ETV Bharat / sports

টীম ইণ্ডিয়াক অভিনন্দন প্ৰধানমন্ত্ৰী মোদীৰ, প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ক বিশেষ ধন্যবাদ - T 20 WORLD CUP 2024

author img

By ETV Bharat Assamese Team

Published : Jun 30, 2024, 4:43 PM IST

PM Narendra Modi Congratulate India : টী 20 বিশ্বকাপত টীম ইণ্ডিয়াৰ জয়ত আনন্দিত প্ৰধানমন্ত্ৰীয়ে প্ৰেৰণ কৰিলে শুভেচ্ছা বাৰ্তা ৷ দলটোৰ প্ৰতিগৰাকী সদস্যকে এই জয়ৰ বাবে শুভেচ্ছা জনোৱাৰ লগতে মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ক স্মৰণীয় এই কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে জ্ঞাপন কৰে বিশেষ ধন্যবাদ ৷ সবিশেষ চাওক এই প্ৰতিবেদনত ৷

T 20 WORLD CUP 2024
টীম ইণ্ডিয়াক অভিনন্দন প্ৰধানমন্ত্ৰী মোদীৰ (ANI)

স্প’ৰ্টছ ডেস্ক, 30 জুন: বাৰ্বাডোছৰ ব্ৰিজটাউনৰ কিংচটাউন অভেল ষ্টেডিয়ামত দক্ষিণ আফ্ৰিকাক সাত ৰাণত পৰাস্ত কৰি টী 20 বিশ্বকাপৰ চেম্পিয়নত পৰিণত হয় ভাৰতীয় ক্ৰিকেট দলটো ৷ যি ঐতিহাসিক ক্ষণৰ বাবে অপেক্ষা কৰি আছিল কোটি কোটি ভাৰতীয়ই ৷

ভাৰতীয় ক্ৰিকেট দলটোৰ এই সাফল্যত আনন্দিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিগৰাকীয়ে খেলুৱৈকে এই বিজয়ৰ বাবে জনায় শুভেচ্ছা ৷ ইতিমধ্যে প্ৰধানমন্ত্ৰী মোদীয়ে সামাজিক মাধ্যম এক্সৰ জৰিয়তে এই কথা শ্বেয়াৰ কৰিছে ৷

লগতে পঢ়ক: ১৭ বছৰৰ পাচত ICC T20 বিশ্বকাপৰ খিতাপ দখল ভাৰতৰ - T20 WORLD CUP 2024

প্ৰধানমন্ত্ৰীগৰাকীয়ে দলটোৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ক বিশেষ ধন্যবাদ জ্ঞাপন কৰে ৷ এই শৃংখলাৰ পিছতে দ্ৰাবিড়ৰ কাৰ্যকাল সমাপ্ত হ’ব ৷ কিন্তু মুখ্য প্ৰশিক্ষকগৰাকীৰ এই কাৰ্যকাল স্মৰণীয় কৰি তোলে ভাৰতীয় ক্ৰিকেট দলটোৱে ৷

লগতে পঢ়ক: T20 বিশ্বকাপৰ বিজয়ৰ খিতাপ মেন ইন ব্লুৰ শিৰত; ক্ৰিকেটাৰসকলক অভিনন্দন ৰাজনৈতিক নেতাৰ - T20 World Cup 2024

অধিনায়ক ৰোহিত শৰ্মাৰ আক্ৰমণাত্মক মানসিকতা, বেটিং আৰু অধিনায়কত্বক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে পৰৱৰ্তী সময়ত এই টী 20 বিশ্বকাপৰ সময়খিনি সকলোৱে আনন্দৰে সুঁৱৰিব বুলি কয় ৷ তদুপৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতীয় দলটোৰ অন্যতম শীৰ্ষ বেটছমেন বিৰাট কোহলীৰো উচ্চ প্ৰশংসা কৰে ৷

লগতে পঢ়ক: 7 ৰাণত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ৰোহিত বাহিনীয়ে ৰচিলে বিজয়ৰ ইতিহাস; প্লেয়াৰ অৱ দ্য মেচ কোহলী, প্লেয়াৰ অৱ দ্য টুৰ্ণামেন্ট বুমৰাহ - IND vs SA Final

যেতিয়াই দলটোৰ আটাইতকৈ বেছি প্ৰয়োজন, তেতিয়াই কোহলীয়ে উৎকৃষ্ট প্ৰদৰ্শন কৰি দলটোক বিপদৰ পৰা উদ্ধাৰ কৰি আহিছিল ৷ শনিবাৰৰ মেচখনতো কোহলীয়ে 59 টা বলত গুৰুত্বপূৰ্ণ 76 ৰাণ সংগ্ৰহ কৰে । এতিয়াৰে পৰা টী 20 ক্ৰিকেটে খেলুৱৈগৰাকীক হেৰুৱাব লাগিব বুলিও মোদীয়ে সামাজিক মাধ্যম এক্সৰ জৰিয়তে প্ৰকাশ কৰে ৷ লগতে বিৰাট কোহলী নৱপ্ৰজন্মৰ খেলুৱৈসকলৰ বাবে আদৰ্শ হৈ ৰ’ব বুলিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় ৷

লগতে পঢ়ক: টি-20 ৰ পৰা অৱসৰ ল’লে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে - T20 World Cup 2024

প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতীয় ক্ৰিকেটৰ সফলতাক গঢ় দিয়া এক স্মৰণীয় প্ৰশিক্ষণ কাৰ্যকালৰ বাবে বিদায়ী মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ক উচ্চ প্ৰশংসা কৰে । "ৰাহুল দ্ৰাবিড়ৰ এই প্ৰশিক্ষণ যাত্ৰাই ভাৰতীয় ক্ৰিকেটৰ সফলতাক গঢ় দিছে । দ্ৰাবিড়ৰ অটল নিষ্ঠা, কৌশলগত অন্তৰ্দৃষ্টি আৰু সঠিক প্ৰতিভাৰ প্ৰতিপালনে দলটোক পৰিৱৰ্তন কৰিছে । ভাৰতে তেওঁৰ অৱদানৰ বাবে আৰু নতুন প্ৰজন্মক দিয়া অনুপ্ৰেৰণাৰ বাবে তেওঁৰ ওচৰত কৃতজ্ঞ । দ্ৰাবিড়ৰ হাতত বিশ্বকাপ দেখি আমি সুখী । তেওঁক অভিনন্দন জনাই সুখী" বুলি প্ৰধানমন্ত্ৰী মোদীয়ে এক্সৰ জৰিয়তে সুখ প্ৰকাশ কৰে ৷

লগতে পঢ়ক: T20 বিশ্বকাপ ২০২৪ ত ভাৰতৰ জয়; অন্ত পৰিল মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ কেৰিয়াৰৰ যাত্ৰা - T20 world cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.