ETV Bharat / sports

ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ দক্ষিণ আফ্ৰিকাৰ - T20 World Cup 2024

author img

By ETV Bharat Sports Team

Published : Jun 24, 2024, 12:26 PM IST

T20 World Cup 2024 : চলিত টি-২০ বিশ্বকাপৰ গুৰুত্বপূৰ্ণ খেলত ৱেষ্ট ইণ্ডিজক দক্ষিণ আফ্ৰিকাই ৩ উইকেটত পৰাস্ত কৰে । তাব্ৰাইজ ছামচিয়ে দক্ষিণ আফ্ৰিকাৰ হৈ সৰ্বাধিক উইকেট দখল কৰে । ইয়াৰ লগে লগে দক্ষিণ আফ্ৰিকা ছেমি ফাইনেলত প্ৰৱেশ কৰে ।

T20 World Cup 2024
ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি দক্ষিণ আফ্ৰিকাৰ ছেমি ফাইনেলত প্ৰৱেশ (IANS PHOTO)

স্পৰ্টছ ডেস্ক, ২৪ জুন : টি-২০ বিশ্বকাপ ২০২৪ৰ ৫০ সংখ্যক খেলখন দক্ষিণ আফ্ৰিকা আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হয় । দুয়োটা দলৰ মাজত খেলা খেলখন একপ্ৰকাৰ কোৱাৰ্টাৰ ফাইনেলৰ দৰেই আছিল । যিটো দলে এই খেলখনত জয়ী হ'ব সেইটো দলে ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব । বৰষুণৰ দ্বাৰা প্ৰভাৱিত খেলখনত দক্ষিণ আফ্ৰিকাই ৱেষ্ট ইণ্ডিজক ৩ উইকেটত পৰাস্ত কৰে ।

প্ৰথমে বেটিং কৰি ২০ অভাৰত ৱেষ্ট ইণ্ডিজে ব'ৰ্ডত ৮ টা উইকেট হেৰুৱাই ১৩৫ ৰাণ সংগ্ৰহ কৰে । ৱেষ্ট ইণ্ডিজৰ হৈ ৰ'ষ্টন চেজে অৰ্ধশতক অৰ্জন কৰে । তেওঁ ২ টা ছিক্সাৰ আৰু ৩ টা চাৰিৰ সহায়ত ৪২ টা বলত সৰ্বাধিক ৫২ ৰাণ সংগ্ৰহ কৰে ৷

তাৰ পিচত কাইল মেয়াৰ্ছে ৩৪ টা বলত ৩৫ ৰাণ সংগ্ৰহ কৰে । এই দুজন বেটছমেনৰ বাহিৰে কোনো কেৰিবিয়ান বেটছমেনে বিশেষ অৱদান আগবঢ়াব নোৱাৰিলে । অধিনায়ক ৰোবমেন পাৱেল আৰু নিকোলাছ পুৰাণে ১ ৰাণ কৈ কৰে, ছাই হোপ আৰু শ্বেৰফানে ৰাডাৰফৰ্ড ০ আৰু আন্দ্ৰে ৰাছেল ১৫ ৰাণত আউট হয় ।

তাব্ৰাইজ ছামচিয়ে দক্ষিণ আফ্ৰিকাৰ হৈ সৰ্বাধিক উইকেট দখল কৰে । ছামচিয়ে ৪ অভাৰত ২৭ ৰাণ দি ৩ টা উইকেট দখল কৰে । একে সময়তে মাৰ্কো জানচেন, এডেন মাৰ্ক্ৰম, কেশৱ মহাৰাজ আৰু কাগিচো ৰাবাডাই এটাকৈ উইকেট দখল কৰে ।

ৱেষ্ট ইণ্ডিজৰ ১৩৫ ৰাণৰ লক্ষ্য আগত ৰাখি দক্ষিণ আফ্ৰিকাই বেটিঙৰ বাবে ওলাই আহে । কিন্তু ১২ ৰাণৰ স্ক'ৰতে দলটোৱে প্ৰথম আঘাত পায় । দ্বিতীয় অভাৰতে ৰাছেলে ৰিজা হেনৰিকৰ উইকেট দখল কৰে । তাৰ পিচত আফ্ৰিকাই ২ অভাৰত ১৫ ৰাণ সংগ্ৰহ কৰে । অৱশ্যে বৰষুণে খেলখনত ব্যাঘাত জন্মাই আৰু খেল বন্ধ কৰিব লগা হয় ।

যেতিয়া খেলখন পুনৰ আৰম্ভ হয় ৩ অভাৰ আৰু ৰাণ হ্ৰাস কৰা হয় । এতিয়া দক্ষিণ আফ্ৰিকাক ৯০ টা বলত ১০৮ ৰাণৰ প্ৰয়োজন আছিল । দক্ষিণ আফ্ৰিকাই এই লক্ষ্যৰ পিচত গৈ ৬ টা উইকেট হেৰুৱাইছিল । একেৰাহে উইকেট হেৰুওৱাৰ বাবে ৱেষ্ট ইণ্ডিজে এটা সময়ত শক্তিশালী স্থিতিলৈ আহিছিল আৰু ৭ টা উইকেট পতনৰ পিচত আফ্ৰিকাক ১ অভাৰত ৫ ৰাণৰ প্ৰয়োজন হৈছিল ।

দক্ষিণ আফ্ৰিকাৰ হৈ ট্ৰিষ্টান ষ্টবছে ২৭ টা বলত সৰ্বাধিক ২৯ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ উপৰিও হেনৰিখ ক্লাছেনে ১০ টা বলত ২২ আৰু এডেন মাৰ্ক্ৰামে ১৫ টা বলত ১৮ ৰাণ, ডেভিদ মিলাৰে ৪, মাৰ্কো জানচেনে অপৰাজিত ২১ ৰাণ সংগ্ৰহ কৰে ।

লগতে পঢ়ক :বিশ্বকাপ ২০২৪ৰ ছেমি ফাইনেলত স্থান দখল ইংলেণ্ডৰ; USA ক ১০ উইকেটত পৰাস্ত - T20 World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.