ETV Bharat / sports

এইখন জানো ক্ৰিকেট মেচ ! বেটিং বিপৰ্যয়ৰে 10 অভাৰত 10 ৰাণত অল আউট মংগোলিয়া - Lowest Totall In T20 History - LOWEST TOTALL IN T20 HISTORY

ICC Mens T20 World Qualifiers: আই চি চি পুৰুষৰ টি-20 বিশ্বকাপ এছিয়া কোৱালিফায়াৰ এ ৰ চতুৰ্দশ মেচত ছিংগাপুৰৰ বিৰুদ্ধে মংগোলিয়াৰ লজ্জাজনক পৰাজয় ৷ ভাৰতীয় বংশোদ্ভূত লেগ স্পিনাৰ হৰ্ষ ভৰদ্বাজে 3 ৰাণৰ বিনিময়ত দখল কৰে 6 টাকৈ উইকেট ৷

LOWEST TOTALL IN T20 HISTORY
টি-20 বিশ্বকাপ এছিয়া কোৱালিফায়াৰ (IANS PHOTO)
author img

By ETV Bharat Sports Team

Published : Sep 5, 2024, 4:50 PM IST

স্প’ৰ্টছ ডেস্ক, 5 ছেপ্টেম্বৰ: ক্ৰিকেটৰ খেলপথাৰসমূহ বহু উত্থান-পতনৰ সাক্ষী ৷ এই মঞ্চতে স্থাপন হয় বহু অভিলেখ, ভংগও হয় বহু অভিলেখ ৷ বহুসময়ত দৰ্শকে এনেধৰণৰ কিছুসংখ্যক মেচ উপভোগ কৰে, যিবোৰ বিশ্বাস কৰা কঠিন ৷

শেহতীয়াকৈ মালয়েছিয়াৰ বাংগিত অনুষ্ঠিত হৈছিল তেনে এখন আশ্চৰ্যকৰ মেচ ৷ আই চি চি টি-20 বিশ্বকাপ এছিয়া কোৱালিফায়াৰ এ ৰ চতুৰ্দশ মেচখন অনুষ্ঠিত হৈছিল মংগোলিয়া আৰু ছিংগাপুৰৰ মাজত ৷

এই মেচখনত মংগোলিয়াই প্ৰথমে বেটিং কৰি 10 অভাৰত মাত্ৰ 10 ৰাণ সংগ্ৰহ কৰি হেৰুৱাই আটাইকেইটা উইকেট । প্ৰত্যুত্তৰত ছিংগাপুৰে মাত্ৰ 5 টা বলতে নিৰ্ধাৰিত লক্ষ্যত উপনীত হৈ মেচখনত জয় লাভ কৰে ৷ অৱশ্যে ছিংগাপুৰেও হেৰুৱাইছিল এটা উইকেট ৷

মেচখনত ভাৰতীয় মূলৰ 17 বছৰীয়া বলাৰ হৰ্ষ ভৰদ্বাজে আধিপত্য বিস্তাৰ কৰি মাত্ৰ 3 ৰাণ ব্যয় কৰি দখল কৰে 6 টা উইকেট ৷ হৰ্ষ ভৰদ্বাজ এজন লেগ স্পিনাৰ, তথাপিও ছিংগাপুৰৰ অধিনায়ক মনপ্ৰীত সিঙে তেওঁক প্ৰথম অভাৰত বলিং কৰিবলৈ দিয়ে । পৰৱৰ্তী সময়ত অধিনায়কৰ সিদ্ধান্তক সঠিক প্ৰমাণিত কৰি হৰ্ষে বিধ্বংসী বলিঙেৰে মুঠ 4 অভাৰত দখল কৰে উইকেটকেইটা ৷

আমোদজনকভাৱে, পাৱাৰ প্লে’-ৰ পূৰ্বেই মংগোলিয়াই 7 ৰাণত হেৰুৱাইছিল 5 টা উইকেট ৷ যিকেইটা উইকেট দখল কৰিছিল হৰ্ষ ভৰদ্বাজে ৷ পৰৱৰ্তী তিনি ৰাণৰ ভিতৰত ষষ্ঠটো উইকেট দখল কৰে বলাৰগৰাকীয়ে ৷

মংগোলিয়াৰ লজ্জাজনক বেটিং

মংগোলিয়াৰ কোনো এজন বেটছমেনে স্পৰ্শ কৰিব নোৱাৰিলে দহকৰ ঘৰ ৷ দলৰ পাঁচজন বেটছমেনে শূন্য়তে পেভিলিয়নমুখী হয় ৷ এই মেচখনত দলটোৰ সৰ্বাধিক ব্যক্তিগত স্ক’ৰ আছিল 2 ৰাণ । যাৰ বাবে দলটোৱে মাত্ৰ 10 ৰাণতে হেৰুৱাইছিল আটাইকেইটা উইকেট ৷ এই স্ক’ৰৰ লগে লগে টি-20 ৰ ৰাণ সংগ্ৰহৰ ক্ষেত্ৰত সৰ্বনিম্ন স্থানত অৱস্থান কৰিছে মংগোলিয়াই ৷

কোনো মেচত 10 অভাৰত মাত্ৰ 10 ৰাণ সংগ্ৰহ কৰা প্ৰথমটো দলত পৰিণত হৈছে মংগোলিয়া । ইয়াৰ পূৰ্বে আইল অৱ মেন দলটোও 8.4 অভাৰত মাত্ৰ 10 ৰাণতে অল আউট হৈছিল । অৱশ্যে, যিকোনো টি-20 আন্তঃৰাষ্ট্ৰীয় মেচত সৰ্বনিম্ন ৰাণ ৰেটৰ অভিলেখো স্থাপন হৈছে মংগোলিয়াৰ নামত । দলটোৰ বেটিং বিপৰ্যয় এইবাৰেই হোৱা নাই, বৰং চলিত বছৰতে দলটোৱে জাপানৰ বিৰুদ্ধে 12 ৰাণতে হেৰুৱাইছিল আটাইকেইটা উইকেট ৷

লগতে পঢ়ক: সৰ্বাধিক কৰদাতা তাৰকাৰ তালিকাত বিৰাট কোহলী, এম এছ ধোনী: শীৰ্ষ 20 ৰ বাহিৰত ৰোহিত শৰ্মা - MOST TAX PAYER CRICKETER

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.