ETV Bharat / sports

কোন ৮ বেটাৰে টী-20 বিশ্বকাপত অৰ্জন কৰিছে দ্ৰুত অৰ্ধশতৰাণৰ কৃতিত্ব - FASTEST 50 IN T20 WORLD CUP

author img

By ETV Bharat Assamese Team

Published : May 31, 2024, 5:03 PM IST

Fastest 50 in T20 World Cup: টী-20 বিশ্বকাপত কোন বেটাৰে কম বলতেই অৰ্জন কৰিছে অৰ্ধশতৰাণ । টী-20 বিশ্বকাপৰ দ্ৰুত অৰ্ধশতৰাণকাৰীৰ তালিকা সন্দৰ্ভত প্ৰস্তুত এই প্ৰতিবেদন ।

T20 World Cup 2024
টী-20 বিশ্বকাপ (IANS PHOTOS)

স্প’ৰ্টছ ডেস্ক, 31 মে’: ২ জুনৰ পৰা আৰম্ভ হ'ব টী-20 বিশ্বকাপৰ নৱম সংস্কৰণ । টেক্সাছৰ গ্ৰেণ্ড প্ৰেৰী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ক্ৰিকেটৰ এই মহাৰণ ৷ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৱেষ্ট ইণ্ডিজে যুটীয়াভাৱে আয়োজন কৰিছে এই টী 20 বিশ্বকাপ । ইতিমধ্য়ে প্ৰতিটো অংশগ্ৰহণকাৰী দলেই উপস্থিত হৈছে এই মহাৰণৰ বাবে । এই বিশ্বকাপত সূৰ্যকুমাৰ যাদৱ, নিকোলাছ পুৰাণ, গ্লেন মেক্সৱেল, হেনৰিক ক্লাছেন, ফিল ছল্টৰ দৰে কেইবাগৰাকী আক্ৰমণাত্মক বেটছমেনৰ খেল উপভোগৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে কোটি কোটি ক্ৰিকেট অনুৰাগী । এই প্ৰতিবেদনত কোন খেলুৱৈয়ে বিশ্বকাপৰ ইতিহাসত দ্ৰুততম অৰ্ধশতক অৰ্জন কৰিছে সেই বিষয়ে উল্লেখ কৰা হৈছে ।

যুৱৰাজ সিংঃ টীম ইণ্ডিয়াৰ প্ৰাক্তন বাওঁহতীয়া বেটছমেন যুৱৰাজ সিঙে টি-২০ বিশ্বকাপৰ ইতিহাসত দ্ৰুততম অৰ্ধশতক অৰ্জন কৰিবলৈ সক্ষম হৈছে । তেওঁ ২০০৭ৰ বিশ্বকাপত দক্ষিণ আফ্ৰিকাৰ ডাৰবানত ইংলেণ্ডৰ বিৰুদ্ধে ১২ টা বলত ৫০ ৰাণ সংগ্ৰহ কৰিছিল। এই খেলখনত তেওঁ ষ্টুৱাৰ্ট ব্ৰ'ডৰ এটা অ'ভাৰত ৬ টা বলত ৬ টা ছয় কোবাইছিল ।

মাৰ্কাছ ষ্টইনিছ আৰু ষ্টিফেন মাইবাৰ্গঃ টি-২০ বিশ্বকাপত দ্ৰুততম অৰ্ধশতক অৰ্জন কৰা বেটছমেনসকলৰ ভিতৰত অষ্ট্ৰেলিয়াৰ মাৰ্কাছ ষ্টইনিছ আৰু নেডাৰলেণ্ডৰ ষ্টিফেন মাইবাৰ্গ যুটীয়াভাৱে দ্বিতীয় স্থানত আছে । ষ্টইনিছে ২০২২ৰ বিশ্বকাপত শ্ৰীলংকাৰ বিৰুদ্ধে ১৭ বলত অৰ্জন কৰিছিল অৰ্ধশতকৰ এই কৃতিত্ব । আনহাতে,মাইবাৰ্গে ২০১৪ৰ বিশ্বকাপত আয়াৰলেণ্ডৰ বিৰুদ্ধে ১৭ টা বলত অৰ্ধশতক অৰ্জন কৰিছিল ।

গ্লেন মেক্সৱেল, কে এল ৰাহুল আৰু ছোৱেব মালিকঃ টি-২০ বিশ্বকাপৰ ইতিহাসত দ্ৰুততম অৰ্ধশতক অৰ্জন কৰা বেটছমেনসকলৰ ভিতৰত অষ্ট্ৰেলিয়াৰ গ্লেন মেক্সৱেল, ভাৰতৰ কে এল ৰাহুল আৰু পাকিস্তানৰ ছোৱেব মালিক আছে তৃতীয় স্থানত । অষ্ট্ৰেলিয়াৰ বেটাৰ মেক্সৱেলে ২০২১ত পাকিস্তানৰ বিৰুদ্ধে ১৮ টা বলত অৰ্ধশতৰাণ কৰিছিল । তদুপৰি ২০২১ত স্কটলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ হৈ কে এল ৰাহুল আৰু ২০২১ত পাকিস্তানৰ হৈ স্কটলেণ্ডৰ বিৰুদ্ধে ছোৱেব মালিকে অৰ্ধশতক অৰ্জন কৰিছে ।

মহম্মদ আশ্ৰাফুল, যুৱৰাজ সিং আৰু শ্বাদাব খানঃ বাংলাদেশৰ মহম্মদ আশ্ৰাফুল, ভাৰতৰ যুৱৰাজ সিং আৰু পাকিস্তানৰ শ্বাদাব খান টি-২০ বিশ্বকাপৰ ইতিহাসত অৰ্ধশতক অৰ্জন কৰা দ্ৰুততম বেটছমেনৰ ভিতৰত যুটীয়াভাৱে চতুৰ্থ স্থানত আছে । ২০ টা বলত আশ্ৰাফুলে ২০০৭ত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে, ২০০৭ ত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে যুৱৰাজ আৰু ২০২২ত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৰ্ধশতৰাণ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক:টী-20 বিশ্বকাপ : 2007-22 লৈ জানিবলগীয়া সকলো তথ্য - T20 WORLD CUP

ভাৰতৰ জাৰ্চি পিন্ধাৰ অনুভৱটো বেলেগ; ভাৰতীয় দললৈ ঘূৰি অহা ঋষভ পণ্টে ক’লে - Rishabh Pant Return To Indian Team

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.