াৰ বেটছমেনগৰাকীয়ে ভাৰতৰ দৰে শক্তিশালী দলৰ বিৰুদ্ধে খেলাটো এক বৃহৎ প্ৰত্যাহ্বান বুলি প্ৰকাশ কৰে ।

টীম ইণ্ডিয়াৰ মুখামুখি হোৱাটো সহজ নহয়

30 বছৰীয়া খেলুৱৈগৰাকীয়ে স্বীকাৰ কৰিছে যে, ভাৰতৰ মুখামুখি হোৱাটো কেতিয়াও সহজ নহয় । হেডে কৈছে, "মই নাভাবো যে তেওঁলোক(টীম ইণ্ডিয়া) মোৰ প্ৰিয় । মই ভাবো আমি তেওঁলোকৰ সৈতে খেলো যদিও মই ভাবো যোৱা কেইবছৰমানৰ পৰা মই ভাল ফৰ্মত আছো । গতিকে নিশ্চয়কৈ ভাল খেলিলে সদায় ভাল লাগে"।

তেওঁ আৰু কয়, "মই ভাবো প্ৰতিযোগিতাখনৰ বাবে প্ৰস্তুতি চলোৱাটো কঠিন নহয় । ই অতি প্ৰতিযোগিতামূলক । মেচৰ বাবে সাজু হোৱাটো সহজ । গতিকে সেইবোৰ মোৰ প্ৰিয় বুলি নকওঁ । বৰ কঠিন, কিন্তু কিছুমান মেচত ভাল খেলিবলৈ ভাল আছিল আৰু মই ভাল প্ৰস্তুতি চলাই খেলিবলৈ সাজু হ’বলৈ আগ্ৰহী" ।

নৱেম্বৰৰ পৰা আৰম্ভ হ’ব ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী

ভাৰতে নৱেম্বৰৰ শেষৰফালে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰি অংশ ল’ব ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত । 5 খন মেচৰ টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্ট 22 নৱেম্বৰৰ পৰা পাৰ্থত আৰম্ভ হ’ব । 2018/19 আৰু 2020/21 চনত দুয়োবাৰৰ ভ্ৰমণতে 2-1 ব্যৱধানত জয়লাভ কৰি অষ্ট্ৰেলিয়াত শৃংখলা জয়ৰ হেট্ৰিক গঢ়ি তুলিবলৈ চেষ্টা কৰিব ভাৰতে ।

লগতে পঢ়ক:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.